--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৭ জুন ১৯৯৯ চন। সপ্তমসংখ্যক আইচিচি বিশ্বকাপৰ দ্বিতীয়খন চেমি ফাইনেল। দক্ষিণ আফ্ৰিকা বনাম অষ্ট্ৰেলিয়া। স্থান - এডজবাষ্টন, বাৰ্মিংহাম। ক্ৰিকেটপ্ৰেমীসকলৰ বাবে এই মেচখন চিৰস্মৰণীয়। মেচখনে ক্লাছিক ক্ৰিকেট মেচৰ আখ্যা পোৱাৰ মূলতে হ’ল এই মেচৰ ফলাফল। মেচখনত দুয়োটা দলে সমানসংখ্যক ৰান কৰিছিল। কিন্তু অষ্ট্ৰেলিয়া জয়ী হৈছিল।

সেইবাৰৰ বিশ্বকাপত দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া প্ৰবল দাবীদাৰ আছিল। চুপাৰ ছিক্স পৰ্যায়ত দুয়োটা দলে দূৰ্দান্ত প্ৰদৰ্শন কৰি চেমি ফাইনেলত অৱতীৰ্ণ হৈছিল। টছত জয়ী হৈ দক্ষিণ আফ্ৰিকাই ফিল্ডিং কৰিবলৈ সিদ্ধান্ত লয়। অষ্ট্ৰেলিয়াই ৬৮ ৰাণতে চাৰিটাকৈ উইকেট হেৰুৱায়। ব্যৰ্থ হয় আদাম গীলখ্ৰিষ্ট (২০), মাৰ্ক ৱাহ (০), ডাৰেন লেহমান (১)ৰ দৰে বেটিং অৰ্ডাৰৰ স্তম্ভসমূহ। কিন্তু মাইকেল বেভানৰ ৬৫, অধিনায়ক ষ্টিভ ৱাহৰ ৫৬ আৰু ৰিকী পণ্টিঙৰ ৩৭ ৰাণৰ বহুমূলীয়া ৰাণৰ সহায়ত নিৰ্ধাৰিত অভাৰত ২১৩ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

দক্ষিণ আফ্ৰিকাৰ বলাৰসকলে দূৰ্দান্ত প্ৰদৰ্শন কৰে। ফাষ্ট বলাৰ শ্ব’ন পোলকে পাঁচটা উইকেট দখল কৰে। এলান ডণাল্ডে দখল কৰে চাৰিটা উইকেট। পোলক-ডণাল্ডৰ এই ত্ৰাসৰ বাবেই তাচপাতৰ দৰে খহি পৰিছিল অষ্ট্ৰেলিয়াৰ টপ অৰ্ডাৰ।

২১৪ ৰাণৰ লক্ষ্য দক্ষিণ আফ্ৰিকাৰ অভিজ্ঞ বেটাৰসকলৰ বাবে কঠিন নাছিল। সেয়ে গেৰী কাৰ্ষ্টেন (১৮) আৰু হাৰ্চেল গিবছে (৩০) ধীৰে সুস্থিৰে ইনিংছ আৰম্ভ কৰে। প্ৰথম উইকেটৰ যুটীত সংগ্ৰহ কৰে ৪৮ ৰাণ। মিডল অৰ্ডাৰত জেক কালিছে ৫৩ আৰু জণ্টী ৰোডছে ৪৩ আৰু শ্ব’ন পোলকে ২০ ৰাণৰ বৰঙণি আগবঢ়ায়। কিন্তু তেওঁলোকে অতি লেহেমীয়া গতিত বেটিং কৰে। অষ্ট্ৰেলিয়াৰ বলাৰসকলে অত্যন্ত মিতব্যয়ী বলিং কৰিছিল। ৪৫ অভাৰৰ শেষত দক্ষিণ আফ্ৰিকাৰ স্ক’ৰব’ৰ্ড আছিল ১৭৬/৬। ৪৮ অভাৰলৈকে দক্ষিণ আফ্ৰিকাই ২০০ও পাৰ কৰিব পৰা নাছিল। 

তেনে সময়তে দক্ষিণ আফ্ৰিকাৰ লেন্স ক্লুজেনাৰে মাৰাত্মক ৰূপ ধাৰণ কৰে। ২১৩ ৰাণৰ লক্ষ্য অতিক্ৰম কৰিবলৈ দক্ষিণ আফ্ৰিকাৰ হাতত আছিল মাত্ৰ এটা উইকেট আৰু ৰাণৰ প্ৰয়োজন হৈছিল অধিক। দশম উইকেটৰ যুটীত আছিল এলান ডণাল্ড আৰু ক্লুজেনাৰ। ক্লুজেনাৰে এটাৰ পাছত আন এটা ছিক্স-ফ’ৰেৰে দলক বিজয়ৰ দিশে অগ্ৰসৰ কৰিছিল। অন্তিম অভাৰৰ চাৰিটা বলত প্ৰয়োজন হৈছিল এক উইকেটত মাত্ৰ এক ৰাণ। সকলোৱে ভাবিছিল যে অতি সহজে দক্ষিণ আফ্ৰিকাই বিজয়ী হৈ ফাইনেলত প্ৰৱেশ কৰিব।

কিন্তু ক্ৰিকেট অনিশ্চয়তাৰে ভৰা খেল। সেই সময়ত স্ক’ৰ সমসংখ্যক আছিল। অন্তিম অভাৰৰ চতুৰ্থটো বলত ক্লুজেনাৰে বিজয়সূচক ৰাণ ল’বলৈ দৌৰে। কিন্তু এলান ডণাল্ডে ৰাণটো সম্পূৰ্ণ কৰিব নোৱাৰিলে। অষ্ট্ৰেলিয়াৰ ফিল্ডাৰ মাৰ্ক ৱ’ আৰু গিলখ্ৰীষ্টে লগ হৈ ডণাল্ডক ৰাণ আউট কৰে। ক্ৰিকেট অনুৰাগীসকল হতভম্ব হৈ পৰিল। ২১৩ ৰাণত দক্ষিণ আফ্ৰিকা অল আউট হ’ল! অৰ্থাৎ স্ক’ৰ টাই হ’ল। লেন্স ক্লুজেনাৰে মাত্ৰ ১৬ টা বলত ৩১ ৰাণ কৰি অপৰাজীত থাকে। অষ্ট্ৰেলিয়াৰ হৈ চাৰিটা উইকট লয় শ্বেন ৱাৰ্ণে।

দুয়োটা দলে সমানসংখ্যক ৰাণ কৰে। কিন্তু বিজয়ী হয় অষ্ট্ৰেলিয়া। ইয়াৰ কাৰণ হৈছে নেট ৰাণ ৰেট। চুপাৰ ছিক্স পৰ্যায়ত অষ্ট্ৰেলিয়াৰ নেট ৰাণ ৰেট ভাল আছিল। সেয়ে মেচখনত বিজয়ী হ’ব নোৱাৰিলেও ফাইনেলত প্ৰৱেশ কৰে। পাকিস্তানক পৰাস্ত কৰি সেইবাৰ বিশ্ব চেম্পিয়নো হ’বলৈ সক্ষম হয় ষ্টিভ ৱাহ নেতৃত্বাধীন কেংগাৰু বাহিনী। কিন্তু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এই চেমি ফাইনেলখনহে দৰ্শকৰ প্ৰিয় হৈ আহিছে। আজিও ক্ৰিকেটপ্ৰেমীসকলে লেন্স ক্লুজেনাৰক সোঁৱৰণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ