--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনেৰ ট্ৰেফিক চিগনেলত প্ৰস্ৰাৱ কৰা গৌৰৱ আহুজা নামৰ যুৱক জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। কিন্তু গ্ৰেপ্তাৰৰ পূৰ্বে তেওঁ ক্ষমা বিচৰাৰ ভিডিঅ’ও ৰেকৰ্ড কৰিছিল। ভিডিঅ'টোত গৌৰৱে কয়, "কালিৰ কাণ্ডক লৈ মই অত্যন্ত লাজ পাইছোঁ। 

পুনে, মহাৰাষ্ট্ৰ আৰু ভাৰতৰ জনসাধাৰণৰ ওচৰত মই ক্ষমা বিচাৰিছো। আৰক্ষী বিভাগ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত ক্ষমা বিচাৰিছো। অনুগ্ৰহ কৰি মোক ক্ষমা কৰি দিয়ক আৰু মোক এটা সুযোগ দিয়ক, এনেকুৱা কাম আৰু কেতিয়াও নকৰোঁ।"

উল্লেখ্য যে BMW গাড়ীত আহি ট্ৰেফিক চিগনেলত প্ৰস্ৰাৱ কৰিছিল গৌৰৱ আহুজাই। ঘটনাটোৰ সম্পৰ্কে আৰক্ষী অৱগত হোৱাৰ লগে লগেই  সতৰা জিলাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তক। তাৰপাছত তেওঁক আইনী ব্যৱস্থাৰ বাবে য়েৰৱাডা থানালৈ অনা হয়। সেই সময়ত গাড়ীখনত থকা গৌৰৱৰ বন্ধু ভাগ্যেশ ওছৱালকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ঘটনাৰ সময়ত দুয়োজনেই মদ্যপান কৰি আছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। বৰ্তমান ওছৱালক মদ্যপানৰ নিচা ধৰা পেলাবলৈ চিকিৎসা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

গৌৰৱ আহুজাৰ বিৰুদ্ধে ভাৰতীয় ন্যায়িক সংহিতা আৰু মটৰ গাড়ী আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। য’ত জনসাধাৰণৰ উপদ্ৰৱ, অসাৱধানতাৰে গাড়ী চলোৱা আৰু জনসাধাৰণৰ সুৰক্ষা বিপন্ন কৰা আদি অপৰাধসমূহ এই আইনৰ অন্তৰ্ভুক্ত। ইয়াৰ উপৰিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে আহুজা আৰু তেওঁৰ পিতৃ মনোজ আহুজাৰ জুৱা সম্পৰ্কীয় কাম-কাজত জড়িত হোৱাৰ ইতিহাস আছে। ২০২১ চনত মাত্ৰ ২০ বছৰীয়া আহুজাক অবৈধ ক্ৰিকেট বাজি কৰা এটা ডাঙৰ গেঙৰ সদস্য বুলি উল্লেখ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু