--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰত পাকিস্তানৰ সম্পৰ্কৰ বিষয়ে সৰ্বজন বিদিত৷ প্ৰায় এটা দশকৰ অন্তত পাকিস্তান ভ্ৰমণ কৰিব ভাৰতৰ বিদেশ মন্ত্ৰীয়ে৷ ১৫ অক্টোবৰত পাকিস্তানত অনুষ্টিত হ’ব লগীয়া ছাংহাই সহযোগিতা সংস্থাৰ বৈঠকত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে অংশগ্ৰহণ কৰিব । পাকিস্তান ভ্ৰমণৰ খবৰত সন্তুষ্টি প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় সন্মিলনৰ মুৰব্বী ফাৰুক আব্দুল্লাই। সাধাৰণতে এনে বৈঠকত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে। পাকিস্তানত অনুষ্ঠিত হ’ব লগীয়া ছাংহাই  সহযোগিতা সংস্থাৰ বৈঠকত বৈদেশিক মন্ত্ৰীয়ে অংশগ্ৰহণ কৰাত সুখী বুলি মন্তব্য কৰে। ফাৰুক আব্দুল্লাই কয় যে জয়শংকৰে এছচিঅ’ৰ বাহিৰতো দুয়োখন দেশৰ সম্পৰ্ক উন্নত কৰৰা তথা দুয়োখন দেশৰ মাজত ঘৃণা হ্ৰাস কৰিবৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰা হয় সেই বিষয়েও আলেচনা কৰিব বুলি আশা প্ৰকাশ কৰিছে।

কাশ্মীৰৰ সাংবাদিকসকলৰ সৈতে হোৱা কথাবাৰ্তাত ৰাষ্ট্ৰীয় সন্মিলনৰ মুৰব্বীগৰাকীয়ে পশ্চিম এছিয়াৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি ইজৰাইলৰ কাৰ্যকলাপক গৰিহণা দিছে৷ তেওঁ লগতে কয় যে ইজৰাইলে লেবানন, ছিৰিয়া, ইৰাণ আৰু পেলেষ্টাইনত যিদৰে বোমা বিস্ফোৰণ কৰিছে সেয়া অত্যন্ত দুখজনক। যদি পৃথিৱীখনক বচাব বিচাৰো তেন্তে যুদ্ধ সমাধান হ’ব নোৱাৰে। যুদ্ধই নিৰীহ লোকৰ হত্যা কৰে বুলি মত প্ৰকাশ কৰে৷

উল্লেখযোগ্য যে বিগত বছৰত বিদেশ মন্ত্ৰী সুষমা স্বৰাজে হাৰ্ট অৱ এছিয়া সন্মিলনত অংশগ্ৰহণ কৰিবলৈ পাকিস্তান ভ্ৰমণত গৈছিল। দুয়োখন দেশৰ মাজত সম্প্ৰতি যি ধৰণৰ সম্পৰ্ক বৰ্তি আছে তাৰ পাছত দুই দেশৰ মাজত কোনো দ্বিপাক্ষিক আলোচনা হোৱাৰ আশা দেখা নাই। যোৱা বছৰ পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলোৱাল ভুট্টো-জৰ্দাৰীয়ে এছচিঅ’ৰ বৈঠকৰ বাবে ভাৰত ভ্ৰমণ কৰাৰ সময়তো কোনো দ্বিপাক্ষিক আলোচনাত  মিলিত হোৱা নাছিল। তেওঁৰ ভাৰত ভ্ৰমণৰ সময়ছোৱাত দুয়োখন দেশৰ মাজত শান্তি আলোচনা পুনৰ আৰম্ভ কৰাৰ দায়িত্ব ভাৰতৰ ওপৰত বুলি হে মন্তব্য কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব