--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী পদৰ পৰা অনিল দেশমুখে সোমবাৰে পদত্যাগ কৰাৰ পাছতে এনচিপিৰ জ্যেষ্ঠ নেতা দিলীপ ৱালছে পাটিলে নতুন গৃহমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব৷ প্ৰাক্তন কংগ্ৰেছী তথা বৰ্তমানৰ এনচিপি নেতা শাৰদ পাৱাৰৰ ব্যক্তিগত সহায়কাৰীৰূপে ৰাজনৈতিক জীৱন আৰম্ভ কৰা পাটিল সাতবাৰকৈ বিধায়কো আছিল৷

আৰু পঢ়িব পাৰিব : অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ : আৰম্ভণিতে বিকল ইভিএম

এনচিপি দলৰ হৈ দিলীপ ৱালছে পাটিলে বৰ্তমান আম্বেগাঁও বিধানসভা সমষ্টিৰ পৰা বিধায়কৰূপে প্ৰতিনিধিত্ব কৰাৰ লগতে উদ্ধৱ থাকৰেৰ চৰকাৰৰ আবকাৰী আৰু শ্ৰম বিভাগৰ ৰাজ্যমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে। ইপিনে ১৯৯০ৰ পৰা ১৯৯৬ চনলৈ আম্বেগাঁও বিধানসভাৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক হোৱাৰ লগতে পাছলৈ কংগ্ৰেছ দলত যোগদান কৰিছিল।

আৰু পঢ়িব পাৰিব : ক’ভিড পৰিস্থিতিৰ শেহতীয়া তথ্য : নিৰ্বাচনৰ পাছত ভয়াৱহ হ’ব নেকি পৰিস্থিতি?

বোম্বে উচ্চ ন্যায়ালয়ে দেশমুখৰ বিৰুদ্ধে চিবিআই তদন্তৰ নিৰ্দেশ দিয়াৰ পাছতে তেওঁ পদত্যাগ কৰে। তদন্ত আৰম্ভ হোৱা বাবে ‘নীতিগত কাৰণ’ত তেওঁ এই পদ এৰাৰ কথা ঘোষণা কৰিছে। মুম্বাই আৰক্ষীৰ প্ৰাক্তন মুৰব্বী পৰম বীৰ সিঙে অনিল দেশমুখৰ বিৰুদ্ধে আনিছিল দুৰ্নীতিৰ গুৰুতৰ অভিযোগ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা