--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সুস্থ হৈ থাকিবলৈ যোগৰ প্ৰয়োজন। শৰীৰৰ কাৰ্যকলাপ বজাই ৰখা আৰু নমনীয়তা বৃদ্ধিৰ বাবে নিয়মিত যোগ অভ্যাস অতি উপকাৰী বুলি গণ্য কৰা হয়। যোগাসনে পেশী আৰু গাঁঠিৰ গতিশীলতা বৃদ্ধি কৰি সামগ্ৰিক শৰীৰৰ ফিটনেছত সহায় কৰে। যোগ চৰ্চাৰ বিভিন্ন আসন আছে। ইয়াৰে এটা হ’ল-পশ্চিমোত্তাসন । পশ্চিমোত্তাসন কৰাৰ সহজ পদক্ষেপ আৰু উপকাৰিতাৰ বিষয়ে জানো আহক।

 পশ্চিমোত্তাসন কি?

সংস্কৃত মূল শব্দ ‘পশ্চিম’ অৰ্থাৎ ‘পিছফালে’ বা ‘পশ্চিমীয়া’, ‘চোকা টানি’, আৰু ‘আসন’ অৰ্থাৎ ‘ভংগীমা’ শব্দৰ পৰা পশ্চিমোত্তনাসন শব্দটোৰ উৎপত্তি হৈছে। ইয়াৰ সমগ্ৰ অৰ্থ হ’ল এই ভংগীমাত বহি শৰীৰৰ মাজত এক তীব্ৰ টান সৃষ্টি কৰা যাতে শৰীৰৰ শক্তি নিয়ন্ত্ৰণ কৰিব পৰা যায়।

 পশ্চিমোত্তাসন কৰাৰ সহজ উপায়-

 স্থান: মাটিত বহি ভৰি দুখন মেলি দিব লাগে। ভৰি দুখন টানি শৰীৰৰ পৰা যিমান পাৰি দূৰত ৰাখিব লাগে।

পদ্ধতিঃ উশাহ লোৱাৰ সময়ত দুয়োখন হাত ওপৰলৈ তুলিব লাগে। দুয়োখন হাত এনেদৰে ৰাখিব লাগে  যাতে কাণত স্পৰ্শ হয়। উশাহ এৰি থাকোঁতে হাত দুখন তললৈ আনি তৰ্জনী আঙুলিৰে ভৰিৰ আঙুলিবোৰ স্পৰ্শ কৰিবলৈ চেষ্টা কৰিব লাগে। তেনে কৰাৰ পাছত হাতেৰে গোৰোহাটো টানি  মাটিত স্পৰ্শ কৰিবলৈ চেষ্টা কৰিব লাগে। তাৰ পিছত মূৰ তললৈ কৰি আঁঠু দুটা চুবলৈ চেষ্টা কৰিব লাগে। এই কামটো প্ৰায় ২-৩ বাৰ কৰিব লাগে

পশ্চিমোত্তাসনৰ উপকাৰীতা :

১)মেদবহুলতা কমোৱাৰ বাবে এইটোৱেই নিখুঁত আসন। এই আসন নিতৌ কৰি পাচনতন্ত্ৰৰ উন্নতি সাধন কৰিব পাৰে।

২)উচ্চ ৰক্তচাপ, অনিদ্ৰা, বন্ধ্যাত্ব আদিও এই আসনৰ দ্বাৰা নিৰাময় কৰিব পাৰি।

৩)পেট আৰু নিতম্বৰ চৰ্বি কমোৱাৰ বাবে এই আসন অতি উপকাৰী।

৪) মেৰুদণ্ডৰ নমনীয়তা আৰু শক্তি বৃদ্ধি পায়।

৫) পেটৰ সকলো প্ৰধান অংগ যেনে বৃক্ক, অন্ত্ৰ, যকৃত আৰু অগ্নাশয়লৈ তেজৰ সঞ্চালন বৃদ্ধি কৰে। ই বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰাৰ লগতে হজম শক্তি বৃদ্ধি কৰে।

৬) যোগ গুৰুসকলে কঁকালৰ বিষ, জঠৰতা আদিত ভুগি থকাসকলৰ বাবে পশ্চিমোত্তাসনৰ পৰামৰ্শ দিয়ে।

৭)পশ্চিমোত্তাসনে মগজুলৈ সতেজ তেজ পৰিবহণ কৰাত সহায় কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু