--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এফালে নিতৌ বৃদ্ধি হৈ আহিছে নিত্যব্যৱহাৰ্য সামগ্ৰীৰ দৰ তেনে সময়তে ঘৰুৱা বজাৰত নিম্নগামী হৈছে সোণৰ মূল্য৷ সম্প্ৰতি সোণ আৰু ৰূপৰ মূল্য হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।বজাৰত সোণৰ মূল্য প্ৰায় ১৫০ টকাকৈ হ্ৰাস হৈছে। সমান্তৰাল ভৱে ৰূপৰ মূল্যও হ্ৰাস পোৱা পৰিলক্ষিত হৈছে৷

 মাল্টি ক’ম’ডিটি এক্সচেঞ্জত শুকুৰবাৰৰ তুলনাত ১৭২ টকা সস্তা হৈ প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৭১,২৫৪ টকা হৈছেগৈ। শুকুৰবাৰে সোণৰ বজাৰ বন্ধ হয় ৭১,৪২৬ টকাত।ঘৰুৱা বজাৰৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰতো সোণ-ৰূপৰ দাম হ্ৰাস পাইছে। কমেক্সত সোণৰ মূল্য ৫.২৯ ডলাৰ হ্ৰাস পাই ২৪৯১.৩৭ ডলাৰ প্ৰতি আউন্সত উপনীত হৈছে। কমেক্সত ৰূপ ০.০৬ ডলাৰ সস্তা হৈ পৰিছে আৰু প্ৰতি আউন্সত ২৭,৯৩ ডলাৰ হৈছে।

সোণৰ বাহিৰেও সোমবাৰে ৰূপৰ মূল্য হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। তুলনামূলক ভাৱে পণ্যৰ বজাৰত প্ৰতি কেজিত ৰূপৰ মূল্য ৯২ টকালৈ হ্ৰাস হৈ ৮২,৬৬৫ টকালৈ নামি আহিছে। শুকুৰবাৰে ৰূপৰ মূল্য ৮২,৭৫৭ টকাত বন্ধ হৈছিল বজাৰ।

যি সমসয়ত দেশৰ জনসাধাৰণে নিত্যব্যৱহাৰ্য সামগ্ৰীৰ বৰ্ধিত দামৰ বাবে কঠোৰ সংগ্ৰাম কৰিবলগীয়া হৈছে৷বিদ্যুতৰ মাছুল বাঢ়িছে। মূল্য বৃদ্ধিয়ে লগ নেৰা জনসাধাৰণে সোণৰ মুল্য হ্ৰাস কি দৰে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷ প্ৰশ্ন হয় যে চৰকাৰে মূল্যবৃদ্ধি হ্ৰাস কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব নে জনসাধাৰণৰ ওপৰত ঋণৰ বোজা বৃদ্ধি কৰি যাব?

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ