--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনেৰ ট্ৰেফিক চিগনেলত প্ৰস্ৰাৱ কৰা গৌৰৱ আহুজা নামৰ যুৱক জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। কিন্তু গ্ৰেপ্তাৰৰ পূৰ্বে তেওঁ ক্ষমা বিচৰাৰ ভিডিঅ’ও ৰেকৰ্ড কৰিছিল। ভিডিঅ'টোত গৌৰৱে কয়, "কালিৰ কাণ্ডক লৈ মই অত্যন্ত লাজ পাইছোঁ। 

পুনে, মহাৰাষ্ট্ৰ আৰু ভাৰতৰ জনসাধাৰণৰ ওচৰত মই ক্ষমা বিচাৰিছো। আৰক্ষী বিভাগ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত ক্ষমা বিচাৰিছো। অনুগ্ৰহ কৰি মোক ক্ষমা কৰি দিয়ক আৰু মোক এটা সুযোগ দিয়ক, এনেকুৱা কাম আৰু কেতিয়াও নকৰোঁ।"

উল্লেখ্য যে BMW গাড়ীত আহি ট্ৰেফিক চিগনেলত প্ৰস্ৰাৱ কৰিছিল গৌৰৱ আহুজাই। ঘটনাটোৰ সম্পৰ্কে আৰক্ষী অৱগত হোৱাৰ লগে লগেই  সতৰা জিলাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তক। তাৰপাছত তেওঁক আইনী ব্যৱস্থাৰ বাবে য়েৰৱাডা থানালৈ অনা হয়। সেই সময়ত গাড়ীখনত থকা গৌৰৱৰ বন্ধু ভাগ্যেশ ওছৱালকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ঘটনাৰ সময়ত দুয়োজনেই মদ্যপান কৰি আছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। বৰ্তমান ওছৱালক মদ্যপানৰ নিচা ধৰা পেলাবলৈ চিকিৎসা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

গৌৰৱ আহুজাৰ বিৰুদ্ধে ভাৰতীয় ন্যায়িক সংহিতা আৰু মটৰ গাড়ী আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। য’ত জনসাধাৰণৰ উপদ্ৰৱ, অসাৱধানতাৰে গাড়ী চলোৱা আৰু জনসাধাৰণৰ সুৰক্ষা বিপন্ন কৰা আদি অপৰাধসমূহ এই আইনৰ অন্তৰ্ভুক্ত। ইয়াৰ উপৰিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে আহুজা আৰু তেওঁৰ পিতৃ মনোজ আহুজাৰ জুৱা সম্পৰ্কীয় কাম-কাজত জড়িত হোৱাৰ ইতিহাস আছে। ২০২১ চনত মাত্ৰ ২০ বছৰীয়া আহুজাক অবৈধ ক্ৰিকেট বাজি কৰা এটা ডাঙৰ গেঙৰ সদস্য বুলি উল্লেখ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ