--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ ভাৰতীয় সেনাৰ তেজেৰে ৰাঙলী হ’ল ভূস্বৰ্গ কাশ্মীৰ। মঙলবাৰে  জম্মু-কাশ্মীৰত উগ্ৰপন্থীৰ সৈতে সংঘৰ্ষত সেনাৰ এজন মেজৰ সহ চাৰিজন  জোৱান নিহত হয় । জম্মুৰ পাহাৰীয়া ডোডা অঞ্চলত এই ঘটনা সংঘটিত হৈছে।  কাশ্মীৰত  যোৱা কেইমাহমানত ভাৰতীয় সেনাৰ  ওপৰত কেইবাটাও বৃহৎ আক্ৰমণৰ ঘটন সংঘটিত হৈছে।

সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত  আহত হয় আন এজন জোৱান। ভাৰতীয় সেনাই যোৱা নিশাৰে পৰা উত্তৰ ডোডাত অভিযান আৰম্ভ কৰিছিল।  সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে নিশা প্ৰায় ৯ বজাত সন্ত্ৰাসবাদীয়ে সেনাৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলায়। এই আক্ৰমণত মেজৰসহ চাৰিজন জোৱান নিহত হয়।   ঘটনাৰ পিছতে  অতিৰিক্ত সৈন্য অঞ্চলটোলৈ প্ৰেৰণ  কৰা হৈছে।   উল্লেখ্য ৯ জুলাইতকাশ্মীৰৰ  কাথুৱা অঞ্চলত এজন কনিষ্ঠ কমিচনড বিষয়াকে ধৰি পাঁচজন জোৱান নিহত হৈছিল।

একেদৰে ৯ জুনত তীৰ্থযাত্ৰীৰ গাড়ীত পাক সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলোৱাৰ ফলত গাড়ীখনে  নিয়ন্ত্ৰণ হেৰুৱাই এটা খাৱৈত পৰিছিল। ফলত  ৯ জন লোকৰ মৃত্যু ঘটাৰ  লগতে ৩০ জন লোক আহত হয়। তথ্য অনুসৰি ২০২৩ বৰ্ষৰ  ২১ অক্টোবৰৰ পৰা চলিত বৰ্ষৰ ৮ জুলাইৰ ভিতৰত কাশ্মীৰত  ৪৩ জন ভাৰতীয় জোৱান নিহত হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন