--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমাৰ অসমীয়া সমাজৰ এক পৰিচিত খাদ্য শুকলতি শাক। বিশেষকৈ গ্ৰাম্য অঞ্চলৰ লোকসকলৰ প্ৰিয় ইয়াৰ আঞ্জা। গ্রামাঞ্চলত ঘৰে ঘৰে শুকলতিৰ গছ দেখা পোৱা যায়। 

শুকলতিৰ পাতেৰে মাছৰ আঞ্জা বনালে অধিক সোৱাদ হয় আৰু তৃপ্তিৰে ভাত এসাঁজ খাব পাৰি।ইয়াৰ বাহিৰেও শুকলতি পাত ভাজি, পাতত দি, কেঁচা ৰসো খাব পাৰি। ব’হাগ বিহুৰ ১০১বিধ শাক খোৱাৰ পৰম্পৰাত শুকলতি পাতো এবিধ। ইয়াৰ উপৰি ব’হাগ বিহুত গৰু জাক দিয়াত শুকলতি পাত ব্যৱহাৰ কৰা হয়।

শুকলতি পাতৰ উপকাৰিতা :-

- মূৰৰ বিষত, মাইগ্ৰেইন বেমাৰত শুকলতি পাতৰ আঞ্জা অতিকৈ উপকাৰী।

- কেঁচা নহৰুৰ সৈতে শুকলতিৰ পাতৰ ৰস খালে গাঁঠিৰ বিষ, হাড় মজবুত হয়।

- শুকলতিৰ পাত হৃদৰোগ আৰু কিডনী ৰোগীৰ বাবে অতি উপকাৰী।

-শুকলতিৰ পাত পুষ্টিকৰ, ছাল সুন্দৰ, দৃষ্টিশক্তি বৃদ্ধি আৰু স্নায়ু সবল কৰে|

- শুকলতিৰ পাতৰ ৰস গ্ৰহনী ৰোগৰ বা পেটৰ যি কোনো ৰোগৰ বাবে বৰ উপকাৰী।

- শুকলতিৰ পাতে কোষ্ঠকাঠিন্য দূৰ কৰে৷

- মহিলাই প্ৰসৱৰ পাছত শুকলতিৰ পাতৰ আঞ্জা বা পাত গ্রহণ কৰিলে, দেহত শক্তি, পেটৰ বিষ আৰু ঘাঁ সোনকালে শুকায়৷

- শুকলতিৰ পাতে দাঁত ফুলা, বদহজম, পেট ফুলা, পেটত ঘাঁ হোৱা, ডায়েৰীয়া, বমি হোৱা, হৃদৰোগৰ বাবে উপকাৰী।

- ডায়েৰীয়া, পেটচলা বেমাৰত ইয়াৰ পাতৰ ৰস দুই চামুচ নিয়মিত দিনে দুবাৰকৈ খাব লাগে। 

- শুকলতিৰ শিপাৰ ৰসেৰে বাত বেমাৰত মালিচ কৰিলে ভাল হয়।

- হাত-ভৰি ফুলিলে শুকলতিৰ পাতে বিষ কমোৱাত সহায় কৰে।

- শুকলতিৰ পাতেৰে মানসিক চাপ, দু:চিন্তা, দুৰ্ভাবনা কিছু সময়ৰ বাবে হ’লেও দূৰ কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ