--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০২৩ চনৰ জানুৱাৰী মাহত আমেৰিকাৰ শ্বেয়াৰ বিশ্লেষক কোম্পানী হিণ্ডেনবাৰ্গ ৰিছাৰ্চ ভাৰতীয় সংবাদ মাধ্যমৰ শিৰোনাম হৈ পৰে। ইয়াৰ কাৰণ আছিল দেশৰ অন্যতম বৃহৎ উদ্যোগপতি গৌতম আদানীৰ আদানী গ্ৰুপে কিছুমান নিয়ম ভংগ কৰাৰ অভিযোগ। ইয়াৰ উপৰিও আদানী গ্ৰুপৰ শ্বেয়াৰৰ মূল্য বৃদ্ধিৰ ক্ষেত্ৰতো অনিয়মৰ অভিযোগ উত্থাপন হয়। ইয়াৰ পিছত আদানী গ্ৰুপৰ সকলো কোম্পানীৰে শ্বেয়াৰৰ ব্যাপক অৱনতি ঘটে যদিও ছেবিৰ তদন্ত প্ৰায় এবছৰ ধৰি চলি থাকে ৷ যদিও যোৱা কেইমাহমানৰ পৰা আদানীৰ ব্যৱসায়ত উত্থান ঘটে। কিন্তু আকৌ এবাৰ হিণ্ডেনবাৰ্গে নতুন প্ৰতিবেদনৰ জৰিয়তে আদানী গ্ৰুপক লক্ষ্য কৰি লৈছে। অৱশ্যে প্ৰতিবাৰৰ দৰে এইবাৰো এই অভিযোগসমূহ সম্পূৰ্ণৰূপে নাকচ কৰিছে আদানী গ্ৰুপে


উল্লেখ্য যে এক্সৰ এটা পোষ্টত আমেৰিকাৰ শ্বেয়াৰ বিশ্লেষক কোম্পানী হিণ্ডেনবাৰ্গ ৰিছাৰ্চে ছুইচ মিডিয়া আউটলেট গোথাম চিটিৰ এক বাতৰি প্ৰতিবেদনৰ উদ্ধৃতি দি অভিযোগ কৰে যে ছুইচ কৰ্তৃপক্ষই আদানি গ্ৰুপৰ তদন্তৰ অংশ হিচাপে একাধিক ছুইচ বেংক একাউণ্টত ৩১০ নিযুত আমেৰিকান ডলাৰৰ অধিক পুঁজি ফ্ৰীজ কৰিছে ।

এই সন্দৰ্ভত এক বিবৃতিত আদানি গ্ৰুপে কয় যে ‘‘উত্থাপিত ভিত্তিহীন অভিযোগবোৰ আমি স্পষ্টভাৱে নাকচ আৰু অস্বীকাৰ কৰিছোঁ । আদানি গ্ৰুপ ছুইচ আদালতৰ লগত কোনো প্ৰক্ৰিয়াত জড়িত নাই বা আমাৰ কোম্পানীৰ কোনো একাউণ্ট কোনো কৰ্তৃপক্ষই ফ্ৰীজ কৰা নাই । তদুপৰি, অভিযোগ অনুসৰি ছুইচ আদালতে আমাৰ গ্ৰুপৰ কোম্পানীবোৰৰ কথা উল্লেখ কৰা নাই বা আমি এনে কোনো কৰ্তৃপক্ষ বা নিয়ামক সংস্থাৰ পৰা স্পষ্টীকৰণ বা তথ্যৰ বাবে কোনো অনুৰোধ লাভ কৰা নাই ।’’



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ