--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৱবিবাহিত জোঁৱাইক এচিডেৰে আক্ৰমণ কৰিলে শহুৰেকে। এক সৰু বিবাদক লৈ এই ভয়ংকৰ আক্ৰমণ শহুৰেকৰ।  মহাৰাষ্ট্ৰৰ কল্যাণৰ পৰা পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ ঘটনা। শহুৰেকৰ এচিড আক্ৰমণত জোঁৱাই গুৰুতৰভাৱে আহত হয়। কল্যাণৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে জোঁৱাই। আনহাতে শহুৰেক বৰ্তমান পলাতক অৱস্থাত। এই গোচৰত বজাৰপথ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।

লাভ কৰা তথ্য অনুসৰি ইবাদ ফালকে পৰিয়ালৰ সৈতে কল্যাণ পশ্চিম অঞ্চলত থাকে। এমাহ পূৰ্বে একেটা অঞ্চলতে বাস কৰা জাকি খোটালৰ কন্যাৰ সৈতে ইবাদৰ বিয়া হৈছিল। বিয়াৰ পিছত ইবাদে নৱবিবাহিতা পত্নীৰ সৈতে হনীমুনত কাশ্মীৰলৈ যাব বিচাৰিছিল আৰু তাৰ বাবেও প্ৰস্তুতি চলাইছিল। কিন্তু শহুৰেক জাকি খোটালে জোঁৱাইক ক’লে যে তেওঁলোক কাশ্মীৰলৈ যাব নালাগে বৰঞ্চ মক্কা আৰু মদিনালৈ নামাজৰ বাবে যাব লাগে।

এই বিষয়টোক লৈ যোৱা কেইদিনমানৰ পৰা শহুৰেক জাকি আৰু জোঁৱাই ইবাদৰ মাজত বিবাদ চলি আছিল। জোঁৱায়েকে তেওঁৰ কথা মানি নোলোৱাত জাকিৰ বৰ খং উঠিল। যোৱা নিশা প্ৰায় ৮ বজাত কল্যাণৰ লাল চৌকী অঞ্চলৰ পৰা ইবাদে ঘৰৰ ফালে গৈ আছিল। ইফালে ক্ষুব্ধ জাকিয়ে ৰিক্সা এখনত উঠি ইবাদৰ ওচৰলৈ আহি এচিডেৰে আক্ৰমণ কৰে। এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় ইবাদ।

কল্যাণৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁ চিকিৎসাধীন হৈ আছে। ঘটনাৰ পিছত অভিযুক্ত শহুৰেক জাকি খোটালে ভয় খাই পলাই যায়। এই গোচৰত বজাৰপথ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি শহুৰেকৰ সন্ধান আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ