--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সুস্থ হৈ থাকিবলৈ যোগৰ প্ৰয়োজন। শৰীৰৰ কাৰ্যকলাপ বজাই ৰখা আৰু নমনীয়তা বৃদ্ধিৰ বাবে নিয়মিত যোগ অভ্যাস অতি উপকাৰী বুলি গণ্য কৰা হয়। যোগাসনে পেশী আৰু গাঁঠিৰ গতিশীলতা বৃদ্ধি কৰি সামগ্ৰিক শৰীৰৰ ফিটনেছত সহায় কৰে। যোগ চৰ্চাৰ বিভিন্ন আসন আছে। ইয়াৰে এটা হল-পশ্চিমোত্তাসন । পশ্চিমোত্তাসন কৰাৰ সহজ পদক্ষেপ আৰু উপকাৰিতাৰ বিষয়ে জানো আহক।

 পশ্চিমোত্তাসন কি?

সংস্কৃত মূল শব্দ ‘পশ্চিম অৰ্থাৎ ‘পিছফালে বা ‘পশ্চিমীয়া, ‘চোকা টানি, আৰু ‘আসন অৰ্থাৎ ‘ভংগীমা শব্দৰ পৰা পশ্চিমোত্তনাসন শব্দটোৰ উৎপত্তি হৈছে। ইয়াৰ সমগ্ৰ অৰ্থ হল এই ভংগীমাত বহি শৰীৰৰ মাজত এক তীব্ৰ টান সৃষ্টি কৰা যাতে শৰীৰৰ শক্তি নিয়ন্ত্ৰণ কৰিব পৰা যায়।

 পশ্চিমোত্তাসন কৰাৰ সহজ উপায়-

 স্থান: মাটিত বহি ভৰি দুখন মেলি দিব লাগে। ভৰি দুখন টানি শৰীৰৰ পৰা যিমান পাৰি দূৰত ৰাখিব লাগে।

পদ্ধতিঃ উশাহ লোৱাৰ সময়ত দুয়োখন হাত ওপৰলৈ তুলিব লাগে। দুয়োখন হাত এনেদৰে ৰাখিব লাগে  যাতে কাণত স্পৰ্শ হয়। উশাহ এৰি থাকোঁতে হাত দুখন তললৈ আনি তৰ্জনী আঙুলিৰে ভৰিৰ আঙুলিবোৰ স্পৰ্শ কৰিবলৈ চেষ্টা কৰিব লাগে। তেনে কৰাৰ পাছত হাতেৰে গোৰোহাটো টানি  মাটিত স্পৰ্শ কৰিবলৈ চেষ্টা কৰিব লাগে। তাৰ পিছত মূৰ তললৈ কৰি আঁঠু দুটা চুবলৈ চেষ্টা কৰিব লাগে। এই কামটো প্ৰায় ২-৩ বাৰ কৰিব লাগে

পশ্চিমোত্তাসনৰ উপকাৰীতা :

১)মেদবহুলতা কমোৱাৰ বাবে এইটোৱেই নিখুঁত আসন। এই আসন নিতৌ কৰি পাচনতন্ত্ৰৰ উন্নতি সাধন কৰিব পাৰে।

২)উচ্চ ৰক্তচাপ, অনিদ্ৰা, বন্ধ্যাত্ব আদিও এই আসনৰ দ্বাৰা নিৰাময় কৰিব পাৰি।

৩)পেট আৰু নিতম্বৰ চৰ্বি কমোৱাৰ বাবে এই আসন অতি উপকাৰী।

৪) মেৰুদণ্ডৰ নমনীয়তা আৰু শক্তি বৃদ্ধি পায়।

৫) পেটৰ সকলো প্ৰধান অংগ যেনে বৃক্ক, অন্ত্ৰ, যকৃত আৰু অগ্নাশয়লৈ তেজৰ সঞ্চালন বৃদ্ধি কৰে। ই বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰাৰ লগতে হজম শক্তি বৃদ্ধি কৰে।

৬) যোগ গুৰুসকলে কঁকালৰ বিষ, জঠৰতা আদিত ভুগি থকাসকলৰ বাবে পশ্চিমোত্তাসনৰ পৰামৰ্শ দিয়ে।

৭)পশ্চিমোত্তাসনে মগজুলৈ সতেজ তেজ পৰিবহণ কৰাত সহায় কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ