--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত বেছিভাগ মানুহৰে জীৱনশৈলী ব্যস্ততাপূৰ্ণ হৈ পৰিছে। বহু সময়ত খাদ্য ৰন্ধা পিছত মানুহে গৰমে গৰমে খাব নোৱাৰে আৰু ফ্ৰীজত থৈ দিয়ে। ঘূৰি অহাৰ পিছত আমি খাদ্যখিনি গৰম কৰি খাওঁ। আপুনিও নিশ্চয় বহুবাৰ এই কামটো কৰিছে। কিছুমান মানুহে বাকী থকা খাদ্য পুনৰ গৰম কৰি খায়। এই কাম কৰাটো আমাৰ সকলোৰে বাবে স্বাভাৱিক যেন লাগে, কিন্তু এই অভ্যাস স্বাস্থ্যৰ বাবে একেবাৰেই ভাল নহয়।

কিছুমান খাদ্য আছে যিবোৰ পুনৰ গৰম কৰিলে পুষ্টিকৰ উপাদান হেৰুৱাই পেলায়। এইবোৰ খালে উপকাৰৰ পৰিৱৰ্তে ক্ষতি হয়। যদি আপুনিও এই কাম কৰে, তেন্তে ইয়াৰ লগত জড়িত আচৰিত কথাবোৰ জানি লওক। পুনৰ গৰম কৰাৰ পিছত কি কি ৫ টা খাদ্য খাব নালাগে জানো আহক।

১) আলুঃ  আলুত ষ্টাৰচ থাকে, যিটো পুনৰ গৰম হ’লে ভাঙি যায় আৰু বিষাক্ত পদাৰ্থ উৎপন্ন কৰিব পাৰে। এই বিষাক্ত পদাৰ্থই পেটৰ বিষ, বমি আৰু ওকালিৰ সৃষ্টি কৰিব পাৰে।

২) কণীঃ কণীত প্ৰটিন থাকে, যিয়ে পুনৰ গৰম কৰিলে ক্ষতিকাৰক বেক্টেৰিয়া উৎপন্ন কৰিব পাৰে। এই বেক্টেৰিয়াই খাদ্য বিষক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে, যাৰ লক্ষণসমূহ হ’ল- ডায়েৰিয়া, পেটৰ বিষ আৰু জ্বৰ।

৩) পালেং শাকঃ পালেঙৰ পৰা তৈয়াৰী বস্তু পুনৰ গৰম কৰাৰ পিছত খাব নালাগে কাৰণ পালেঙত নাইট্ৰেট থাকে, যিটো পুনৰ গৰম কৰিলে নাইট্ৰ’ছামাইনলৈ ৰূপান্তৰিত হয়। নাইট্ৰ’ছামাইন এবিধ কাৰ্চিনোজেন। পালেঙত নাইট্ৰেটৰ পৰিমাণ সাধাৰণতে কম হয় যদিও পুনৰ গৰম কৰিলে ই নাইট্ৰ’ছামাইনলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা অধিক হয়। অত্যধিক পৰিমাণে নাইট্ৰ’ছামাইন সেৱন কৰিলে পেট, হাওঁফাওঁ আৰু স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

৪) কুকুৰা মাংসঃ কুকুৰা মাংস পুনৰ গৰম কৰিলে ইয়াৰ প্ৰটিন ভাঙি বেলেগ ৰূপ লয়, যিটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। বহু ক্ষেত্ৰত কুকুৰা ৰন্ধাৰ পিছতো ক্ষতিকাৰক বেক্টেৰিয়া থাকে। সিজোৱা কুকুৰা মাইক্ৰৱেভত ৰাখিলে গোটেই মাংসত বেক্টেৰিয়া বিয়পিব পাৰে।

৫) ভাতঃ ভাত সমগ্ৰ বিশ্বৰ অন্যতম জনপ্ৰিয় খাদ্য। ইয়াক পুনৰ গৰম কৰি খোৱা উচিত নহয়। বহু ঘৰত দুপৰীয়া আৰু ৰাতিৰ আহাৰত একে সময়তে ভাত ৰান্ধি লোৱা হয়। খাদ্য সুৰক্ষা সংস্থাৰ তথ্য অনুসৰি ঠাণ্ডা ভাত পুনৰ গৰম কৰিলে খাদ্য বিষক্ৰিয়া হ’ব পাৰে। তাত বেক্টেৰিয়া হ’ব পাৰে। যাৰ বাবে সাৱধানতা অৱলম্বন কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ