--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৈতিকতাৰ স্খলন ঘটিছে,মানৱতাৰ পতন ঘটিছে, ধৈৰ্যই পলাই ফাট মাৰিছে। সেইবাবেই সাধাৰণ কথাতে এতিয়া মানুহে মানুহক গুলীয়াই হত্যা কৰাটো সাধাৰণ ঘটনা হৈ পৰিছে।শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰত চাবৱে ৰেষ্টুৰেণ্টৰ এগৰাকী মহিলা  কৰ্মচাৰীক ছেণ্ডউইছত  "অত্যাধিক মায়ো" দিয়াৰ বাবেই এজন  গ্ৰাহকে গুলীয়াই হত্যা কৰে।

 চাবৱে কৰ্মীগৰাকীক  তেওঁৰ পুত্ৰৰ সন্মুখতে  গ্ৰাহক জনে গুলীয়াই নিধন কৰাৰ ঘটনাই তীব্ৰ প্ৰপতিক্ৰিয়াৰ সৃষ্টি কৰিছে।জানিব পৰা মতে গ্ৰাহক জনৰ কৰ্মচাৰীগৰাকীৰ " চেণ্ডউইচত অত্যাধিক মেয়নিজ" দিয়াকলৈ  তৰ্ক লাগিছিল। গ্ৰাহকজনে মহিলা কৰ্মচাৰীগৰাকীক কটু ভাষাৰে গালি-গালাজ কৰাৰ লগতে লগত নিয়া অস্ত্ৰৰে গুলীয়াই হত্যা কৰে। 

ফক্স নিউজৰ বাতৰি অনুসৰি  ঘটনাটো আটলাণ্টাৰ ডাউনটাউন গেছ ষ্টেচনত সংঘটিত হৈছে। এই ঘটনাত আহত  আন এগৰাকী কৰ্মীক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।ৰেষ্টুৰেণ্ট খনৰ স্বত্বাধিকাৰীয়ে প্ৰকাশ কৰা মতে গ্ৰাহক জনে নিজেই ছেণ্ডুউইছত মায়ো বেছিকৈ দিবলৈ কৈছিল। কিন্তু পিছত তেওঁ কথা সলনি কৰিছিল আৰু তৰ্কত লিপ্ত হৈ অঘটনটো ঘটাইছিল।

লোক জনৰ গুলীত ৰেষ্টুৰেণ্ট খনৰ ২৬ বছৰীয়া মহিলা কৰ্মচাৰীগৰাকীৰ থিতাতে মৃত্যু ঘটিছিল আৰু আন এগৰাকী ২৪ বছৰীয়া মহিলা আহত হৈছিল। আৰক্ষীয়ে এই ঘটনাৰ পিছতে আক্ৰমণকাৰী   ৩৬ বছৰীয়া গ্ৰাহক জনক গ্ৰেপ্তাৰ  কৰিছে। আটলাণ্টা আৰক্ষীৰ উপ-প্ৰধান চাৰ্লছ হেম্পটন জুনিয়ৰে প্ৰকাশ কৰা মতে  ব্যক্তিজনে ৰেষ্টুৰেণ্টৰ ভিতৰলৈ আহিছিল আৰু এটা চেণ্ডউইছ অৰ্ডাৰ দিছিল।  

চেণ্ডউইছটো তেওঁ বিচৰা ধৰণৰ নোহোৱাত তেওঁৰ খং উঠিছিল আৰু খঙৰ ভমকত গুলীচালনা কৰিছিল।। নিহত কৰ্মচাৰীগৰাকীৰ সৈতে সেই সময়ত দোকানত তেওঁৰ পাঁচ বছৰীয়া পুত্ৰও আছিল । 

নিহত কৰ্মচাৰীগৰাকীয়ে তিনি বা চাৰি সপ্তাহ পূৰ্বেহে  ৰেষ্টুৰেণ্টখনত যোগদান কৰিছিল। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকজনৰ লগতে   নিহত মহিলাগৰাকীৰ নাম প্ৰকাশ  কৰা নাই। উল্লেখ্য আমেৰিকাত ব্যক্তিগত অস্ত্ৰ নিয়ন্ত্ৰণ কৰাৰ বাবে এখন আইন প্ৰণয়ন কৰিবলৈ প্ৰস্তুতি চলাইছে মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনে।

 এনে অস্ত্ৰৰ ওপৰত নিয়ন্ত্ৰণ নথকাৰ বাবেই দেশ খনত বিদ্যালয়কে ধৰি আন ৰাজহুৱা স্থানত বহু আক্ৰমণৰ ঘটনা ঘটিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
অবৈধ খননৰ বাবে অসমৰ বান 'মানৱসৃষ্ট': কংগ্ৰেছৰ অভিযোগ, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ তদন্তৰ দাবী