--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আমাৰ চাৰিওকাষে আৱৰি থকা বহুসংখ্যক লোকৰ প্ৰায়ভাগেই কাণত ইয়াৰফোন লৈ থকা দেখা পোৱা যায়। কাৰিকৰী চিন্তাৰে আদৰ্শীত বহুসংখ্যক লোকেই বৰ্তমান ভিডিঅ চোৱা আৰু অডিঅ শুনাৰ উপৰি ফোনত কথা পাতিবলৈ ইয়াৰফোন ব্যৱহাৰ কৰে। কিন্তু আপুনি জানেনে যে এই ইয়াৰফোনবোৰে আপোনাৰ বাবে কিমান ক্ষতিকাৰক হ'ব  পাৰে। দৰাচলতে কাণত ইয়াৰফোন লগোৱাৰ বাবে এখন দেশৰ এক চতুৰ্থাংশ জনসংখ্যা বধিৰ হৈ পৰিছে। জানো আহক সেইখন দেশৰ বিষয়ে

 সেই বিশেষ দেশখনৰ হৈছে ফ্ৰান্স। ফ্ৰান্সত ২৫ শতাংশ লোকৰেই শ্ৰৱণ ক্ষমতা কম আচলতে নেচনেল ইনষ্টিটিউট অৱ হেল্থ এণ্ড মেডিকেল ইনষ্টিটিউটৰ গৱেষণাই দাবী কৰিছে যে ফ্ৰান্সৰ প্ৰতি চাৰিজনৰ ভিতৰত এজনৰ শ্ৰৱণ ক্ষমতাত অসুবিধা হয় । ফ্ৰান্সত এনে বৃহৎ পৰিসৰৰ গৱেষণা এইবাৰ প্ৰথমবাৰৰ বাবে কৰা হৈছিল। ইয়াত ১৮ৰ পৰা ৭৫ বছৰ বয়সৰ ভিতৰত প্ৰায় ৪৬০জন লোকক অন্তৰ্ভুক্ত কৰা হৈছিল আৰু গৱেষকসকলে দাবী কৰে যে সেই ব্যক্তিসকলে কমকৈ শুনিবলৈ পোৱাৰ কাৰণ হল- সামাজিক বিচ্ছিন্নতা, হতাশা আৰু উচ্চস্বৰে সংগীত শুনা।

 ইয়াৰফোন ব্যৱহাৰ কৰিলে হ'ব পৰা অসুবিধাসমূহ-

 ১) কাণৰ বিষ আৰু লেতেৰাঃ- জোৰেৰে গান শুনিলে আৰু আন মানুহৰ লগত নিজৰ ইয়াৰফোন শ্বেয়াৰ কৰিলে এজন ব্যক্তিৰ পৰা আন এজনৰ কাণলৈ বেক্টেৰিয়া বিয়পি পৰে আৰু ইয়াৰ বাবেই কাণৰ বেক্টেৰিয়া সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়। কেৱল এয়াই নহয়, দীৰ্ঘদিন ধৰি ইয়াৰফোন ব্যৱহাৰ কৰাৰ ফলত বহু সময়ত কাণৰ শ্ৰৱণ ক্ষমতা হ্ৰাসৰ লগতে বিষৰ সমস্যাই দেখা দিয়ে।

 ২) হৃদৰোগঃ- উচ্চস্বৰত গান শুনিলে কেৱল কাণতে নহয়, হৃদপিণ্ডতো বেয়া প্ৰভাৱ পৰে। আচলতে উচ্চস্বৰত সংগীত শুনিলে হৃদস্পন্দন বাঢ়ি যায় আৰু এয়া হৃদযন্ত্ৰৰ বাবে ক্ষতিকাৰক।

 ৩) শ্ৰৱণ ক্ষমতা কম বা বধিৰতাঃ- প্ৰয়োজন অনুসৰি বেছি ইয়াৰফোন ব্যৱহাৰ কৰিলে শ্ৰৱণ ক্ষমতাত প্ৰভাৱ পৰে। দৰাচলতে এক গৱেষণাৰ মতে ঘণ্টাৰ পিছত ঘণ্টা ইয়াৰফোন ব্যৱহাৰ কৰিলে মূৰ ঘূৰোৱা, অনিদ্ৰাৰ সমস্যা, মূৰৰ বিষ আৰু কাণৰ বিষ আদি লক্ষণ দেখা দিয়ে। এই কথা সকলোৱে জনা উচিত যে মানব দেহৰ কাণৰ শ্ৰৱণ ক্ষমতা ৯০ ডেচিবেল, যিটো জোৰেৰে গান শুনাৰ বাবে ৪০-৫০ ডেচিবেল হ্ৰাস পায় আৰু ইয়াৰ বাবেই ব্যক্তিজনৰ বধিৰ হোৱাৰ আশংকা থাকে।

 শ্ৰৱণ ক্ষমতা হেৰুৱাৰ লক্ষণ বা বধিৰ হোৱাৰ লক্ষণ-

* নিস্তব্ধ ঠাইত বহি থকাৰ পিছতো কাণত শব্দ অনুভৱ কৰা, যিটো কেইমিনিটমানৰ পিছত নোহোৱা হৈ যায়।

* টিভি বা সংগীত শুনিবলৈ হলে শব্দ বঢ়াবলগীয়া হোৱা ইত্যাদি

 শ্ৰৱণ ক্ষমতা নেহেৰুৱাব বাবে উপায়-

 * বেছি সময় হেডফোন ব্যৱহাৰ নকৰিব। দিনটোত মাত্ৰ ৬০ মিনিটৰ বাবে ইয়াৰফোন ব্যৱহাৰ কৰিব লাগে।

 * ইয়াৰফোন ব্যৱহাৰ কৰাৰ সময়ত ইয়াৰফোন শব্দ সদায় স্বাভাৱিক কৰি ৰাখক।

 * সদায় ভাল মানৰ ইয়াৰফোন আৰু হেডফোন ব্যৱহাৰ কৰক।

 * ইয়াৰবাড থকা ইয়াৰফোন ব্যৱহাৰ কৰিব লাগে কাৰণ ই কাণ   সুৰক্ষিত কৰি ৰাখিব পাৰে




FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ