--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সম্প্ৰতি মধ্যপ্ৰাচ্যত বৃদ্ধি পাইছে উত্তেজনা৷ এই উত্তেজনাৰ মূলতে ইৰাণ আৰু ইজৰাইলৰ মাজৰ সংঘাত৷ দুই ৰাষ্ট্ৰৰ সংঘাতৰ মাজ মাজতে বেছিভাগ শক্তিধৰ দেশে নিজৰ নিজৰ শিবিৰ বাছি লৈছে। সেয়ে সম্প্ৰতি ইৰাণৰ ৰাষ্ট্ৰপতিয়ে আৰব দেশ আৰু মুছলমান দেশৰ পৰা এছিয়ান শক্তিৰ ফালে ধ্যান কেন্দ্ৰিত কৰিছে। 

ইৰাণ আৰু ইজৰাইলৰ ক্ৰমবৰ্ধমান উত্তেজনাৰ মাজতে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে এছিয়াৰ দেশসমূহৰ সহায় বিচাৰিছে। থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাইটংটাৰ্ণ শ্বিনাৱাট্ৰাৰ সৈতে হোৱা এক বৈঠকত পেজেস্কিয়ানে এছিয়াৰ দেশসমূহক ইজৰাইলৰ বিৰুদ্ধে একত্ৰিত হ’বলৈ আহ্বান জনাইছে। ইজৰাইলৰ ওপৰত ইৰাণৰ প্ৰতিশোধমূলক আক্ৰমণৰ পাছতে অঞ্চলটোত উত্তেজনা যথেষ্ট বৃদ্ধি পাইছে, ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী ইজৰাইলে লক্ষ্য কৰি লৈছে বুলি চৰ্চিত হৈ আছে। এনে উত্তেজনাপূৰ্ণ পৰিস্থিতিয়ে মধ্যপ্ৰাচ্যত আন এক ভয়াবহ সংঘাতৰ জন্ম দিব পাৰে বুলি আশংকা কৰা হৈছে।

সেয়ে বৃহস্পতিবাৰে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্বিনাৱাত্ৰাৰ সৈতে হোৱা বৈঠকত ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এছিয়ান দেশসমূহৰ সহযোগিতাৰ আহ্বান জনাইছে আৰু এছিয়া ক’অপাৰেশ্যন ডাইলগ আদি আঞ্চলিক সংগঠনৰ দ্বাৰা এছিয়া দেশসমূহে এই অঞ্চলত বিদেশী হস্তক্ষেপ পোষকতা কৰিছে যাতে ইজৰাইলৰ আক্ৰমনাত্মক স্থিতিক নিয়ন্ত্ৰণ কৰিব পাৰে। পেজেস্কিয়ানে লগতে কয় যে ইজৰাইলে আত্মৰক্ষাৰ অজুহাতত মহিলা আৰু শিশুক হত্যা কৰাৰ লগতে চিকিৎসালয়, বিদ্যালয় আৰু অসামৰিক ক্ষেত্ৰসমূহত বোমা বিস্ফোৰণ কৰি আহিছে। আন্তঃৰাষ্ট্ৰীয় স্তৰত মৌনতাৰ মাজত এনেধৰণৰ কাৰ্যকলাপ লজ্জাজনক বুলিও মন্তব্য কৰে ৰাষ্ট্ৰ প্ৰধান জনে।

পেজেছকিয়ানে ভালদৰেই জ্ঞাত যে আৰব দেশসমূহ আমেৰিকা আৰু ইজৰাইলৰ ঘনিষ্ঠ, আনহাতে অঞ্চলটোত ছিয়া-চুন্নী বিবাদৰ বাবে আৰব দেশসমূহৰ অধিকাংশই ইৰাণক সমৰ্থন নকৰে। উল্লেখযোগ্য যে গাজাত বছৰজোৰা যুদ্ধৰ মাজতে ইৰাণে আৰবৰ লগতে অন্যান্য ইছলামিক দেশসমূহক ইজৰাইলৰ সৈতে বাণিজ্য বন্ধ কৰিবলৈ বাৰে বাৰে আহ্বান জনাই আহিছে যদিও কোনো বিশেষ প্ৰভাৱ পৰিলক্ষিত হোৱা নাই। 

উল্লেখনীয় যে ভাৰতৰ সুনাম কেৱল এছিয়াৰ লগতে পশ্চিমীয়া দেশসমূহৰ মাজতো এক শক্তিশালী স্থান আছে৷ আমেৰিকাই জানে যে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ সমাধানৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকা কিমান গুৰুত্বপূৰ্ণ হ’ব পাৰে, এনে পৰিস্থিতিত যদি মধ্যপ্ৰাচ্যত বৃদ্ধি পোৱা উত্তেজনা বন্ধ কৰাৰ ক্ষেত্ৰত ভাৰত আগবাঢ়ি আহে তেতিয়া আমেৰিকাকে ধৰি পশ্চিমীয়া দেশসমূহে সমৰ্থন কৰাটো সম্ভৱ হৈ উঠিব।

ইয়াৰোপৰিও ইৰাণ আৰু ইজৰাইল উভয় দেশৰ সৈতে ভাৰতৰ সু-সম্পৰ্ক আছে৷ আৰু ইজৰাইলৰ লগতে স্বাধীন পেলেষ্টাইনৰ অস্তিত্বকো ভাৰতে সমৰ্থন কৰে। ভাৰত গ্ল’বেল চাউথৰ শক্তিশালী কণ্ঠ আৰু এছিয়াৰ উদীয়মান অৰ্থনীতি, সেয়েহে এই সংঘাত হ্ৰাস কৰাত ভাৰতৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ’ব। সেয়ে পৰিস্থিতিৰ শুধৰণিৰ বাবে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে এছিয়াৰ দেশসমূহক একত্ৰিত হ’বলৈ আহ্বান জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব