--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যোৱা বুধবাৰে সংঘটিত হোৱা ভয়ানক ভূমিকম্পটোৰ সৈতে এই আগ্নেয়গিৰিৰ উদ্‌গিৰণৰ সংযোগ আছে।

ডিজিটেল ডেস্কঃ ৬০০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ৰাছিয়াৰ কামচটকাত ক্রাছেনিনিক 'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই যোৱা সপ্তাহত ৰাছিয়াৰ পূব দিশত সংঘটিত হ'ল ৮.৮ প্রাবল্যৰ এই প্ৰচণ্ড ভূমিকম্পটো।


দেওবাৰে ৰাছিয়াৰ 'ৰিয়া' চৰকাৰী নিউজ এজেন্সি আৰু বিজ্ঞানীসকলে এই তথ্য প্রকাশ কৰে। কামচটকা আগ্নেয়গিৰি উদ্গিৰণ প্ৰশমন দলৰ মুৰব্বী অলগা গিৰিনাৰ উদ্ধৃতি দি 'ৰিয়া' নিউজ এজেন্সিয়ে কয় যে যোৱা বুধবাৰে সংঘটিত হোৱা ভয়ানক ভূমিকম্পটোৰ সৈতে এই আগ্নেয়গিৰিৰ উদ্‌গিৰণৰ সংযোগ আছে।


এই প্রবল ভূমিকম্পই প্রশান্ত মহাসাগৰীয় অঞ্চলত ছুনামিৰ আশংকা বৃদ্ধি কৰিছিল। কামচটকা প্ৰণালীত থকা সবাতোকৈ সক্রিয় আগ্নেয়গিৰিটোৰ লাভা উদ্‌দ্গিৰণ পূর্বতে ১৪৬৩ চনত হৈছিল আৰু পৰা তেতিয়াৰ আগ্নেয়গিৰিটোৰ কোনো উদ্‌গিৰণ হোৱা নাছিল।


ৰাছিয়াৰ জৰুৰী সেৱা মন্ত্ৰ্যালয়ৰ কামচটকা শাখাই কয় যে ক্রাছেনিনিক'ভআগ্নেয়গিৰি উদ্গিৰণ হোৱাৰ পাছত ৬০০০ মিটাৰ পৰ্যন্ত উচ্চতালৈ লাভা উদ্গিৰণ হৈছিল। উল্লেখযোগ্য যে এই আগ্নেয়গিৰিটোৰ উচ্চতা ১,৮৫৬ মিটাৰ।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ