--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ Numerologyত প্ৰতিটো সংখ্যাৰ বহুতো বৈশিষ্ট্য আছে। Numerology অনুসৰি ১ৰ পৰা ৯লৈ প্ৰতিটো সংখ্যাৰ স্বামী গ্ৰহ আছে। জ্যোতিষ শাস্ত্ৰত যেনেকৈ প্ৰতিটো ৰাশি এটা গ্ৰহৰ দ্বাৰা শাসন কৰা হয়, ঠিক তেনেদৰে Numerologyতো কৰা হয়। যাক কোৱা হয় স্বামী গ্ৰহ। জন্মৰ তাৰিখটোক মূলাংক বুলি কোৱা হয়। ১ৰ পৰা ৯ সংখ্যালৈকে মূলাংক বুলি কোৱা হয়। 

যদি আপোনাৰ জন্মৰ তাৰিখ ১ৰ পৰা ৯ সংখ্যাৰ ভিতৰত তেন্তে সেয়াই আপোনাৰ মূলাংক। ধৰক আপোনাৰ জন্মৰ তাৰিখ ১৪ জুলাই তেন্তে আপোনাৰ মূলাংক হব ১+৪=৫। আজি এনে এটা মূলাংকৰ কথা ক'ম, যাৰ ওপৰত শনি দেৱতাৰ বিশেষ আশীৰ্বাদ থাকে। শনি গ্ৰহ হৈছে মূলাংক ৮ৰ স্বামী গ্ৰহ। আৰু ইয়াৰ প্ৰভাৱ ৮ মূলাংকৰ মানুহৰ ওপৰত স্পষ্টভাৱে দেখা যায়। আজি আমি ৮ মূলাংকৰ লোকসকলৰ ভাগ্য আৰু গুণৰ বিষয়ে জনাম।

৮ মূলাংকৰ লোকসকল কঠোৰ পৰিশ্ৰমী

যিসকল লোকৰ জন্ম যিকোনো মাহৰ ৮, ১৭ বা ২৬ তাৰিখে হৈছিল, তেওঁলোকৰ মূলাংক সংখ্যা ৮। মূলাংক ৮ৰ স্বামী গ্ৰহ শনি হোৱাৰ বাবে এই লোকসকল ৰহস্যময়, কঠোৰ পৰিশ্ৰমী হোৱাৰ লগতে নিজৰ সপোনৰ পাছে পাছে দৌৰি থাকে । এই মানুহবোৰে যি কাম কৰিম বুলি হাতত লয় সেই কাম শেষ কৰিহে শান্তিৰ উশাহ লয়। তেওঁলোকে নিজৰ উশাহটো আঁতৰাই পেলায়। ইয়াৰ বাবে তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিবলৈ সাজু থাকে।

কেৰিয়াৰত উচ্চ পদবী অৰ্জন

৮ মূলাংকৰ লোকসকলৰ কেৰিয়াৰ অতি উত্তম। তেওঁলোকে যি কামেই নকৰক কিয়, তেওঁলোকে উচ্চ পদবী আৰু বহুত প্ৰতিপত্তি লাভ কৰে। এই মানুহবোৰ নিৰ্ভীক আৰু স্পষ্টবাদী। তেওঁলোকৰ নেতৃত্বৰ মানদণ্ডও আছে। এওঁলোকে কোনো মানুহৰ মাজত ভেদভাৱ নকৰি সকলোকে লগত লৈ আগবাঢ়িব বিচাৰে। এইসকল লোক স্বভাৱতে গম্ভীৰ আৰু ধৈৰ্য্যশীল। এইসকল লোক অভিলাষী আৰু নিজৰ কেৰিয়াৰত যিখিনি লাভ কৰিম বুলি সিদ্ধান্ত লয়, সেইটো লাভ কৰাৰ পিছতহে তেওঁলোকে শান্তি পায়। ইয়াৰ সমান্তৰালভাৱে তেওঁলোকে জীৱনত বহুত টকা উপাৰ্জন কৰে।

শুভ ফলাফলৰ বাবে ক’লা-নীলা ৰঙৰ কাপোৰ পিন্ধিব লাগে

৮ মূলাংকৰ লোকসকলে ক’লা আৰু নীলা ৰঙৰ কাপোৰ পিন্ধিলে শুভ ফল লাভ কৰে। ইয়াৰ বাহিৰেও তেওঁলোকে শনি দেৱক পূজা কৰিব লাগে। শনিবাৰে শনি মন্দিৰলৈ গৈ আৰ্তজনক সহায় কৰিলে ভাল। এইসকল লোকে নতুন কাম দেওবাৰ আৰু মঙলবাৰে আৰম্ভ কৰিলে শুভ ফল পায়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু