--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰাচীন ইনকান সাম্ৰাজ্যৰ প্ৰতীক আৰু ১৪৫০ খ্ৰীষ্টাব্দৰ আশে-পাশে নিৰ্মিত মাচু পিচুক ১৯৮৩ চনত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল ৷ ২০০৭ চনত ইয়াক বিশ্বৰ নতুন সাতটা আশ্চৰ্য্যৰ ভিতৰত অন্যতম হিচাপে অভিহিত কৰা হৈছিল।  মাচু পিচুৰ অৰ্থ হ’ল পুৰণি শৃংগ” বা “পুৰণি পৰ্বত।”

পাহাৰৰ ওপৰৰ  শিলেৰে গঠিত জটিল নিৰ্মাণকাৰ্য মাচু পিচু ৫০০ বছৰতকৈও অধিক পূৰ্বে ইনকাসকলে নিৰ্মাণ কৰিছিল, যাৰ সাম্ৰাজ্যই আজিৰ দক্ষিণ ইকুৱেডৰৰ পৰা মধ্য চিলিলৈকে দক্ষিণ আমেৰিকাৰ বৃহৎ অংশ নিয়ন্ত্ৰণ কৰিছিল।

প্ৰকৃততে মঙলবাৰে কৃষকসকলে ঘাঁহ-বন আৰু ধ্বংসাৱশেষ জ্বলাই নতুন শস্য সিঁচাৰ বাবে প্ৰস্তুতি চলাইছিল। আৰু অসাৱধানবশতঃ বনজুয়ে কম সময়ৰ ভিতৰতে সমগ্ৰ অঞ্চলটো আগুৰি ধৰে ৷ ভেটিকান চহৰৰ প্ৰায় আধা আকাৰৰ এলেকাক আগুৰি ধৰা এই অগ্নিকাণ্ডত মাচু পিচুৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে  কাৰণ মাচু পিচুৰ দূৰত্বই জুই নিয়ন্ত্ৰণৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি কৰিছে৷

 শস্য সিঁচাৰ পূৰ্বে কৃষকসকলে ঘাঁহ জ্বলাই আৰম্ভ কৰা জুইত ইতিমধ্যে বুধবাৰলৈকে প্ৰায় ২০ হেক্টৰ (৪৯ একৰ) ভূমি অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হৈছে বুলি ওচৰৰ কুস্কো চহৰৰ মেয়ৰে জনায়।

- আমি ইতিমধ্যে দুদিন ধৰি বনজুইৰ বিৰুদ্ধে যুঁজ দিছো আৰু ইয়াক নিয়ন্ত্ৰণ কৰা সম্ভৱ হোৱা নাই, যিহেতু এই অঞ্চলটো যথেষ্ট দুৰ্গম।’- কুস্কোৰ ৰিস্ক মেনেজমেণ্ট আৰু নিৰাপত্তা কাৰ্যালয়ৰ সঞ্চালক ৰবাৰ্ট’ আবাৰ্কাই কয়।

এই বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ বছৰি ১০ লাখতকৈ অধিক পৰ্যটকৰ আগমন হয়।  ৰহস্যময়, শতিকাজুৰি পুৰণি শিলৰ আশ্চৰ্যকৰ কামে দীৰ্ঘদিন ধৰি দৰ্শনাৰ্থীক আকৰ্ষিত কৰি আহিছে যদিও পৰ্যটনৰ বৃদ্ধিয়ে সূক্ষ্ম স্থানটোৰ ক্ষতিৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে।

 বনাঞ্চল ধ্বংস, ভূমিস্খলনৰ আশংকা, অনিয়ন্ত্ৰিত নগৰ উন্নয়ন আৰু অভয়াৰণ্যত অবৈধভাৱে প্ৰৱেশৰ ক্ষেত্ৰত জৰুৰী সমস্যাৰ বিষয়ে ৰাষ্ট্ৰসংঘই পূৰ্বতেও সতৰ্ক কৰি দিছিল৷

 পেৰুৰ চাৰিওফালৰ সমগ্ৰ কুস্কো অঞ্চলক শীৰ্ষ পৰ্যটনস্থলীত পৰিণত কৰা এই মাচু-পিচুৰ  ক্ষতিগ্ৰস্ততাই প্ৰকৃতিপ্ৰেমীসকলক উদ্বিগ্ন কৰি তুলিছে আৰু এই সংকটৰ সোনকালে অৱসান বিচাৰিছে ।
FOLLOW US F
POPULAR
FEATURE
TRENDY
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
অসমতো বাজিল বিশেষ সংশোধনীৰ ঘণ্টা
এই ৫ টা খাদ্য খালে স্মৃতিশক্তি বৃদ্ধি পাব! মগজু চোকা আৰু সক্ৰিয় হৈ থাকিব
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ