--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ’ণাই কঁকাল বেঁকা কৰা দেশবাসীক এইবাৰ পুনৰ আতংকিত কৰি তুলিছে আন এক নতুন ভাইৰাছে। এই নতুন ভাইৰাছ বিধৰ নাম চাণ্ডীপুৰা।  এই  নতুন মাৰাত্মক ভাইৰাছৰ ব্যাপক প্ৰাদুৰ্ভাৱক লৈ চিন্তিত স্বাস্থ্য কৰ্তৃপক্ষ। এই আতংকৰ নাম চাণ্ডীপুৰা ভাইৰাছ। যোৱা ৫ দিনত এই ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ ফলত গুজৰাটত ৬ টা শিশুৰ মৃত্যু হৈছে। ইয়াৰ পিছতে গুজৰাটৰ স্বাস্থ্য বিভাগে  ভাইৰাছ বিধৰ  সংক্ৰমণ ৰোধৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।

গুজৰাট চৰকাৰৰ তথ্য অনুসৰি প্ৰথম অৱস্থাত এখন চিকিৎসালয়ত মাত্ৰ ৪ জনহে চণ্ডীপুৰা ভাইৰাছৰ ৰোগী ধৰা পৰিছিল। কিন্তু কেইদিনমানৰ ভিতৰতে সংখ্যাটো দুটা অংকত উপনীত হয়। গুজৰাটৰ  স্বাস্থ্য মন্ত্ৰী হৃষিকেশ পেটেলে  প্ৰকাশ কৰা মতে  যোৱা ৫ দিনত  ৬ টা শিশুৰ মৃত্যু হৈছে।  এই মৃত্যুৰ কাৰণ হৈছে চাণ্ডীপুৰা ভাইৰাছ হ’ব পাৰে বুলিও তেওঁ কয় । ইয়াৰ উপৰি আৰু ১২ জন লোক আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে। ইয়াৰে ৪ জন সবৰকান্ত জিলাৰ, ৩ জন আৰাৱলী জিলাৰ আৰু ১ জনকৈ মহীসাগৰ তথা খেৰাৰ। ইয়াৰ উপৰিও ৰাজস্থানৰ ২ জন লোক আৰু মধ্য প্ৰদেশৰ এজন ব্যক্তি এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।

জানিব পৰা মতে, চলিত মাহত গুজৰাটত চাণ্ডীপুৰা ভাইৰাছৰ প্ৰথমজন ৰোগী ধৰা পৰে। এই ভাইৰাছত আক্ৰান্ত হৈ ১০ জুলাইত হিম্মত নগৰৰ এখন চৰকাৰী চিকিৎসালয়ত ৪ টা শিশুৰ মৃত্যু হয়। তেওঁলোক  চাণ্ডীপুৰা  ভাইৰাছত আক্ৰান্ত হোৱা বুলি চিকিৎসকে দাবী কৰে। পিছত একেখন চিকিৎসালয়তে আৰু ৪টা শিশুৰ একেধৰণৰ লক্ষণ দেখা গৈছে। ইয়াৰ পিছত প্ৰশাসনক সতৰ্ক কৰি দিয়া হয়। গুজৰাটৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘চাণ্ডীপুৰা ভাইৰাছ সিমান সংক্ৰামক নহয় যদিও ব্যাপক নিৰীক্ষণৰ প্ৰয়োজন আছে। ইতিমধ্যে আমি ৪,৪৮৭ টা ঘৰত ১৮,৬৪৬ জন লোকৰ পৰীক্ষা কৰিছো। এই ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে স্বাস্থ্য বিভাগে পদক্ষেপ গ্ৰহণ কৰিছে।’

চাণ্ডীপুৰা ভাইৰাছৰ প্ৰাৰম্ভিক লক্ষণসমূহ হ’ল জ্বৰ, ফ্লুৰ দৰে লক্ষণ আৰু তীব্ৰ এনকেফেলাইটিছৰ লক্ষণ (মগজুৰ প্ৰদাহ)। অলপ সময়ৰ ভিতৰতে জ্বৰ বহুত বাঢ়ি যায়। ইয়াৰ পিছত আৰম্ভ হ’ল ডায়েৰিয়া, মগজুৰ প্ৰদাহ আৰু বমি। শিশুৰ এই ৰোগৰ লক্ষণসমূহ হ’ল- উচ্চ জ্বৰ, বমি, ডায়েৰিয়া, মূৰৰ বিষ আৰু কঁপনি। 

গুজৰাটৰ স্বাস্থ্য বিভাগে দাবী কৰিছে যে চাণ্ডীপুৰ ভাইৰাছ সংক্ৰামক প্ৰকৃতিৰ নহয়। কিন্তু এই ভাইৰাছৰ সংক্ৰমণক সহজভাৱে ল’ব নালাগে। এই ভাইৰাছৰ প্ৰতি সকলোৱে সাৱধান হোৱা উচিত। এই ভাইৰাছ ইমানেই বিপজ্জনক যে এই ভাইৰাছত আক্ৰান্ত শিশুৰ লক্ষণ দেখা দিয়াৰ পিছত ৪৮-৭২ ঘণ্টাৰ ভিতৰতে মৃত্যু হ’ব পাৰে। এনে পৰিস্থিতিত এই ভাইৰাছ শিশু আৰু প্ৰাপ্তবয়স্ক উভয়ৰে বাবে মাৰাত্মক। এই ভাইৰাছৰ সংক্ৰমণ সাধাৰণতে বাৰিষাৰ সময়ত হোৱা দেখা যায়। ইফালে চৰকাৰী সূত্ৰৰ মতে শেহতীয়াকৈ এই ভাইৰাছৰ প্ৰাদুৰ্ভাৱ গুজৰাটত দেখা গৈছে যদিও ভাৰতত এই ভাইৰাছ বহু পুৰণি। ১৯৬৫ চনত মহাৰাষ্ট্ৰৰ চাণ্ডীপুৰা গাঁৱত প্ৰথমবাৰৰ বাবে এই ভাইৰাছৰ অস্তিত্ব ধৰা পৰিছিল আৰু গাঁওখনৰ নামেৰেই ভাইৰাছবিধৰ নাম চাণ্ডীপুৰা ভাইৰাছ ৰখা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন