--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটাতকৈ বেছি মূৰ থকা সাপৰ কথা পৌৰাণিক উপাখ্যান আদিত পোৱা যায় যদিও বাস্তৱ পৃথিৱীত এনে সাপ খুব কমেইহে দেখা যায়৷ শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাত উদ্ধাৰ হৈছে এডাল দুমূৰীয়া সাপ৷ সাপডাল  উদ্ধাৰ কৰা  নিক ইভান্সে দুমূৰীয়া চাউদাৰ্ণ ব্ৰাউন এগ-ইটাৰৰ ফটো ফেচবুকত  শ্বেয়াৰ কৰাৰ পিছতে ইণ্টাৰনেটত আলোড়ণৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷

নিক ইভান্সৰ মতে দুমূৰীয়া সাপ বিধ   এটা ক্ষতিহীন প্ৰজাতি। ইভান্সে জনোৱা মতে  এজন মানুহৰ ঘৰৰ বাগিচাৰ পৰা তেওঁ এই বিশেষ সাপডাল  উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ ডাৰবানৰ  এনডৱেডৱে চহৰত বাস কৰা লোক জনে দুমূৰীয়া সাপডাল দেখাৰ পিছতে নিক ইভান্সক খবৰ দিছিল৷ 

উদ্ধাৰ কৰাৰ পিছত সাপডাল   ডাঙৰ  বটল এটাত ৰখা হৈছিল৷  ইভান্সে ফেচবুকত এইবুলি  লিখিছে, "এই বিকৃত সাপটো দেখি ইমান আচৰিত হৈছিলো, ইয়াৰ , দৈৰ্ঘ্যৰ এক ফুটমান হ’ব৷ সাপডালৰ  মূৰবোৰে কেতিয়াবা ইটোৱে সিটোৰ পৰা পৰা বিপৰীত দিশত যাবলৈ চেষ্টা কৰিছে,কেতিয়াবা আকৌ   এটা মূৰে আনটোৰ ওপৰত উঠিবলৈ চেষ্টা কৰিছে৷।"  


ইভান্সে লগতে কয় যে   সৰীসৃপটো  জীয়াই যদিও ইয়াক হাবিত এৰি দিয়াৰ কোনো অৰ্থ নাই। তেওঁ কয়" যিমান দূৰ মই অৱগত, এনে দুমূৰীয়া সাপ  সাধাৰণতে বেছি দিন জীয়াই নাথাকে।  বনাঞ্চলত এৰি দিলেও এনে সাপে  বেছি দিন জীয়াই থাকিব নোৱাৰিব। " 

ইভান্সৰ  পোষ্টটো ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। এজন ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে লিখিছে, "দুৰ্বল বস্তু। তথাপি কৃতজ্ঞ যে ই সুৰক্ষিত।" 

আন এজনে লিখিছে "কি আচৰিত সৰু প্ৰাণী! ইমান আশ্চৰ্যজনক যে এনডৱেডৱেৰ মানুহজনে আপোনাৰ সৈতে যোগাযোগ কৰিছিল। আশা কৰোঁ আপুনি সৰু প্ৰাণীবিধক খোৱাত সহায় কৰিব পাৰিব," ।

আন এগৰাকী নেটিজেনে লিখিছে "আশ্চৰ্যজনক ফটো। বৰ দুখজনক কিন্তু চাবলৈ  বহুত আকৰ্ষণীয়। "

 নিউজ উইকৰ মতে, দুই বা ততোধিক মূৰৰ সৈতে জন্ম হোৱা প্ৰাণীবোৰৰ পলিচেফেলী নামৰ এক অৱস্থাৰ সন্মুখীন হয়৷ এনে ঘটনা স্তন্যপায়ী প্ৰাণীতকৈ সৰীসৃপৰ ক্ষেত্ৰত  অধিক হোৱা দেখা যায়৷  এই অৱস্থাত জন্তুবোৰ প্ৰায়ে বেছি দিন জীয়াই নাথাকে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা