--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • নতুন ছুপাৰচাৰ্জাৰৰ সহায়ত মডেল ৱাইয়ে মাত্ৰ ১৫ মিনিটত ২৬৭ কিলোমিটাৰ পৰ্যন্ত ৰেঞ্জ লাভ কৰিব পাৰে। ইয়াৰ উপৰিও টেছলাই প্ৰতিখন নতুন গাড়ী ক্ৰয় কৰাৰ লগে লগে বিনামূলীয়াকৈ ৱাল কানেক্টৰ প্ৰদান কৰিব, যিটো গ্ৰাহকৰ ঘৰত সুবিধাজনক চাৰ্জিঙৰ বাবে স্থাপন কৰিব পাৰিব।

ডিজিটেল ডেস্কঃ ইলন মাস্কৰ টেছলাই যোৱা মাহত ভাৰতীয় বজাৰত প্ৰৱেশ কৰাৰ পিছতে নিজৰ কাম-কাজ সম্প্ৰসাৰণ কৰিবলৈ আৰম্ভ কৰিছে। ইভি কোম্পানীয়ে অহা সপ্তাহত ভাৰতত প্ৰথমটো ছুপাৰচাৰ্জিং ষ্টেচন মুকলি কৰাৰ কথা ঘোষণা কৰিছে।


টেছলাৰ প্ৰথমটো ছুপাৰচাৰ্জিং ষ্টেচন মুম্বাইত স্থাপন কৰা হ’ব, য’ত থাকিব ৪টা ভি৪ ছুপাৰচাৰ্জিং ষ্টল (ডিচি ফাষ্ট চাৰ্জাৰ) আৰু চাৰিটা ডেষ্টিনেশ্যন চাৰ্জিং ষ্টল (এচি চাৰ্জাৰ)।


২৫০ কিলোৱাট পৰ্যন্ত চাৰ্জিং গতি


টেছলাৰ মতে, ছুপাৰচাৰ্জাৰে সৰ্বোচ্চ চাৰ্জিং স্পীড ২৫০ কিলোৱাট পৰ্যন্ত প্ৰদান কৰিব, যাৰ আৰম্ভণিৰ মূল্য প্ৰতি কিলোৱাট ঘণ্টাত ২৪ টকা। ইফালে ডেষ্টিনেচন চাৰ্জাৰে প্ৰতি কিলোৱাট ঘণ্টাত ১৪ টকাৰ হাৰত ১১ কিলোৱাট পৰ্যন্ত শক্তি প্ৰদান কৰিব। কোম্পানীটোৱে এক বিবৃতিত কয় যে দেশত আৰু অধিক ছুপাৰচাৰ্জিং ষ্টেচন স্থাপন কৰা হ’ব। তেওঁলোকৰ লক্ষ্য হৈছে সমগ্ৰ দেশ ভ্ৰমণ কৰা আৰু ইভিৰ সুবিধা উন্নত কৰা।


দেশত উপলব্ধ টেছলা মডেল ৱাই


টেছলাই ১৫ জুলাইত মুম্বাইৰ বান্দ্ৰা কুৰ্লা কমপ্লেক্স (বি কে চি)ৰ মেকাৰ মেক্সিটি কমাৰ্চিয়েল কমপ্লেক্সত প্ৰথমটো ভাৰতীয় শ্ব’ৰুম মুকলি কৰে। বৰ্তমান কোম্পানীটোৱে দেশত কেৱল ‘টেছলা মডেল ৱাই’হে আগবঢ়াইছে। ই হৈছে এখন মধ্যমীয়া আকাৰৰ ইলেক্ট্ৰিক এছ ইউ ভি। ইয়াৰ ৰিয়াৰ হুইল ড্ৰাইভ সংস্কৰণৰ মূল্য ৫৯.৮৯ লাখ টকা, আনহাতে লং ৰেঞ্জ সংস্কৰণৰ মূল্য ৬৭.৮৯ লাখ টকা।


চাৰ্জিং সময় আৰু ৰেঞ্জ


টেছলাই দাবী কৰিছে যে নতুন ছুপাৰচাৰ্জাৰৰ সহায়ত মডেল ৱাইয়ে মাত্ৰ ১৫ মিনিটত ২৬৭ কিলোমিটাৰ পৰ্যন্ত ৰেঞ্জ লাভ কৰিব পাৰে। ইয়াৰ উপৰিও টেছলাই প্ৰতিখন নতুন গাড়ী ক্ৰয় কৰাৰ লগে লগে বিনামূলীয়াকৈ ৱাল কানেক্টৰ প্ৰদান কৰিব, যিটো গ্ৰাহকৰ ঘৰত সুবিধাজনক চাৰ্জিঙৰ বাবে স্থাপন কৰিব পাৰিব।


উল্লেখ্য যে কোম্পানীটোৱে ২০২২ চনত ভাৰতীয় পৰিকল্পনা বন্ধ কৰিছিল, কিন্তু যোৱা বছৰ পুনৰ প্ৰচেষ্টা আৰম্ভ কৰে । ভাৰতত ইয়াৰ মুকলিৰ সময়তে টেছলাই বিশ্বজুৰি বিক্ৰী হ্ৰাস পোৱা আৰু বৈদ্যুতিক বাহনৰ বজাৰত ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰতিযোগিতাৰ সন্মুখীন হৈছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ