--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় সেনাৰ শ্বহীদ কেপ্তেইন অংশুমান সিং আৰু তেওঁৰ পিতৃ-মাতৃ, পত্নী এইকেইদিন খুব চৰ্চাত আছে। যোৱা বছৰৰ জুলাই মাহত ছিয়াচেনত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত শ্বহীদ হৈছিল অংশুমান সিং। এতিয়া শ্বহীদ কেপ্তেইন অংশুমান সিঙৰ পিতৃ-মাতৃয়ে বোৱাৰী অৰ্থাৎ স্মৃতি সিঙৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। 

২০২৪ চনৰ ৫ জুলাইত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মৰণোত্তৰভাৱে শ্বহীদ কেপ্তেইন অংশুমান সিঙক কীৰ্তি চক্ৰৰে সন্মানিত কৰে। এই সন্মান তেওঁৰ পত্নী স্মৃতি সিং আৰু মাতৃ মঞ্জু দেৱীয়ে লাভ কৰে। শাহুৱেক আৰু বোৱাৰীয়েক একেলগে থকা আৱেগিক ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। কিন্তু ছবিত একেলগে দেখা তেওঁলোকৰ এই সম্পৰ্কত বিভাজন ঘটিছে।

যোৱা বছৰৰ জুলাই মাহত ছিয়াচেনত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত শ্বহীদ হোৱা কেপ্তেইন অংশুমান সিঙৰ পিতৃ-মাতৃয়ে ভাৰতীয় সেনাবাহিনীৰ আত্মীয় (এন অ’ কে নিয়ম)ৰ নীতি-নিয়ম সলনি কৰাৰ দাবী জনাইছে। এটা নিউজ চেনেলৰ সৈতে হোৱা কথা-বতৰাত ৰবি প্ৰতাপ সিং আৰু তেওঁৰ পত্নী মঞ্জু সিঙে দাবী কৰে যে তেওঁলোকৰ পুত্ৰৰ মৃত্যুৰ পিছত তেওঁলোকৰ বোৱাৰী স্মৃতি সিঙে তেওঁলোকৰ ঘৰ এৰি গুচি গৈছে আৰু এতিয়া লাভৰ অধিকাংশই লৈছে। 

আচলতে ৰবি প্ৰতাপ সিঙে কয় যে ''এন অ’ কেৰ বাবে নিৰ্ধাৰণ কৰা মাপকাঠী শুদ্ধ নহয়। এই সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতেও কথা পাতিছো। অংশুমানৰ পত্নী আৰু আমাৰ লগত নাথাকে, তেওঁলোকৰ বিয়াৰ মাত্ৰ পাঁচ মাহ হৈছিল আৰু সন্তান নাই। আমাৰ লগত কেৱল মালাৰ সৈতে বেৰত ওলমি থকা আমাৰ ল’ৰাৰ ফটো এখনহে আছে। মোৰ ল'ৰাও শ্বহীদ হল আৰু বোৱাৰীও লগত নাথাকিল।''

তেওঁ লগতে কয় যে সেয়েহে ''আমি বিচাৰো যে এন অ’ কেৰ সংজ্ঞা ঠিক হওক। এইটো সিদ্ধান্ত লোৱা উচিত যে শ্বহীদৰ পত্নী যদি পৰিয়ালত থাকে, তেন্তে কাৰ ওপৰত কিমান নিৰ্ভৰশীল। কেপ্তেইন সিঙৰ মাতৃয়ে কয় যে চৰকাৰে এন অ’ কেৰ নিয়ম পুনৰ বিবেচনা কৰক যাতে আন পিতৃ-মাতৃয়ে সমস্যাৰ সন্মুখীন হ’ব নালাগে।''

তথ্য অনুসৰি শ্বহীদ অংশুমান সিঙৰ পত্নী স্মৃতিয়ে চৰকাৰে দিয়া কীৰ্তি চক্ৰ লৈ গুৰদাসপুৰৰ ঘৰলৈ গৈছে। পদকৰ সমান্তৰালকৈ তেওঁ নথি-পত্ৰত লিপিবদ্ধ হোৱা স্থায়ী ঠিকনাও সলনি কৰি ঘৰ গুৰদাসপুৰলৈ স্থানান্তৰিত কৰিছে।

এন অ’ কেৰ নিয়ম কি কি?

আচলতে NOK মানে Next of Kin। এই শব্দটো কোনো ব্যক্তিৰ ঘনিষ্ঠ আত্মীয় বা আইনী প্ৰতিনিধিৰ বাবে ব্যৱহাৰ কৰা হয়। সেনাবাহিনীৰ নিয়ম অনুসৰি সেনাবাহিনীৰ কোনো ব্যক্তিৰ কিবা এটা হ’লে তেওঁৰ এন অ’ কেত নিৰ্দিষ্ট পৰিমাণ (এক্স-গ্ৰেটিয়া) দিয়া হয়। 

কেডেট বা বিষয়াই যেতিয়া সেনাবাহিনীত যোগদান কৰে তেতিয়া তেওঁৰ পিতৃ-মাতৃ বা অভিভাৱকৰ নাম NOK হিচাপে লিপিবদ্ধ কৰা হয়। কিন্তু সেই কেডেট বা বিষয়াজনৰ বিয়া হ’লে সেনাবাহিনীৰ নিয়ম অনুসৰি তেওঁৰ পিতৃ-মাতৃৰ নামৰ সলনি তেওঁৰ পত্নীৰ নাম NOK বুলি লিপিবদ্ধ হয়।

 উল্লেখ্য যে কেপ্তেইন অংশুমান সিঙক চিয়াচেন হিমবাহ অঞ্চলৰ ২৬ পঞ্জাব ৰেজিমেণ্টত চিকিৎসা বিষয়া হিচাপে নিযুক্তি দিয়া হৈছিল। ২০২৩ চনৰ ১৯ ​​জুলাইত পুৱা প্ৰায় ৩ বজাত ভাৰতীয় সেনাৰ গোলাবাৰুদ ডিপোত শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হয়। কেপ্তেইন সিঙে দেখিলে যে এটা ফাইবাৰগ্লাছৰ জুপুৰি জুইৰ শিখাই আগুৰি ধৰিছে আৰু তেওঁ লগে লগে ভিতৰত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে। তেওঁলোকে সফলতাৰে চাৰি-পাঁচজন লোকক উদ্ধাৰ কৰে যদিও অতি সোনকালেই জুই কাষৰ কোঠা এটালৈ বিয়পি পৰে। কেপ্তেইন সিং পুনৰ জ্বলি থকা অট্টালিকাটোৰ ভিতৰলৈ সোমাই গ’ল। বহুত চেষ্টা কৰিও তেওঁ নিজৰ প্ৰাণ বচাব নোৱাৰিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান