--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰত পাকিস্তানৰ সম্পৰ্কৰ বিষয়ে সৰ্বজন বিদিত৷ প্ৰায় এটা দশকৰ অন্তত পাকিস্তান ভ্ৰমণ কৰিব ভাৰতৰ বিদেশ মন্ত্ৰীয়ে৷ ১৫ অক্টোবৰত পাকিস্তানত অনুষ্টিত হ’ব লগীয়া ছাংহাই সহযোগিতা সংস্থাৰ বৈঠকত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে অংশগ্ৰহণ কৰিব । পাকিস্তান ভ্ৰমণৰ খবৰত সন্তুষ্টি প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় সন্মিলনৰ মুৰব্বী ফাৰুক আব্দুল্লাই। সাধাৰণতে এনে বৈঠকত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে। পাকিস্তানত অনুষ্ঠিত হ’ব লগীয়া ছাংহাই  সহযোগিতা সংস্থাৰ বৈঠকত বৈদেশিক মন্ত্ৰীয়ে অংশগ্ৰহণ কৰাত সুখী বুলি মন্তব্য কৰে। ফাৰুক আব্দুল্লাই কয় যে জয়শংকৰে এছচিঅ’ৰ বাহিৰতো দুয়োখন দেশৰ সম্পৰ্ক উন্নত কৰৰা তথা দুয়োখন দেশৰ মাজত ঘৃণা হ্ৰাস কৰিবৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰা হয় সেই বিষয়েও আলেচনা কৰিব বুলি আশা প্ৰকাশ কৰিছে।

কাশ্মীৰৰ সাংবাদিকসকলৰ সৈতে হোৱা কথাবাৰ্তাত ৰাষ্ট্ৰীয় সন্মিলনৰ মুৰব্বীগৰাকীয়ে পশ্চিম এছিয়াৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি ইজৰাইলৰ কাৰ্যকলাপক গৰিহণা দিছে৷ তেওঁ লগতে কয় যে ইজৰাইলে লেবানন, ছিৰিয়া, ইৰাণ আৰু পেলেষ্টাইনত যিদৰে বোমা বিস্ফোৰণ কৰিছে সেয়া অত্যন্ত দুখজনক। যদি পৃথিৱীখনক বচাব বিচাৰো তেন্তে যুদ্ধ সমাধান হ’ব নোৱাৰে। যুদ্ধই নিৰীহ লোকৰ হত্যা কৰে বুলি মত প্ৰকাশ কৰে৷

উল্লেখযোগ্য যে বিগত বছৰত বিদেশ মন্ত্ৰী সুষমা স্বৰাজে হাৰ্ট অৱ এছিয়া সন্মিলনত অংশগ্ৰহণ কৰিবলৈ পাকিস্তান ভ্ৰমণত গৈছিল। দুয়োখন দেশৰ মাজত সম্প্ৰতি যি ধৰণৰ সম্পৰ্ক বৰ্তি আছে তাৰ পাছত দুই দেশৰ মাজত কোনো দ্বিপাক্ষিক আলোচনা হোৱাৰ আশা দেখা নাই। যোৱা বছৰ পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলোৱাল ভুট্টো-জৰ্দাৰীয়ে এছচিঅ’ৰ বৈঠকৰ বাবে ভাৰত ভ্ৰমণ কৰাৰ সময়তো কোনো দ্বিপাক্ষিক আলোচনাত  মিলিত হোৱা নাছিল। তেওঁৰ ভাৰত ভ্ৰমণৰ সময়ছোৱাত দুয়োখন দেশৰ মাজত শান্তি আলোচনা পুনৰ আৰম্ভ কৰাৰ দায়িত্ব ভাৰতৰ ওপৰত বুলি হে মন্তব্য কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক