--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ ভাৰতীয় সেনাৰ তেজেৰে ৰাঙলী হ’ল ভূস্বৰ্গ কাশ্মীৰ। মঙলবাৰে  জম্মু-কাশ্মীৰত উগ্ৰপন্থীৰ সৈতে সংঘৰ্ষত সেনাৰ এজন মেজৰ সহ চাৰিজন  জোৱান নিহত হয় । জম্মুৰ পাহাৰীয়া ডোডা অঞ্চলত এই ঘটনা সংঘটিত হৈছে।  কাশ্মীৰত  যোৱা কেইমাহমানত ভাৰতীয় সেনাৰ  ওপৰত কেইবাটাও বৃহৎ আক্ৰমণৰ ঘটন সংঘটিত হৈছে।

সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত  আহত হয় আন এজন জোৱান। ভাৰতীয় সেনাই যোৱা নিশাৰে পৰা উত্তৰ ডোডাত অভিযান আৰম্ভ কৰিছিল।  সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে নিশা প্ৰায় ৯ বজাত সন্ত্ৰাসবাদীয়ে সেনাৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলায়। এই আক্ৰমণত মেজৰসহ চাৰিজন জোৱান নিহত হয়।   ঘটনাৰ পিছতে  অতিৰিক্ত সৈন্য অঞ্চলটোলৈ প্ৰেৰণ  কৰা হৈছে।   উল্লেখ্য ৯ জুলাইতকাশ্মীৰৰ  কাথুৱা অঞ্চলত এজন কনিষ্ঠ কমিচনড বিষয়াকে ধৰি পাঁচজন জোৱান নিহত হৈছিল।

একেদৰে ৯ জুনত তীৰ্থযাত্ৰীৰ গাড়ীত পাক সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলোৱাৰ ফলত গাড়ীখনে  নিয়ন্ত্ৰণ হেৰুৱাই এটা খাৱৈত পৰিছিল। ফলত  ৯ জন লোকৰ মৃত্যু ঘটাৰ  লগতে ৩০ জন লোক আহত হয়। তথ্য অনুসৰি ২০২৩ বৰ্ষৰ  ২১ অক্টোবৰৰ পৰা চলিত বৰ্ষৰ ৮ জুলাইৰ ভিতৰত কাশ্মীৰত  ৪৩ জন ভাৰতীয় জোৱান নিহত হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল