--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাস্তুশাস্ত্ৰ অনুসৰি কিছুমান নিয়ম সঠিকভাৱে পালন কৰিলে আমাৰ জীৱনৰ বহু সমস্যা সমাধান কৰিব পাৰি। ঘৰ এখন কেনেদৰে ৰাখিব লাগে সেই সম্পৰ্কে বাস্তুশাস্ত্ৰত বিভিন্ন ধৰণৰ পৰামৰ্শ দিয়া হৈছে। বাস্তুশাস্ত্ৰত লিখা আছে আমাৰ চাৰিওফালে এক ইতিবাচক পৰিৱেশ কেনেদৰে কঢ়িয়াই আনিব পাৰি। ফলত অশুভ শক্তি আঁতৰি যায় আৰু শুভ শক্তি সঞ্চাৰিত হয়। তেতিয়াই জীৱনটো ভাল দিশলৈ সলনি হ’বলৈ আৰম্ভ কৰে। ইয়াৰ ফলত জীৱনটো সহজ আৰু সুন্দৰ হৈ পৰে। সফলতা আহে। 

চাবি কেনেদৰে ৰাখিব লাগে সেই সম্পৰ্কেও বাস্তুশাস্ত্ৰত উল্লেখ আছে। দুৱাৰৰ পৰা আলমাৰিলৈকে, গাড়ীৰ পৰা লকাৰলৈকে সকলোতে চাবিৰ ব্যৱহাৰ হয়। আৰু সকলোৰে ঘৰত এটা বিশেষ স্থান থাকে, যত চাবি ৰখা হয়। চাবি এটা হেৰালে নানা সমস্যাত পৰিব লগা হয়। আগৰ দিনত গৃহিণীসকলে কঁকালত বা শাৰীত চাবি এজাপ ওলোমাই থৈছিল। আজিকালি ঘৰ আৰু অফিচ পৰিচালনা কৰা গৃহিণীসকলে চাবি এজাপ লৈ ঘূৰি ফুৰাটো সম্ভৱ নহয়। গতিকে ঘৰত চাবি ক’ত ৰাখিব।

বাস্তুশাস্ত্ৰ অনুযায়ী চাবিবোৰ সঠিক ঠাইত ৰাখিলে ঘৰত শুভ শক্তি সঞ্চাৰিত হয়। চাবিটোৰ লগত জড়িত হৈ আছে দেৱী লক্ষ্মীৰ আশীৰ্বাদ। চাবি সঠিক স্থানত নাৰাখিলে মা লক্ষ্মীৰ খং উঠে আৰু সেই ঘৰ ত্যাগ কৰি গুচি যায়। গতিকে ঘৰত চাবি ক’ত ৰাখিব লাগে আৰু ক’ত ৰাখিব নালাগে জানি লওক। 

১)বাস্তুশাস্ত্ৰ অনুসৰি কেতিয়াও ড্ৰয়িং ৰূমত চাবি ৰাখিব নালাগে। বাহিৰৰ পৰা অহা মানুহে চাবি দেখাটো একেবাৰেই ভাল নহয়। কাৰণ বহু বাহিৰৰ মানুহৰ চকুৰ নজৰ বেয়া থাকে যিয়ে চাবিটোৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। 

২)পূজাঘৰ বা দেৱতাৰ আসনৰ সন্মুখত চাবি ৰাখিলে কুশক্তিৰ সঞ্চাৰ হয়।

৩)পাকঘৰত চাবি ৰখাটোও বেয়া বুলি গণ্য কৰা হয়। 

৪)চাবি ধাতুৰে নিৰ্মিত। গতিকে চাবি ৰখাৰ দিশটোও গুৰুত্বপূৰ্ণ। ঘৰৰ পশ্চিম দিশত চাবি ৰখাটো ভাল। 

৫)চাবিটো বেৰত ওলমি থকাটো ভাল। চাবি ওলোমাবলৈ কাঠৰ চাবি হেংগাৰ ব্যৱহাৰ কৰিব পাৰে। 

৬) চাবিৰ বাবে কেতিয়াও ঈশ্বৰৰ মূৰ্তি বা ছবি থকা ৰিং ব্যৱহাৰ কৰিব নালাগে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ