--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ আজমেৰ জিলাৰ বেৱাৰ নিবাসী ২৮ বছৰীয়া হৰ্ষালী কোঠাৰীয়ে ধৰ্ম আৰু সন্ন্যাসিনী পথ অৱলম্বন কৰাৰ সিদ্ধান্ত লৈছে। বেংগালুৰুৰ এটা বহুজাতিক কোম্পানীত বাৰ্ষিক দৰমহা ৩২ লাখ টকাৰে কাম কৰা হৰ্ষালীয়ে অহা ৩ ডিচেম্বৰত জৈন দীক্ষা গ্ৰহণ কৰিব।

वैराग्य की राह में निकलीं 29 वर्षीय हर्षाली कोठारी

বুধবাৰে আজমেৰৰ আৰাধনা ভৱনত জৈন সমাজে হৰ্ষালীৰ বাবে এক বৃহৎ অনুষ্ঠানৰ আয়োজন কৰে। ইয়াত ‘বেবী শ্বাৱাৰ আৰু বৰ্ঘোডা’ কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত জৈন সমাজে হৰ্ষালীক মালা পিন্ধাই আৰু চাদৰেৰে আবৃত কৰি সন্মান জনায়। 

হৰ্ষালীৰ পিতৃ অশোক কোঠাৰীয়ে জনোৱা মতে, ২০১৭-১৮ চনত তেওঁৰ কন্যাই জয়পুৰৰ লক্ষ্মী নিৱাস মিত্তল কলেজৰ পৰা বি.টেক অধ্যয়ন কৰিছিল। ইয়াৰ পিছত তেওঁ বাংগালুৰুৰ এটা ডাঙৰ কোম্পানীত চফটৱেৰ ইঞ্জিনিয়াৰ হিচাপে কাম কৰিছিল। কৰ’নাৰ সময়ত যেতিয়া ঘৰৰ পৰা কাম চলি আছিল, তেতিয়া হৰ্ষালীয়ে জৈন সাধক ৰামলাল জী মহাৰাজৰ চতুৰ্মাছ কাৰ্যসূচীত অংশ লৈছিল। ইয়াৰ পৰাই তেওঁৰ ধৰ্মৰ প্ৰতি প্ৰৱণতা বৃদ্ধি পালে ৷

ক’ৰ’নাৰ পিছত যেতিয়া কোম্পানীয়ে তেওঁক অফিচলৈ উভতি যাবলৈ ক’লে, তেতিয়া হৰ্ষালীয়ে চাকৰি এৰি সম্পূৰ্ণ ধৰ্মত মগ্ন হৈ পৰিল। এতিয়া তেওঁ ৩ ডিচেম্বৰত আচাৰ্য ৰামলাল জী মহাৰাজৰ পৰা দীক্ষা গ্ৰহণ কৰি সংযমৰ পথত খোজ দিব। জৈন সমাজৰ হৈ বৈৰগন হৰ্ষালীৰ পিতৃ অশোক কোথাৰী, মাতৃ উষা কোথাৰীকে ধৰি পৰিয়ালৰ আন সদস্যসকলক চাদৰেৰে আবৃত আৰু মালা পিন্ধাই সন্মান জনোৱা হয়। এই অনুষ্ঠান পৰিচালনা কৰে কবি বুদ্ধিপ্ৰকাশ দধিচে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
তামুলপুৰত জুবিন অনুৰাগীৰ এহেজাৰটা নাহৰ পুলি ৰোপণ
আজি অসমীয়াৰ হেঁপাহৰ কাতি বিহু; মংগল হওক সকলোৰে
আপুনি Meta ৰ Messenger app ব্যৱহাৰ কৰে নেকি? শীঘ্ৰেই বন্ধ হ'ব এই Messenger App
বায়ুমণ্ডলত অভাৱনীয় হাৰত বৃদ্ধি কাৰ্বন-ডাই-অক্সাইড, বায়ুমণ্ডল, মহাসাগৰ, স্থলভাগৰ জীৱকুলৰ ভাৰসাম্য নোহোৱা হৈছে
জুবিনৰ স্থায়ী সমাধিক্ষেত্র, ফাষ্টট্রেক আদালত, মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
বাৰিষাতে ৰাজ্যত হ্রাস চাহৰ উৎপাদন, চাহ ব'ৰ্ডৰ উদ্বেগজনক তথ্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে