--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৈতিকতাৰ স্খলন ঘটিছে,মানৱতাৰ পতন ঘটিছে, ধৈৰ্যই পলাই ফাট মাৰিছে। সেইবাবেই সাধাৰণ কথাতে এতিয়া মানুহে মানুহক গুলীয়াই হত্যা কৰাটো সাধাৰণ ঘটনা হৈ পৰিছে।শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰত চাবৱে ৰেষ্টুৰেণ্টৰ এগৰাকী মহিলা  কৰ্মচাৰীক ছেণ্ডউইছত  "অত্যাধিক মায়ো" দিয়াৰ বাবেই এজন  গ্ৰাহকে গুলীয়াই হত্যা কৰে।

 চাবৱে কৰ্মীগৰাকীক  তেওঁৰ পুত্ৰৰ সন্মুখতে  গ্ৰাহক জনে গুলীয়াই নিধন কৰাৰ ঘটনাই তীব্ৰ প্ৰপতিক্ৰিয়াৰ সৃষ্টি কৰিছে।জানিব পৰা মতে গ্ৰাহক জনৰ কৰ্মচাৰীগৰাকীৰ " চেণ্ডউইচত অত্যাধিক মেয়নিজ" দিয়াকলৈ  তৰ্ক লাগিছিল। গ্ৰাহকজনে মহিলা কৰ্মচাৰীগৰাকীক কটু ভাষাৰে গালি-গালাজ কৰাৰ লগতে লগত নিয়া অস্ত্ৰৰে গুলীয়াই হত্যা কৰে। 

ফক্স নিউজৰ বাতৰি অনুসৰি  ঘটনাটো আটলাণ্টাৰ ডাউনটাউন গেছ ষ্টেচনত সংঘটিত হৈছে। এই ঘটনাত আহত  আন এগৰাকী কৰ্মীক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।ৰেষ্টুৰেণ্ট খনৰ স্বত্বাধিকাৰীয়ে প্ৰকাশ কৰা মতে গ্ৰাহক জনে নিজেই ছেণ্ডুউইছত মায়ো বেছিকৈ দিবলৈ কৈছিল। কিন্তু পিছত তেওঁ কথা সলনি কৰিছিল আৰু তৰ্কত লিপ্ত হৈ অঘটনটো ঘটাইছিল।

লোক জনৰ গুলীত ৰেষ্টুৰেণ্ট খনৰ ২৬ বছৰীয়া মহিলা কৰ্মচাৰীগৰাকীৰ থিতাতে মৃত্যু ঘটিছিল আৰু আন এগৰাকী ২৪ বছৰীয়া মহিলা আহত হৈছিল। আৰক্ষীয়ে এই ঘটনাৰ পিছতে আক্ৰমণকাৰী   ৩৬ বছৰীয়া গ্ৰাহক জনক গ্ৰেপ্তাৰ  কৰিছে। আটলাণ্টা আৰক্ষীৰ উপ-প্ৰধান চাৰ্লছ হেম্পটন জুনিয়ৰে প্ৰকাশ কৰা মতে  ব্যক্তিজনে ৰেষ্টুৰেণ্টৰ ভিতৰলৈ আহিছিল আৰু এটা চেণ্ডউইছ অৰ্ডাৰ দিছিল।  

চেণ্ডউইছটো তেওঁ বিচৰা ধৰণৰ নোহোৱাত তেওঁৰ খং উঠিছিল আৰু খঙৰ ভমকত গুলীচালনা কৰিছিল।। নিহত কৰ্মচাৰীগৰাকীৰ সৈতে সেই সময়ত দোকানত তেওঁৰ পাঁচ বছৰীয়া পুত্ৰও আছিল । 

নিহত কৰ্মচাৰীগৰাকীয়ে তিনি বা চাৰি সপ্তাহ পূৰ্বেহে  ৰেষ্টুৰেণ্টখনত যোগদান কৰিছিল। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকজনৰ লগতে   নিহত মহিলাগৰাকীৰ নাম প্ৰকাশ  কৰা নাই। উল্লেখ্য আমেৰিকাত ব্যক্তিগত অস্ত্ৰ নিয়ন্ত্ৰণ কৰাৰ বাবে এখন আইন প্ৰণয়ন কৰিবলৈ প্ৰস্তুতি চলাইছে মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনে।

 এনে অস্ত্ৰৰ ওপৰত নিয়ন্ত্ৰণ নথকাৰ বাবেই দেশ খনত বিদ্যালয়কে ধৰি আন ৰাজহুৱা স্থানত বহু আক্ৰমণৰ ঘটনা ঘটিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস