--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এফালে নিতৌ বৃদ্ধি হৈ আহিছে নিত্যব্যৱহাৰ্য সামগ্ৰীৰ দৰ তেনে সময়তে ঘৰুৱা বজাৰত নিম্নগামী হৈছে সোণৰ মূল্য৷ সম্প্ৰতি সোণ আৰু ৰূপৰ মূল্য হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।বজাৰত সোণৰ মূল্য প্ৰায় ১৫০ টকাকৈ হ্ৰাস হৈছে। সমান্তৰাল ভৱে ৰূপৰ মূল্যও হ্ৰাস পোৱা পৰিলক্ষিত হৈছে৷

 মাল্টি ক’ম’ডিটি এক্সচেঞ্জত শুকুৰবাৰৰ তুলনাত ১৭২ টকা সস্তা হৈ প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৭১,২৫৪ টকা হৈছেগৈ। শুকুৰবাৰে সোণৰ বজাৰ বন্ধ হয় ৭১,৪২৬ টকাত।ঘৰুৱা বজাৰৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰতো সোণ-ৰূপৰ দাম হ্ৰাস পাইছে। কমেক্সত সোণৰ মূল্য ৫.২৯ ডলাৰ হ্ৰাস পাই ২৪৯১.৩৭ ডলাৰ প্ৰতি আউন্সত উপনীত হৈছে। কমেক্সত ৰূপ ০.০৬ ডলাৰ সস্তা হৈ পৰিছে আৰু প্ৰতি আউন্সত ২৭,৯৩ ডলাৰ হৈছে।

সোণৰ বাহিৰেও সোমবাৰে ৰূপৰ মূল্য হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। তুলনামূলক ভাৱে পণ্যৰ বজাৰত প্ৰতি কেজিত ৰূপৰ মূল্য ৯২ টকালৈ হ্ৰাস হৈ ৮২,৬৬৫ টকালৈ নামি আহিছে। শুকুৰবাৰে ৰূপৰ মূল্য ৮২,৭৫৭ টকাত বন্ধ হৈছিল বজাৰ।

যি সমসয়ত দেশৰ জনসাধাৰণে নিত্যব্যৱহাৰ্য সামগ্ৰীৰ বৰ্ধিত দামৰ বাবে কঠোৰ সংগ্ৰাম কৰিবলগীয়া হৈছে৷বিদ্যুতৰ মাছুল বাঢ়িছে। মূল্য বৃদ্ধিয়ে লগ নেৰা জনসাধাৰণে সোণৰ মুল্য হ্ৰাস কি দৰে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷ প্ৰশ্ন হয় যে চৰকাৰে মূল্যবৃদ্ধি হ্ৰাস কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব নে জনসাধাৰণৰ ওপৰত ঋণৰ বোজা বৃদ্ধি কৰি যাব?

FOLLOW US F
POPULAR
FEATURE
TRENDY
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
যিসকলে দাঁতৰ যত্ন ল’ব নোৱাৰে, তেওঁলোকে সেনাৰ গুৰুত্বপূৰ্ণ অভিযানৰ দায়িত্ব কেনেকৈ ল’ব? দাঁত লেতেৰা বাবেই ব্ৰিটিছ সেনাই চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে ১৭০ জন জোৱানক
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন