--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউটিউব শ্ব’ ‘ইণ্ডিয়াজ গট লেটেণ্ট’ত সময়ত অশ্লীল মন্তব্য কৰা ৰণবীৰ এলাহাবাদিয়াৰ আবেদনৰ শুনানি গ্ৰহণ কৰা হয় আজি অৰ্থাৎ মঙলবাৰে ৷ এলাহাবাদিয়াৰ মন্তব্যৰ ওপৰত তীব্ৰ সমালোচনা কৰি ন্যায়াধীশ সূৰ্যকান্ত আৰু এন কে সিঙক লৈ গঠিত বিচাৰপীঠে তেওঁৰ অধিবক্তা অভিনৱ চন্দ্ৰচূড়ক কয় যে এনে আচৰণ গৰিহণাৰ যোগ্য ।

ৰণবীৰ এলাহাবাদিয়াৰ বিষয়ে কি ক’লে আদালতে?

আদালতে কয় যে তেওঁলোকৰ মনটো লেতেৰা। তেনে ব্যক্তিৰ যুক্তি আমি কিয় শুনিব লাগে? আদালতে কয় যে, "যি বিকৃত মানসিকতা প্ৰদৰ্শিত হৈছে, সেইটোৱে সমগ্ৰ সমাজখনকে লজ্জাজনক কৰি তুলিব।"

আদালতৰ নিৰ্দেশ অনুসৰি ৰণবীৰে অনুমতি অবিহনে দেশৰ বাহিৰলৈ যাব নোৱাৰিব। উচ্চতম ন্যায়ালয়ে তেওঁৰ পাছপ’ৰ্ট জব্দ কৰাৰ নিৰ্দেশ দিয়ে।

দেশৰ বিভিন্ন ৰাজ্যত তেওঁৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰসমূহ একেলগে ক্লাব কৰিব লাগে বুলি আদালতে কয়।

প্ৰাক্তন ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ পুত্ৰ তথা অধিবক্তা অভিনৱ চন্দ্ৰচুড়ে উচ্চতম ন্যায়ালয়ত ৰণবীৰৰ হৈ যুক্তি আগবঢ়ায়।

অভিনৱে কয় যে তেওঁৰ (ৰণবীৰ এলাহাবাদিয়া) উদ্দেশ্য আছিল হাস্যৰস আৰু আনৰ মৰ্যাদা বা আৱেগক আঘাত নিদিয়া। ন্যায়াধীশ সূৰ্য্যকান্তই তেওঁক তিৰস্কাৰ কৰি সুধিলে, “আপুনি শিল্পৰ নামত অনুজ্ঞাপত্ৰ পাইছেনে?” আপোনাৰ ভাষাটো আছিল গালি-গালাজ আৰু আপত্তিজনক।

ৰণবীৰৰ বক্তব্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰি ন্যায়াধীশ সূৰ্য্যকান্তই অধিবক্তা অভিনৱক প্ৰশ্ন কৰে, আপত্তিজনক বক্তব্যৰ পক্ষ লৈছেনে? অভিনৱ চন্দ্ৰচুড়ে কয় যে এইটো একেবাৰেই নহয়। মই ব্যক্তিগতভাৱে কেৱল এনেবোৰ কথা ঘৃণা কৰো। ন্যায়াধীশ সূৰ্য্যকান্তই প্ৰশ্ন কৰে যে অশ্লীলতাৰ পৰিমাপ কি?

একে সময়তে যেতিয়া অভিনৱ চন্দ্ৰচুড়ে কয় যে ৰণবীৰ এলাহাবাদিয়ালৈ মৃত্যুৰ ভাবুকি আহিছে। এই সন্দৰ্ভত আদালতে কয় যে আইনখনে নিজৰ কাম কৰিব। আমি নিশ্চিত যে তেওঁ যদি নিজৰ বাবে নিৰাপত্তা বিচাৰে তেন্তে আৰক্ষীয়ে তেওঁক নিৰাপত্তা প্ৰদান কৰিব।

উল্লেখ্য যে মহাৰাষ্ট্ৰ, অসম আৰু জয়পুৰত ৰণবীৰৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। আদালতে তদন্তত সহযোগ কৰিবলৈ ৰণবীৰক নিৰ্দেশ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ