--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এছ এছ চিৰ প্ৰায় ২৬ হাজাৰ চাকৰি বাতিলকৰণৰ গোচৰত শুনানি   গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে৷ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ বিচাৰপীঠে গ্ৰহণ কৰা এই শুনানিত ৰাজ্যৰ হৈ উপস্থিত থাকে অধিবক্তা ৰাকেশ দ্বিবেদী। এতিয়া এই গোচৰৰ শুনানিক লৈ সৃষ্টি হৈছে কৌতুহলৰ, কলিকতা উচ্চ ন্যায়ালয়ৰ ৰায় ৰক্ষা কৰি ২০১৬ চনৰ সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰা হ’ব নেকি, বা উচ্চতম ন্যায়ালয়ে যোগ্য আৰু অযোগ্য প্ৰাৰ্থীক পৃথক কৰাৰ নিৰ্দেশ দিব নেকি?

শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশে মন্তব্য কৰে য়ে লিখিত পৰীক্ষাত নম্বৰ বৃদ্ধি কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ ৰাজ্যৰ অধিবক্তাজনক ৰাজ্যই যোগ্য আৰু অযোগ্য চাকৰিৰ প্ৰাৰ্থীক বাছনি কৰিবলৈ সন্মতি দিছে নে নাই বুলি প্ৰশ্ন কৰে। প্ৰত্যুত্তৰত ৰাজ্যিক অধিবক্তাই কয় যে তেওঁলোকৰ প্ৰৰ্থীৰ যোগ্য আৰু অযোগ্য নিৰ্বাচনৰ বাবে সমৰ্থন আছে। আৰু তেওঁলোকৰ সিদ্ধান্তৰ বিষয়ে ব্যাখ্যা কৰি লগতে কয় যে তদন্তকাৰী সংস্থা চিবিআইয়ে এই বিষয়ত বিভিন্ন তথ্য প্ৰদান কৰিছে।

উল্লেখযোগ্য যে এই নিযুক্তি দুৰ্নীতিৰ গোচৰৰ তদন্ত কৰি থকা অৱস্থাত চিবিআইৰ বিষয়াসকলে কেইবাখনো অ’এমআৰ শ্বীট উদ্ধাৰ কৰে। চাকৰিৰ পৰা বৰ্খাস্ত কৰা লোকসকলৰ বিশ্বাসযোগ্যতাক লৈ অধিবক্তাই প্ৰশ্ন উত্থাপন কৰি। তেওঁ প্ৰশ্ন কৰে যে সেই সকলোবোৰ অ’এমআৰ শ্বীটত ধাৰা ৬৫বি এভিডেন্স আইন অনুসৰি ইলেক্ট্ৰনিক তথ্য পৰীক্ষা কৰিবলৈ কোনো প্ৰমাণপত্ৰ নাই।  অৱশ্যে মুখ্য ন্যায়াধীশগৰাকীয়ে বৃহস্পতিবাৰৰ শুনানিত কয় যে ৬৫বি সন্দৰ্ভত ভুল ধাৰণা আছে। মূল অ’এমআৰ শ্বীটখন ধ্বংস কৰা হৈছে। ৬৫বি প্ৰয়োগৰ দ্বাৰা হাৰ্ড ডিস্কৰ পৰা কি ডাউনলোড কৰা হৈছে সেয়া বুজা সম্ভৱ। আৰু কি আপলোড কৰা হৈছিল। ইয়াৰ লগত প্ৰমাণৰ কি সম্পৰ্ক?” একে সময়তে তেওঁ কয়, ৬৫বিৰ জৰিয়তে চাৰ্ভাৰত তথ্যৰ লগত খেলা-ধূলা কৰা হৈছে বুলি প্ৰমাণ কৰাটো সম্ভৱ নহয়।

শুনানিৰ এক পৰ্যায়ত মুখ্য ন্যায়াধীশে  অ’এমআৰ শ্বীট ধ্বংস কৰা হৈছে নে নাই, আৰু ধ্বংস হ’লেও কিমান দিনৰ ভিতৰত তেনে কৰাৰ নিয়ম আছে বুলি প্ৰশ্ন কৰে৷ আৰু ৰাজ্যৰ প্ৰতিনিধিয়ে এবছৰৰ পাছত অ’এমআৰ শ্বীট ধ্বংস কৰা হৈছে বুলি উল্লেখ কৰে। তেওঁলোকে লগতে কয় যে এছ এছ চিয়ে অ’এম আৰ শ্বীটৰ ‘মিৰ’ৰ ইমেজ’ ৰাখিছে। সাধাৰণতে ই শুদ্ধ নহয় বুলি মুখ্য ন্যায়াধীশৰ মন্তব্য কৰে। একে সময়তে তেওঁ কয় কোনোৱেই অ'এমআৰ শ্বীটৰ দাপোনৰ ছবিখন সংৰক্ষণ কৰা নাই।এটা কথা স্পষ্ট, অৰিজিনেল আৰু স্কেন কৰা অ’এমআৰ শ্বীট একে নহয়।

২২ এপ্ৰিলত কলিকতা উচ্চ ন্যায়ালয়ে স্কুল চাৰ্ভেণ্ট কমিছনৰ নিযুক্তি দুৰ্নীতিৰ গোচৰত  ন্যায়াধীশ দেবংছু বাছাক আৰু ন্যায়াধীশ মহম্মদ শ্বাব্বৰ ৰছিদীৰে গঠিত উচ্চ ন্যায়ালয়ৰ বিভাগীয় বিচাৰপীঠে ২০১৬ চনৰ নিযুক্তি প্ৰক্ৰিয়া বাতিল ঘোষণা কৰে।তাৰ লগে লগে ২৫,৭৫৩ জন লোকে চাকৰি হেৰুৱায়। চাকৰি লাভ কৰা সকলক চাৰি সপ্তাহৰ ভিতৰত ১২ শতাংশ হাৰত সুতৰ সৈতে দৰমহা ঘূৰাই দিবলৈ কোৱা হয়।

ইয়াৰ পাছতে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাস্থ হৈছিল ৰাজ্য চৰকাৰ। ৰাজ্যৰ শিক্ষা বিভাগ, এছ এছ চি আৰু মধ্য শিক্ষা পৰিষদে পৃথক পৃথক গোচৰ ৰুজু কৰে। কেইবাজনো নিবনুৱা লোকেও উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰে। যোৱা ৭ মে’ত উচ্চতম ন্যায়ালয়ৰ তদানীন্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ বিচাৰপীঠে চাকৰি বাতিলৰ গোচৰত অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰিছিল। 

ইয়াৰ পিছত এই গোচৰৰ শুনানি কেইবাবাৰো উচ্চতম ন্যায়ালয়ত পিছুৱাই দিয়া হয়। যোৱা বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ বিচাৰপীঠত শুনানি লোৱাৰ কথা আছিল যদিও পুনৰ গোচৰটো পিছুৱাই দিয়া হয়।

অৱশ্যে যোৱা বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশ খান্নাই কয় যে পৰৱৰ্তী গোচৰৰ শুনানি দুটা কথা বিবেচনা কৰা হ’ব। তেওঁ কয় যে, সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰা উচিত নে অবৈধভাৱে চাকৰি লাভ কৰা প্ৰাৰ্থীসকলক নিৰ্বাচিত কৰি বাতিল কৰা উচিত এই দুটা মূল বিষয় আদালতে বিবেচনা কৰিব বুলি সদৰী কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
প্রায় দুমাহে সমগ্র ইৰানত বন্ধ হৈ আছে শিক্ষা প্রতিষ্ঠানসমূহ; অন্ধকাৰত শিক্ষাৰ্থীৰ ভৱিষ্যৎ
অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
ৰঙালীৰ আনন্দ উল্লাসৰ মাজতে জোনাইত অঘটন ; থিতাতে মৃত্যু এজনৰ
মাজুলীৰ দক্ষিণপাট সত্ৰত ৰঙালী বিহু উদযাপন: সত্ৰাধিকাৰৰ শুভেচ্ছা আৰু পৰম্পৰাগত 'মালা সেৱা' সম্পন্ন
মৰ্মান্তিক; গৰু গা ধোৱাবলৈ গৈ যমজ ভাতৃদ্বয়ৰ মৃত্যু
ৰাজ্যজুৰি মানুহ বিহুৰ উছাহ: জ্যেষ্ঠৰ আশীৰ্বাদেৰে নতুন বছৰক আদৰাৰ পৰম্পৰা