--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তিৰুমালা তিৰুপতি দেৱস্থানম ব’ৰ্ডৰ নিৱনিযুক্ত অধ্যক্ষ বি আৰ নাইডুৱে অন্ধ্ৰ প্ৰদেশৰ তিৰুমালা মন্দিৰত কাম কৰা প্ৰতিজন ব্যক্তি হিন্দু হ’ব লাগে বুলি কৰা মন্তব্যই দেশ কঁপাইছে৷হায়দৰাবাদত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত এই সন্দৰ্ভত বি আৰ নাইডুৱে অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ সৈতে আলোচনাত মিলিত হ’ব বুলি উল্লেখ কৰে৷ যাতে তিৰুমালাত কৰ্মৰত অন্য ধৰ্মৰ কৰ্মচাৰীসকলক চৰকাৰী বিভাগলৈ প্ৰেৰণ কৰা উচিত নে স্বেচ্ছামূলক অৱসৰ আঁচনিৰ জৰিয়তে অৱসৰ দিয়া উচিত সেই সন্দৰ্ভত এক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে৷

বি আৰ নাইডুৱে কয় যে টিটিডি ব’ৰ্ডৰ অধ্যক্ষ হিচাপে নিযুক্তি পোৱাটো তেওঁ  বাবে গৌৰৱৰ বিষয় বুলি মন্তব্য কৰি কয় যে তিৰুমালাত কাম কৰা প্ৰতিজন ব্যক্তি হিন্দু হোৱা উচিত আৰু সেইটোৱেই প্ৰথম প্ৰচেষ্টা হ’ব৷ 

তেওঁক এই গুৰু দায়িত্ব প্ৰদান কৰাৰ বাবে তেওঁ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু আৰু ৰাজ্যখনৰ এন ডি এ চৰকাৰৰ অন্যান্য নেতাসকলক ধন্যবাদ জনায়। আৰু কয় যে পূৰ্বৰ ৱাই এছ আৰ কংগ্ৰেছ চৰকাৰৰ সময়ত তিৰুমালাত বহু অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰি কয় যে মন্দিৰৰ পবিত্ৰতা ৰক্ষা কৰা উচিত৷ দায়িত্ব গ্ৰহণ কৰি তেওঁ নিজৰ কৰ্তব্য পালনৰ ক্ষেত্ৰত সততা আৰু স্বচ্ছতাৰে কাম কৰিব বুলি উল্লেখ কৰে৷

উল্লেখযোগ্য যে তেওঁ সংবাদ মাধ্যমৰ সৈতে জড়িত এগৰাকী ব্যক্তি তেওঁ হিন্দু ভক্তিমূলক চেনেলকে ধৰি তেলেগু টিভি চেনেলো চলায়। বুধবাৰে অন্ধ্ৰ প্ৰদেশ চৰকাৰে তিৰুমালাৰ বিখ্যাত বালাজী মন্দিৰৰ পৰিচালনা সংস্থা তিৰুমালা তিৰুপতি দেৱস্থানমৰ বাবে ২৪ জন সদস্যৰে নতুন ব’ৰ্ড গঠন কৰা হয় আৰু চৰকাৰে নৱগঠিত টিটিডি ব’ৰ্ডৰ অধ্যক্ষ হিচাপে বি আৰ নাইডুক নিযুক্তি দিয়াৰ লগতে ভাৰত বায়’টেক ইণ্টাৰনেশ্যনেল লিমিটেডৰ সহ-প্ৰতিষ্ঠাপক তথা এমডি সুচিত্ৰ এলাকো ব’ৰ্ডৰ অন্যতম সদস্য হিচাপে নিয়োগ কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম