--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সম্প্ৰতি মধ্যপ্ৰাচ্যত বৃদ্ধি পাইছে উত্তেজনা৷ এই উত্তেজনাৰ মূলতে ইৰাণ আৰু ইজৰাইলৰ মাজৰ সংঘাত৷ দুই ৰাষ্ট্ৰৰ সংঘাতৰ মাজ মাজতে বেছিভাগ শক্তিধৰ দেশে নিজৰ নিজৰ শিবিৰ বাছি লৈছে। সেয়ে সম্প্ৰতি ইৰাণৰ ৰাষ্ট্ৰপতিয়ে আৰব দেশ আৰু মুছলমান দেশৰ পৰা এছিয়ান শক্তিৰ ফালে ধ্যান কেন্দ্ৰিত কৰিছে। 

ইৰাণ আৰু ইজৰাইলৰ ক্ৰমবৰ্ধমান উত্তেজনাৰ মাজতে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে এছিয়াৰ দেশসমূহৰ সহায় বিচাৰিছে। থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাইটংটাৰ্ণ শ্বিনাৱাট্ৰাৰ সৈতে হোৱা এক বৈঠকত পেজেস্কিয়ানে এছিয়াৰ দেশসমূহক ইজৰাইলৰ বিৰুদ্ধে একত্ৰিত হ’বলৈ আহ্বান জনাইছে। ইজৰাইলৰ ওপৰত ইৰাণৰ প্ৰতিশোধমূলক আক্ৰমণৰ পাছতে অঞ্চলটোত উত্তেজনা যথেষ্ট বৃদ্ধি পাইছে, ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী ইজৰাইলে লক্ষ্য কৰি লৈছে বুলি চৰ্চিত হৈ আছে। এনে উত্তেজনাপূৰ্ণ পৰিস্থিতিয়ে মধ্যপ্ৰাচ্যত আন এক ভয়াবহ সংঘাতৰ জন্ম দিব পাৰে বুলি আশংকা কৰা হৈছে।

সেয়ে বৃহস্পতিবাৰে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্বিনাৱাত্ৰাৰ সৈতে হোৱা বৈঠকত ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এছিয়ান দেশসমূহৰ সহযোগিতাৰ আহ্বান জনাইছে আৰু এছিয়া ক’অপাৰেশ্যন ডাইলগ আদি আঞ্চলিক সংগঠনৰ দ্বাৰা এছিয়া দেশসমূহে এই অঞ্চলত বিদেশী হস্তক্ষেপ পোষকতা কৰিছে যাতে ইজৰাইলৰ আক্ৰমনাত্মক স্থিতিক নিয়ন্ত্ৰণ কৰিব পাৰে। পেজেস্কিয়ানে লগতে কয় যে ইজৰাইলে আত্মৰক্ষাৰ অজুহাতত মহিলা আৰু শিশুক হত্যা কৰাৰ লগতে চিকিৎসালয়, বিদ্যালয় আৰু অসামৰিক ক্ষেত্ৰসমূহত বোমা বিস্ফোৰণ কৰি আহিছে। আন্তঃৰাষ্ট্ৰীয় স্তৰত মৌনতাৰ মাজত এনেধৰণৰ কাৰ্যকলাপ লজ্জাজনক বুলিও মন্তব্য কৰে ৰাষ্ট্ৰ প্ৰধান জনে।

পেজেছকিয়ানে ভালদৰেই জ্ঞাত যে আৰব দেশসমূহ আমেৰিকা আৰু ইজৰাইলৰ ঘনিষ্ঠ, আনহাতে অঞ্চলটোত ছিয়া-চুন্নী বিবাদৰ বাবে আৰব দেশসমূহৰ অধিকাংশই ইৰাণক সমৰ্থন নকৰে। উল্লেখযোগ্য যে গাজাত বছৰজোৰা যুদ্ধৰ মাজতে ইৰাণে আৰবৰ লগতে অন্যান্য ইছলামিক দেশসমূহক ইজৰাইলৰ সৈতে বাণিজ্য বন্ধ কৰিবলৈ বাৰে বাৰে আহ্বান জনাই আহিছে যদিও কোনো বিশেষ প্ৰভাৱ পৰিলক্ষিত হোৱা নাই। 

উল্লেখনীয় যে ভাৰতৰ সুনাম কেৱল এছিয়াৰ লগতে পশ্চিমীয়া দেশসমূহৰ মাজতো এক শক্তিশালী স্থান আছে৷ আমেৰিকাই জানে যে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ সমাধানৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকা কিমান গুৰুত্বপূৰ্ণ হ’ব পাৰে, এনে পৰিস্থিতিত যদি মধ্যপ্ৰাচ্যত বৃদ্ধি পোৱা উত্তেজনা বন্ধ কৰাৰ ক্ষেত্ৰত ভাৰত আগবাঢ়ি আহে তেতিয়া আমেৰিকাকে ধৰি পশ্চিমীয়া দেশসমূহে সমৰ্থন কৰাটো সম্ভৱ হৈ উঠিব।

ইয়াৰোপৰিও ইৰাণ আৰু ইজৰাইল উভয় দেশৰ সৈতে ভাৰতৰ সু-সম্পৰ্ক আছে৷ আৰু ইজৰাইলৰ লগতে স্বাধীন পেলেষ্টাইনৰ অস্তিত্বকো ভাৰতে সমৰ্থন কৰে। ভাৰত গ্ল’বেল চাউথৰ শক্তিশালী কণ্ঠ আৰু এছিয়াৰ উদীয়মান অৰ্থনীতি, সেয়েহে এই সংঘাত হ্ৰাস কৰাত ভাৰতৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ’ব। সেয়ে পৰিস্থিতিৰ শুধৰণিৰ বাবে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে এছিয়াৰ দেশসমূহক একত্ৰিত হ’বলৈ আহ্বান জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক