--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বহুলোকেই এনে আছে যিসকলে জীৱনৰ এক বিশেষ সময় স্মৰণীয় কৰি ৰাখিবৰ বাবে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰে৷ যি সকোলেৰে দৃষ্টি আকৰ্ষণ কৰে৷ তেনে এক ব্যতিক্ৰমি পদক্ষেপেৰে শেহতীয়াকৈ চৰ্চাত আহিছে এখন বিশেষ বিয়াৰ নিমন্ত্ৰণী পত্ৰ৷ 

এই পদক্ষেপৰ আঁৰত আছে এক মহৎ উদ্দেশ্য,সম্প্ৰতি বৰ্ধিত প্লাষ্টিকৰ ব্যৱহাৰে সৃষ্টি কৰা প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি মধ্যপ্ৰদেশৰ জৱলপুৰৰ বজাৰত নিমন্ত্ৰণী পত্ৰ উপলব্ধ হৈছে যি সম্পূৰ্ণ পৰিৱেশ অনুকূল। এই নিমন্ত্ৰণী পত্ৰ আন এটা বিশেষত্ব হ’ল কিছু সময় পানীত ৰাখিলে ইয়াৰ পৰা তুলসী পুলি প্ৰাণৱন্ত হৈ উঠে। অৱশ্যে সম্প্ৰতি ডিজিটেল মাধ্যমৰ সময়ত ডিজিটেল কাৰ্ডেও জনপ্ৰিয়তা লাভ কৰিছে৷ 

এই অনন্য নিমন্ত্ৰণী পত্ৰখন প্ৰস্তুত কৰিছে অৱসৰপ্ৰাপ্ত কৃষি বিজ্ঞানী ৰজনীশ ডুবে আৰু তেওঁৰ কন্যা সুভাষিণী ডুবেই।কৃষি বিজ্ঞানী গৰাকীয়ে কয় যে এই আমন্ত্ৰণী পত্ৰ আকৰ্ষণীয় হোৱাৰ লগতে পৰিৱেশৰ বাবেও অতি উপকাৰী।বিগত ৩৭ বছৰ ধৰি জৈৱিক কৃষিৰ ক্ষেত্ৰখনত কাম কৰি অহা ৰজনীশ ডুবেই কয় যে ছমাহ পূৰ্বে তেওঁ চৰকাৰী সেৱাৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। আৰু তেওঁৰ কন্যা সুভাষিণীয়েও কৃষি ক্ষেত্ৰত গৱেষণা কৰি আছে।

বৰ্ধিত প্ৰদূষণৰ ওপৰত চৰ্চা চলি থকাৰ সময়তে তেওঁৰ মনলৈ এই ধাৰণাটো আহিছিল বুলি জনায়। ইয়াৰ পিছত তেওঁ নমুনা হিচাপে এখন কাৰ্ড প্ৰস্তুত কৰে। এতিয়া তেওঁলোকে গ্ৰাহকৰ প্ৰয়োজন অনুযায়ী কাৰ্ড প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছে। হাতেৰে তৈয়াৰী কাগজ আৰু শাক-পাচলিৰ চিয়াঁহীৰে নিৰ্মিত এই কাৰ্ডখন নিৰ্মাণৰ বাবত মাত্ৰ ৬০ টকা খৰচ হয়। লগতে তেওঁ কয় যে এই কাৰ্ডখন প্ৰায় ১২ ঘণ্টা পানীত ৰখাৰ পিছত ইয়াৰ পৰা তুলসী গছ জীৱন্ত হৈ উঠে। তুলসীৰ বাহিৰেও আন প্ৰকাৰৰ ফুলৰ দৰে আনান উদ্ভিদো ব্যৱহাৰ কৰিব পাৰি বুলি উল্লেখ কৰে।

লগতে তেওঁ কয় যে বিয়া এখনত আত্মীয়-স্বজন তথা পৰিচিত মানুহৰ বাবে ইয়াতকৈ আৰু ভাল উপহাৰ থাকিব নোৱাৰে। আনহাতে তেওঁৰ কন্যা শুভাষিনীয়ে কয় যে যুগ্মজীৱনৰ দায়বদ্ধতাৰ সৈতে পৰিবেশৰ সুৰক্ষাৰ প্ৰতিও দায়বদ্ধতা সোণত সুৱগাচৰা হ’ব। তেওঁ কয় যে আমাৰ লক্ষ্য যে এই সৰু প্ৰচেষ্টাৰ জৰিয়তে মানুহৰ মাজত সজাগতা সৃষ্টি কৰা। নতুন এক আৰম্ভনিত ইয়াত কৈ আৰু সুখৰ কথা কি হ’ব পাৰে বুলি মত প্ৰকাশ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
বৰপেটাৰোডত অবৈধ ৬ টকীয়া লটাৰী টিকট বিক্ৰেতাক আটক
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন