--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৱবিবাহিত জোঁৱাইক এচিডেৰে আক্ৰমণ কৰিলে শহুৰেকে। এক সৰু বিবাদক লৈ এই ভয়ংকৰ আক্ৰমণ শহুৰেকৰ।  মহাৰাষ্ট্ৰৰ কল্যাণৰ পৰা পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ ঘটনা। শহুৰেকৰ এচিড আক্ৰমণত জোঁৱাই গুৰুতৰভাৱে আহত হয়। কল্যাণৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে জোঁৱাই। আনহাতে শহুৰেক বৰ্তমান পলাতক অৱস্থাত। এই গোচৰত বজাৰপথ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।

লাভ কৰা তথ্য অনুসৰি ইবাদ ফালকে পৰিয়ালৰ সৈতে কল্যাণ পশ্চিম অঞ্চলত থাকে। এমাহ পূৰ্বে একেটা অঞ্চলতে বাস কৰা জাকি খোটালৰ কন্যাৰ সৈতে ইবাদৰ বিয়া হৈছিল। বিয়াৰ পিছত ইবাদে নৱবিবাহিতা পত্নীৰ সৈতে হনীমুনত কাশ্মীৰলৈ যাব বিচাৰিছিল আৰু তাৰ বাবেও প্ৰস্তুতি চলাইছিল। কিন্তু শহুৰেক জাকি খোটালে জোঁৱাইক ক’লে যে তেওঁলোক কাশ্মীৰলৈ যাব নালাগে বৰঞ্চ মক্কা আৰু মদিনালৈ নামাজৰ বাবে যাব লাগে।

এই বিষয়টোক লৈ যোৱা কেইদিনমানৰ পৰা শহুৰেক জাকি আৰু জোঁৱাই ইবাদৰ মাজত বিবাদ চলি আছিল। জোঁৱায়েকে তেওঁৰ কথা মানি নোলোৱাত জাকিৰ বৰ খং উঠিল। যোৱা নিশা প্ৰায় ৮ বজাত কল্যাণৰ লাল চৌকী অঞ্চলৰ পৰা ইবাদে ঘৰৰ ফালে গৈ আছিল। ইফালে ক্ষুব্ধ জাকিয়ে ৰিক্সা এখনত উঠি ইবাদৰ ওচৰলৈ আহি এচিডেৰে আক্ৰমণ কৰে। এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় ইবাদ।

কল্যাণৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁ চিকিৎসাধীন হৈ আছে। ঘটনাৰ পিছত অভিযুক্ত শহুৰেক জাকি খোটালে ভয় খাই পলাই যায়। এই গোচৰত বজাৰপথ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি শহুৰেকৰ সন্ধান আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?