--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত বেছিভাগ মানুহৰে জীৱনশৈলী ব্যস্ততাপূৰ্ণ হৈ পৰিছে। বহু সময়ত খাদ্য ৰন্ধা পিছত মানুহে গৰমে গৰমে খাব নোৱাৰে আৰু ফ্ৰীজত থৈ দিয়ে। ঘূৰি অহাৰ পিছত আমি খাদ্যখিনি গৰম কৰি খাওঁ। আপুনিও নিশ্চয় বহুবাৰ এই কামটো কৰিছে। কিছুমান মানুহে বাকী থকা খাদ্য পুনৰ গৰম কৰি খায়। এই কাম কৰাটো আমাৰ সকলোৰে বাবে স্বাভাৱিক যেন লাগে, কিন্তু এই অভ্যাস স্বাস্থ্যৰ বাবে একেবাৰেই ভাল নহয়।

কিছুমান খাদ্য আছে যিবোৰ পুনৰ গৰম কৰিলে পুষ্টিকৰ উপাদান হেৰুৱাই পেলায়। এইবোৰ খালে উপকাৰৰ পৰিৱৰ্তে ক্ষতি হয়। যদি আপুনিও এই কাম কৰে, তেন্তে ইয়াৰ লগত জড়িত আচৰিত কথাবোৰ জানি লওক। পুনৰ গৰম কৰাৰ পিছত কি কি ৫ টা খাদ্য খাব নালাগে জানো আহক।

১) আলুঃ  আলুত ষ্টাৰচ থাকে, যিটো পুনৰ গৰম হ’লে ভাঙি যায় আৰু বিষাক্ত পদাৰ্থ উৎপন্ন কৰিব পাৰে। এই বিষাক্ত পদাৰ্থই পেটৰ বিষ, বমি আৰু ওকালিৰ সৃষ্টি কৰিব পাৰে।

২) কণীঃ কণীত প্ৰটিন থাকে, যিয়ে পুনৰ গৰম কৰিলে ক্ষতিকাৰক বেক্টেৰিয়া উৎপন্ন কৰিব পাৰে। এই বেক্টেৰিয়াই খাদ্য বিষক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে, যাৰ লক্ষণসমূহ হ’ল- ডায়েৰিয়া, পেটৰ বিষ আৰু জ্বৰ।

৩) পালেং শাকঃ পালেঙৰ পৰা তৈয়াৰী বস্তু পুনৰ গৰম কৰাৰ পিছত খাব নালাগে কাৰণ পালেঙত নাইট্ৰেট থাকে, যিটো পুনৰ গৰম কৰিলে নাইট্ৰ’ছামাইনলৈ ৰূপান্তৰিত হয়। নাইট্ৰ’ছামাইন এবিধ কাৰ্চিনোজেন। পালেঙত নাইট্ৰেটৰ পৰিমাণ সাধাৰণতে কম হয় যদিও পুনৰ গৰম কৰিলে ই নাইট্ৰ’ছামাইনলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা অধিক হয়। অত্যধিক পৰিমাণে নাইট্ৰ’ছামাইন সেৱন কৰিলে পেট, হাওঁফাওঁ আৰু স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

৪) কুকুৰা মাংসঃ কুকুৰা মাংস পুনৰ গৰম কৰিলে ইয়াৰ প্ৰটিন ভাঙি বেলেগ ৰূপ লয়, যিটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। বহু ক্ষেত্ৰত কুকুৰা ৰন্ধাৰ পিছতো ক্ষতিকাৰক বেক্টেৰিয়া থাকে। সিজোৱা কুকুৰা মাইক্ৰৱেভত ৰাখিলে গোটেই মাংসত বেক্টেৰিয়া বিয়পিব পাৰে।

৫) ভাতঃ ভাত সমগ্ৰ বিশ্বৰ অন্যতম জনপ্ৰিয় খাদ্য। ইয়াক পুনৰ গৰম কৰি খোৱা উচিত নহয়। বহু ঘৰত দুপৰীয়া আৰু ৰাতিৰ আহাৰত একে সময়তে ভাত ৰান্ধি লোৱা হয়। খাদ্য সুৰক্ষা সংস্থাৰ তথ্য অনুসৰি ঠাণ্ডা ভাত পুনৰ গৰম কৰিলে খাদ্য বিষক্ৰিয়া হ’ব পাৰে। তাত বেক্টেৰিয়া হ’ব পাৰে। যাৰ বাবে সাৱধানতা অৱলম্বন কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু