--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তিৰুমালা তিৰুপতি দেৱস্থানম ব’ৰ্ডৰ নিৱনিযুক্ত অধ্যক্ষ বি আৰ নাইডুৱে অন্ধ্ৰ প্ৰদেশৰ তিৰুমালা মন্দিৰত কাম কৰা প্ৰতিজন ব্যক্তি হিন্দু হ’ব লাগে বুলি কৰা মন্তব্যই দেশ কঁপাইছে৷হায়দৰাবাদত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত এই সন্দৰ্ভত বি আৰ নাইডুৱে অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ সৈতে আলোচনাত মিলিত হ’ব বুলি উল্লেখ কৰে৷ যাতে তিৰুমালাত কৰ্মৰত অন্য ধৰ্মৰ কৰ্মচাৰীসকলক চৰকাৰী বিভাগলৈ প্ৰেৰণ কৰা উচিত নে স্বেচ্ছামূলক অৱসৰ আঁচনিৰ জৰিয়তে অৱসৰ দিয়া উচিত সেই সন্দৰ্ভত এক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে৷

বি আৰ নাইডুৱে কয় যে টিটিডি ব’ৰ্ডৰ অধ্যক্ষ হিচাপে নিযুক্তি পোৱাটো তেওঁ  বাবে গৌৰৱৰ বিষয় বুলি মন্তব্য কৰি কয় যে তিৰুমালাত কাম কৰা প্ৰতিজন ব্যক্তি হিন্দু হোৱা উচিত আৰু সেইটোৱেই প্ৰথম প্ৰচেষ্টা হ’ব৷ 

তেওঁক এই গুৰু দায়িত্ব প্ৰদান কৰাৰ বাবে তেওঁ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু আৰু ৰাজ্যখনৰ এন ডি এ চৰকাৰৰ অন্যান্য নেতাসকলক ধন্যবাদ জনায়। আৰু কয় যে পূৰ্বৰ ৱাই এছ আৰ কংগ্ৰেছ চৰকাৰৰ সময়ত তিৰুমালাত বহু অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰি কয় যে মন্দিৰৰ পবিত্ৰতা ৰক্ষা কৰা উচিত৷ দায়িত্ব গ্ৰহণ কৰি তেওঁ নিজৰ কৰ্তব্য পালনৰ ক্ষেত্ৰত সততা আৰু স্বচ্ছতাৰে কাম কৰিব বুলি উল্লেখ কৰে৷

উল্লেখযোগ্য যে তেওঁ সংবাদ মাধ্যমৰ সৈতে জড়িত এগৰাকী ব্যক্তি তেওঁ হিন্দু ভক্তিমূলক চেনেলকে ধৰি তেলেগু টিভি চেনেলো চলায়। বুধবাৰে অন্ধ্ৰ প্ৰদেশ চৰকাৰে তিৰুমালাৰ বিখ্যাত বালাজী মন্দিৰৰ পৰিচালনা সংস্থা তিৰুমালা তিৰুপতি দেৱস্থানমৰ বাবে ২৪ জন সদস্যৰে নতুন ব’ৰ্ড গঠন কৰা হয় আৰু চৰকাৰে নৱগঠিত টিটিডি ব’ৰ্ডৰ অধ্যক্ষ হিচাপে বি আৰ নাইডুক নিযুক্তি দিয়াৰ লগতে ভাৰত বায়’টেক ইণ্টাৰনেশ্যনেল লিমিটেডৰ সহ-প্ৰতিষ্ঠাপক তথা এমডি সুচিত্ৰ এলাকো ব’ৰ্ডৰ অন্যতম সদস্য হিচাপে নিয়োগ কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়