--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটাতকৈ বেছি মূৰ থকা সাপৰ কথা পৌৰাণিক উপাখ্যান আদিত পোৱা যায় যদিও বাস্তৱ পৃথিৱীত এনে সাপ খুব কমেইহে দেখা যায়৷ শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাত উদ্ধাৰ হৈছে এডাল দুমূৰীয়া সাপ৷ সাপডাল  উদ্ধাৰ কৰা  নিক ইভান্সে দুমূৰীয়া চাউদাৰ্ণ ব্ৰাউন এগ-ইটাৰৰ ফটো ফেচবুকত  শ্বেয়াৰ কৰাৰ পিছতে ইণ্টাৰনেটত আলোড়ণৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷

নিক ইভান্সৰ মতে দুমূৰীয়া সাপ বিধ   এটা ক্ষতিহীন প্ৰজাতি। ইভান্সে জনোৱা মতে  এজন মানুহৰ ঘৰৰ বাগিচাৰ পৰা তেওঁ এই বিশেষ সাপডাল  উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ ডাৰবানৰ  এনডৱেডৱে চহৰত বাস কৰা লোক জনে দুমূৰীয়া সাপডাল দেখাৰ পিছতে নিক ইভান্সক খবৰ দিছিল৷ 

উদ্ধাৰ কৰাৰ পিছত সাপডাল   ডাঙৰ  বটল এটাত ৰখা হৈছিল৷  ইভান্সে ফেচবুকত এইবুলি  লিখিছে, "এই বিকৃত সাপটো দেখি ইমান আচৰিত হৈছিলো, ইয়াৰ , দৈৰ্ঘ্যৰ এক ফুটমান হ’ব৷ সাপডালৰ  মূৰবোৰে কেতিয়াবা ইটোৱে সিটোৰ পৰা পৰা বিপৰীত দিশত যাবলৈ চেষ্টা কৰিছে,কেতিয়াবা আকৌ   এটা মূৰে আনটোৰ ওপৰত উঠিবলৈ চেষ্টা কৰিছে৷।"  


ইভান্সে লগতে কয় যে   সৰীসৃপটো  জীয়াই যদিও ইয়াক হাবিত এৰি দিয়াৰ কোনো অৰ্থ নাই। তেওঁ কয়" যিমান দূৰ মই অৱগত, এনে দুমূৰীয়া সাপ  সাধাৰণতে বেছি দিন জীয়াই নাথাকে।  বনাঞ্চলত এৰি দিলেও এনে সাপে  বেছি দিন জীয়াই থাকিব নোৱাৰিব। " 

ইভান্সৰ  পোষ্টটো ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। এজন ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে লিখিছে, "দুৰ্বল বস্তু। তথাপি কৃতজ্ঞ যে ই সুৰক্ষিত।" 

আন এজনে লিখিছে "কি আচৰিত সৰু প্ৰাণী! ইমান আশ্চৰ্যজনক যে এনডৱেডৱেৰ মানুহজনে আপোনাৰ সৈতে যোগাযোগ কৰিছিল। আশা কৰোঁ আপুনি সৰু প্ৰাণীবিধক খোৱাত সহায় কৰিব পাৰিব," ।

আন এগৰাকী নেটিজেনে লিখিছে "আশ্চৰ্যজনক ফটো। বৰ দুখজনক কিন্তু চাবলৈ  বহুত আকৰ্ষণীয়। "

 নিউজ উইকৰ মতে, দুই বা ততোধিক মূৰৰ সৈতে জন্ম হোৱা প্ৰাণীবোৰৰ পলিচেফেলী নামৰ এক অৱস্থাৰ সন্মুখীন হয়৷ এনে ঘটনা স্তন্যপায়ী প্ৰাণীতকৈ সৰীসৃপৰ ক্ষেত্ৰত  অধিক হোৱা দেখা যায়৷  এই অৱস্থাত জন্তুবোৰ প্ৰায়ে বেছি দিন জীয়াই নাথাকে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র