--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰাচীন ইনকান সাম্ৰাজ্যৰ প্ৰতীক আৰু ১৪৫০ খ্ৰীষ্টাব্দৰ আশে-পাশে নিৰ্মিত মাচু পিচুক ১৯৮৩ চনত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল ৷ ২০০৭ চনত ইয়াক বিশ্বৰ নতুন সাতটা আশ্চৰ্য্যৰ ভিতৰত অন্যতম হিচাপে অভিহিত কৰা হৈছিল।  মাচু পিচুৰ অৰ্থ হ’ল পুৰণি শৃংগ” বা “পুৰণি পৰ্বত।”

পাহাৰৰ ওপৰৰ  শিলেৰে গঠিত জটিল নিৰ্মাণকাৰ্য মাচু পিচু ৫০০ বছৰতকৈও অধিক পূৰ্বে ইনকাসকলে নিৰ্মাণ কৰিছিল, যাৰ সাম্ৰাজ্যই আজিৰ দক্ষিণ ইকুৱেডৰৰ পৰা মধ্য চিলিলৈকে দক্ষিণ আমেৰিকাৰ বৃহৎ অংশ নিয়ন্ত্ৰণ কৰিছিল।

প্ৰকৃততে মঙলবাৰে কৃষকসকলে ঘাঁহ-বন আৰু ধ্বংসাৱশেষ জ্বলাই নতুন শস্য সিঁচাৰ বাবে প্ৰস্তুতি চলাইছিল। আৰু অসাৱধানবশতঃ বনজুয়ে কম সময়ৰ ভিতৰতে সমগ্ৰ অঞ্চলটো আগুৰি ধৰে ৷ ভেটিকান চহৰৰ প্ৰায় আধা আকাৰৰ এলেকাক আগুৰি ধৰা এই অগ্নিকাণ্ডত মাচু পিচুৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে  কাৰণ মাচু পিচুৰ দূৰত্বই জুই নিয়ন্ত্ৰণৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি কৰিছে৷

 শস্য সিঁচাৰ পূৰ্বে কৃষকসকলে ঘাঁহ জ্বলাই আৰম্ভ কৰা জুইত ইতিমধ্যে বুধবাৰলৈকে প্ৰায় ২০ হেক্টৰ (৪৯ একৰ) ভূমি অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হৈছে বুলি ওচৰৰ কুস্কো চহৰৰ মেয়ৰে জনায়।

- আমি ইতিমধ্যে দুদিন ধৰি বনজুইৰ বিৰুদ্ধে যুঁজ দিছো আৰু ইয়াক নিয়ন্ত্ৰণ কৰা সম্ভৱ হোৱা নাই, যিহেতু এই অঞ্চলটো যথেষ্ট দুৰ্গম।’- কুস্কোৰ ৰিস্ক মেনেজমেণ্ট আৰু নিৰাপত্তা কাৰ্যালয়ৰ সঞ্চালক ৰবাৰ্ট’ আবাৰ্কাই কয়।

এই বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ বছৰি ১০ লাখতকৈ অধিক পৰ্যটকৰ আগমন হয়।  ৰহস্যময়, শতিকাজুৰি পুৰণি শিলৰ আশ্চৰ্যকৰ কামে দীৰ্ঘদিন ধৰি দৰ্শনাৰ্থীক আকৰ্ষিত কৰি আহিছে যদিও পৰ্যটনৰ বৃদ্ধিয়ে সূক্ষ্ম স্থানটোৰ ক্ষতিৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে।

 বনাঞ্চল ধ্বংস, ভূমিস্খলনৰ আশংকা, অনিয়ন্ত্ৰিত নগৰ উন্নয়ন আৰু অভয়াৰণ্যত অবৈধভাৱে প্ৰৱেশৰ ক্ষেত্ৰত জৰুৰী সমস্যাৰ বিষয়ে ৰাষ্ট্ৰসংঘই পূৰ্বতেও সতৰ্ক কৰি দিছিল৷

 পেৰুৰ চাৰিওফালৰ সমগ্ৰ কুস্কো অঞ্চলক শীৰ্ষ পৰ্যটনস্থলীত পৰিণত কৰা এই মাচু-পিচুৰ  ক্ষতিগ্ৰস্ততাই প্ৰকৃতিপ্ৰেমীসকলক উদ্বিগ্ন কৰি তুলিছে আৰু এই সংকটৰ সোনকালে অৱসান বিচাৰিছে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য