--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এতিয়া ফাগুনৰ বতৰ। ফাগুনৰ এই বতৰে কঢ়িয়াই আনে উৎসৱৰ‌ সুবাস। এই ফাগুনতেই হয় বিভিন্নজনৰ মিলন।ফাগুনৰ এই বতৰতে যুগ্মজীৱনৰ পাতনি মেলে বহুজনে। আজি আমি জনাবলৈ ওলাইছোঁ এখন বিশেষ ব্যতিক্ৰম বিবাহৰ বিষয়ে। 

কেতিয়াবা যদি দৰাই কইনা নিবলৈ গৰুগাড়ীত আহে, কেতিয়াবা আকৌ নামী-দামী গাড়ীত দৰা অহা পৰিলক্ষিত হয়। পিছে হাৰিয়ানাৰ এখন বিয়াত দৰাই হ’বলগীয়া পত্নীক নিবলৈ আহিল হেলিকপ্টাৰেৰে। যি দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। দৰাৰ লগতে একেবাৰে কাষৰ পৰা হেলিকপ্টাৰখন চাবলৈ ভিৰ কৰিছে বহুজনে ৷ অৱশ্যে হাৰিয়ানাত হেলিকপ্টাৰেৰে কইনাক নিবলৈ দৰা অহা কেবাখনো বিয়া অনুষ্ঠিত হৈছে ৷ হাৰিয়ানাত এয়া যে এক ট্ৰেণ্ডত পৰিণত হৈছে ৷

কৰ্ণালৰ ঘোঘৰদীপুৰৰ ব্যক্তিগত ভোজগৃহত অনুষ্ঠিত হোৱা এখন বিয়াখনত বৰযাত্ৰীৰ দল আহিল হেলিকপ্টাৰেৰে । দৰা কুৰুক্ষেত্ৰৰ মথানা গাঁৱৰ খেতিয়ক ছাহিল । আনহাতে কইনা কৰ্ণালৰ বাজিদা জাটান গাঁৱৰ নিকিতা। উল্লেখযোগ্য যে তেওঁৰ সৰু ভায়েকে বিচাৰিছিল যে ককায়েকে কইনা আনিবলৈ হেলিকপ্টাৰেৰে যাব আৰু সেই সপোন ইতিমধ্যে পূৰণ হ'ল। হেলিকপ্টাৰেৰে বৰযাত্ৰীৰ দল আহি পোৱাৰ লগে লগে কইনাৰ পৰিয়ালৰ মাজতো সুখৰ যেন সীমা নোহোৱা হ’ল ৷ ইফালে কইনা লৈ পুনৰ হেলিকপ্টাৰেৰে উভতিল দৰা ছাহিল ৷ সুখৰ হওক ছাহিল-নিকিতাৰ যুগ্মজীৱন।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ