--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০২৩ চনৰ জানুৱাৰী মাহত আমেৰিকাৰ শ্বেয়াৰ বিশ্লেষক কোম্পানী হিণ্ডেনবাৰ্গ ৰিছাৰ্চ ভাৰতীয় সংবাদ মাধ্যমৰ শিৰোনাম হৈ পৰে। ইয়াৰ কাৰণ আছিল দেশৰ অন্যতম বৃহৎ উদ্যোগপতি গৌতম আদানীৰ আদানী গ্ৰুপে কিছুমান নিয়ম ভংগ কৰাৰ অভিযোগ। ইয়াৰ উপৰিও আদানী গ্ৰুপৰ শ্বেয়াৰৰ মূল্য বৃদ্ধিৰ ক্ষেত্ৰতো অনিয়মৰ অভিযোগ উত্থাপন হয়। ইয়াৰ পিছত আদানী গ্ৰুপৰ সকলো কোম্পানীৰে শ্বেয়াৰৰ ব্যাপক অৱনতি ঘটে যদিও ছেবিৰ তদন্ত প্ৰায় এবছৰ ধৰি চলি থাকে ৷ যদিও যোৱা কেইমাহমানৰ পৰা আদানীৰ ব্যৱসায়ত উত্থান ঘটে। কিন্তু আকৌ এবাৰ হিণ্ডেনবাৰ্গে নতুন প্ৰতিবেদনৰ জৰিয়তে আদানী গ্ৰুপক লক্ষ্য কৰি লৈছে। অৱশ্যে প্ৰতিবাৰৰ দৰে এইবাৰো এই অভিযোগসমূহ সম্পূৰ্ণৰূপে নাকচ কৰিছে আদানী গ্ৰুপে ।


উল্লেখ্য যে এক্সৰ এটা পোষ্টত আমেৰিকাৰ শ্বেয়াৰ বিশ্লেষক কোম্পানী হিণ্ডেনবাৰ্গ ৰিছাৰ্চে ছুইচ মিডিয়া আউটলেট গোথাম চিটিৰ এক বাতৰি প্ৰতিবেদনৰ উদ্ধৃতি দি অভিযোগ কৰে যে ছুইচ কৰ্তৃপক্ষই আদানি গ্ৰুপৰ তদন্তৰ অংশ হিচাপে একাধিক ছুইচ বেংক একাউণ্টত ৩১০ নিযুত আমেৰিকান ডলাৰৰ অধিক পুঁজি ফ্ৰীজ কৰিছে ।

এই সন্দৰ্ভত এক বিবৃতিত আদানি গ্ৰুপে কয় যে ‘‘উত্থাপিত ভিত্তিহীন অভিযোগবোৰ আমি স্পষ্টভাৱে নাকচ আৰু অস্বীকাৰ কৰিছোঁ । আদানি গ্ৰুপ ছুইচ আদালতৰ লগত কোনো প্ৰক্ৰিয়াত জড়িত নাই বা আমাৰ কোম্পানীৰ কোনো একাউণ্ট কোনো কৰ্তৃপক্ষই ফ্ৰীজ কৰা নাই । তদুপৰি, অভিযোগ অনুসৰি ছুইচ আদালতে আমাৰ গ্ৰুপৰ কোম্পানীবোৰৰ কথা উল্লেখ কৰা নাই বা আমি এনে কোনো কৰ্তৃপক্ষ বা নিয়ামক সংস্থাৰ পৰা স্পষ্টীকৰণ বা তথ্যৰ বাবে কোনো অনুৰোধ লাভ কৰা নাই ।’’



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু