--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বহুলোকেই এনে আছে যিসকলে জীৱনৰ এক বিশেষ সময় স্মৰণীয় কৰি ৰাখিবৰ বাবে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰে৷ যি সকোলেৰে দৃষ্টি আকৰ্ষণ কৰে৷ তেনে এক ব্যতিক্ৰমি পদক্ষেপেৰে শেহতীয়াকৈ চৰ্চাত আহিছে এখন বিশেষ বিয়াৰ নিমন্ত্ৰণী পত্ৰ৷ 

এই পদক্ষেপৰ আঁৰত আছে এক মহৎ উদ্দেশ্য,সম্প্ৰতি বৰ্ধিত প্লাষ্টিকৰ ব্যৱহাৰে সৃষ্টি কৰা প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি মধ্যপ্ৰদেশৰ জৱলপুৰৰ বজাৰত নিমন্ত্ৰণী পত্ৰ উপলব্ধ হৈছে যি সম্পূৰ্ণ পৰিৱেশ অনুকূল। এই নিমন্ত্ৰণী পত্ৰ আন এটা বিশেষত্ব হ’ল কিছু সময় পানীত ৰাখিলে ইয়াৰ পৰা তুলসী পুলি প্ৰাণৱন্ত হৈ উঠে। অৱশ্যে সম্প্ৰতি ডিজিটেল মাধ্যমৰ সময়ত ডিজিটেল কাৰ্ডেও জনপ্ৰিয়তা লাভ কৰিছে৷ 

এই অনন্য নিমন্ত্ৰণী পত্ৰখন প্ৰস্তুত কৰিছে অৱসৰপ্ৰাপ্ত কৃষি বিজ্ঞানী ৰজনীশ ডুবে আৰু তেওঁৰ কন্যা সুভাষিণী ডুবেই।কৃষি বিজ্ঞানী গৰাকীয়ে কয় যে এই আমন্ত্ৰণী পত্ৰ আকৰ্ষণীয় হোৱাৰ লগতে পৰিৱেশৰ বাবেও অতি উপকাৰী।বিগত ৩৭ বছৰ ধৰি জৈৱিক কৃষিৰ ক্ষেত্ৰখনত কাম কৰি অহা ৰজনীশ ডুবেই কয় যে ছমাহ পূৰ্বে তেওঁ চৰকাৰী সেৱাৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। আৰু তেওঁৰ কন্যা সুভাষিণীয়েও কৃষি ক্ষেত্ৰত গৱেষণা কৰি আছে।

বৰ্ধিত প্ৰদূষণৰ ওপৰত চৰ্চা চলি থকাৰ সময়তে তেওঁৰ মনলৈ এই ধাৰণাটো আহিছিল বুলি জনায়। ইয়াৰ পিছত তেওঁ নমুনা হিচাপে এখন কাৰ্ড প্ৰস্তুত কৰে। এতিয়া তেওঁলোকে গ্ৰাহকৰ প্ৰয়োজন অনুযায়ী কাৰ্ড প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছে। হাতেৰে তৈয়াৰী কাগজ আৰু শাক-পাচলিৰ চিয়াঁহীৰে নিৰ্মিত এই কাৰ্ডখন নিৰ্মাণৰ বাবত মাত্ৰ ৬০ টকা খৰচ হয়। লগতে তেওঁ কয় যে এই কাৰ্ডখন প্ৰায় ১২ ঘণ্টা পানীত ৰখাৰ পিছত ইয়াৰ পৰা তুলসী গছ জীৱন্ত হৈ উঠে। তুলসীৰ বাহিৰেও আন প্ৰকাৰৰ ফুলৰ দৰে আনান উদ্ভিদো ব্যৱহাৰ কৰিব পাৰি বুলি উল্লেখ কৰে।

লগতে তেওঁ কয় যে বিয়া এখনত আত্মীয়-স্বজন তথা পৰিচিত মানুহৰ বাবে ইয়াতকৈ আৰু ভাল উপহাৰ থাকিব নোৱাৰে। আনহাতে তেওঁৰ কন্যা শুভাষিনীয়ে কয় যে যুগ্মজীৱনৰ দায়বদ্ধতাৰ সৈতে পৰিবেশৰ সুৰক্ষাৰ প্ৰতিও দায়বদ্ধতা সোণত সুৱগাচৰা হ’ব। তেওঁ কয় যে আমাৰ লক্ষ্য যে এই সৰু প্ৰচেষ্টাৰ জৰিয়তে মানুহৰ মাজত সজাগতা সৃষ্টি কৰা। নতুন এক আৰম্ভনিত ইয়াত কৈ আৰু সুখৰ কথা কি হ’ব পাৰে বুলি মত প্ৰকাশ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ