--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • নতুন ছুপাৰচাৰ্জাৰৰ সহায়ত মডেল ৱাইয়ে মাত্ৰ ১৫ মিনিটত ২৬৭ কিলোমিটাৰ পৰ্যন্ত ৰেঞ্জ লাভ কৰিব পাৰে। ইয়াৰ উপৰিও টেছলাই প্ৰতিখন নতুন গাড়ী ক্ৰয় কৰাৰ লগে লগে বিনামূলীয়াকৈ ৱাল কানেক্টৰ প্ৰদান কৰিব, যিটো গ্ৰাহকৰ ঘৰত সুবিধাজনক চাৰ্জিঙৰ বাবে স্থাপন কৰিব পাৰিব।

ডিজিটেল ডেস্কঃ ইলন মাস্কৰ টেছলাই যোৱা মাহত ভাৰতীয় বজাৰত প্ৰৱেশ কৰাৰ পিছতে নিজৰ কাম-কাজ সম্প্ৰসাৰণ কৰিবলৈ আৰম্ভ কৰিছে। ইভি কোম্পানীয়ে অহা সপ্তাহত ভাৰতত প্ৰথমটো ছুপাৰচাৰ্জিং ষ্টেচন মুকলি কৰাৰ কথা ঘোষণা কৰিছে।


টেছলাৰ প্ৰথমটো ছুপাৰচাৰ্জিং ষ্টেচন মুম্বাইত স্থাপন কৰা হ’ব, য’ত থাকিব ৪টা ভি৪ ছুপাৰচাৰ্জিং ষ্টল (ডিচি ফাষ্ট চাৰ্জাৰ) আৰু চাৰিটা ডেষ্টিনেশ্যন চাৰ্জিং ষ্টল (এচি চাৰ্জাৰ)।


২৫০ কিলোৱাট পৰ্যন্ত চাৰ্জিং গতি


টেছলাৰ মতে, ছুপাৰচাৰ্জাৰে সৰ্বোচ্চ চাৰ্জিং স্পীড ২৫০ কিলোৱাট পৰ্যন্ত প্ৰদান কৰিব, যাৰ আৰম্ভণিৰ মূল্য প্ৰতি কিলোৱাট ঘণ্টাত ২৪ টকা। ইফালে ডেষ্টিনেচন চাৰ্জাৰে প্ৰতি কিলোৱাট ঘণ্টাত ১৪ টকাৰ হাৰত ১১ কিলোৱাট পৰ্যন্ত শক্তি প্ৰদান কৰিব। কোম্পানীটোৱে এক বিবৃতিত কয় যে দেশত আৰু অধিক ছুপাৰচাৰ্জিং ষ্টেচন স্থাপন কৰা হ’ব। তেওঁলোকৰ লক্ষ্য হৈছে সমগ্ৰ দেশ ভ্ৰমণ কৰা আৰু ইভিৰ সুবিধা উন্নত কৰা।


দেশত উপলব্ধ টেছলা মডেল ৱাই


টেছলাই ১৫ জুলাইত মুম্বাইৰ বান্দ্ৰা কুৰ্লা কমপ্লেক্স (বি কে চি)ৰ মেকাৰ মেক্সিটি কমাৰ্চিয়েল কমপ্লেক্সত প্ৰথমটো ভাৰতীয় শ্ব’ৰুম মুকলি কৰে। বৰ্তমান কোম্পানীটোৱে দেশত কেৱল ‘টেছলা মডেল ৱাই’হে আগবঢ়াইছে। ই হৈছে এখন মধ্যমীয়া আকাৰৰ ইলেক্ট্ৰিক এছ ইউ ভি। ইয়াৰ ৰিয়াৰ হুইল ড্ৰাইভ সংস্কৰণৰ মূল্য ৫৯.৮৯ লাখ টকা, আনহাতে লং ৰেঞ্জ সংস্কৰণৰ মূল্য ৬৭.৮৯ লাখ টকা।


চাৰ্জিং সময় আৰু ৰেঞ্জ


টেছলাই দাবী কৰিছে যে নতুন ছুপাৰচাৰ্জাৰৰ সহায়ত মডেল ৱাইয়ে মাত্ৰ ১৫ মিনিটত ২৬৭ কিলোমিটাৰ পৰ্যন্ত ৰেঞ্জ লাভ কৰিব পাৰে। ইয়াৰ উপৰিও টেছলাই প্ৰতিখন নতুন গাড়ী ক্ৰয় কৰাৰ লগে লগে বিনামূলীয়াকৈ ৱাল কানেক্টৰ প্ৰদান কৰিব, যিটো গ্ৰাহকৰ ঘৰত সুবিধাজনক চাৰ্জিঙৰ বাবে স্থাপন কৰিব পাৰিব।


উল্লেখ্য যে কোম্পানীটোৱে ২০২২ চনত ভাৰতীয় পৰিকল্পনা বন্ধ কৰিছিল, কিন্তু যোৱা বছৰ পুনৰ প্ৰচেষ্টা আৰম্ভ কৰে । ভাৰতত ইয়াৰ মুকলিৰ সময়তে টেছলাই বিশ্বজুৰি বিক্ৰী হ্ৰাস পোৱা আৰু বৈদ্যুতিক বাহনৰ বজাৰত ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰতিযোগিতাৰ সন্মুখীন হৈছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু