--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বুধবাৰে বাণিজ্যিক বাহন চালক সকলৰ পক্ষত এক গুৰুত্বপূৰ্ণ ৰায়দান দিছে উচ্চতম ন্যায়ালয়ে৷ এতিয়াৰ পৰা এল.এম.ভি ড্ৰাইভিং লাইচেন্স থকা ব্যক্তিয়েও ৭৫০০ কেজি পৰ্যন্ত ওজনৰ বাণিজ্যিক বাহন চলাব পাৰিব বুলি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে ৰায় দিছে। 
  
উল্লেখযোগ্য যে এল.এম.ভি ড্ৰাইভিং লাইচেন্সধাৰীয়ে চলোৱা বাহনৰ সৈতে জড়িত দুৰ্ঘটনাত বীমা কোম্পানীৰ পৰা ক্ষতিপূৰণৰ দাবীক লৈ এই বিবাদৰ সূত্ৰপাত হৈছিল৷ উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পাছত এনে ক্ষেত্ৰত বীমা কোম্পানীয়ে ক্ষতিপূৰণৰ দাবী অস্বীকাৰ কৰিব নোৱাৰে। ইয়াৰ পূৰ্বে বীমা কোম্পানীসমূহে আইনী নিষেধাজ্ঞাৰ অচিলাৰে, যদি চালকসকলৰ কেৱল এল এম ভি অনুজ্ঞাপত্ৰহে থাকে তেন্তে নিৰ্দিষ্ট ওজন পৰিবহণ কৰা বাহনৰ সৈতে জড়িত দাবীসমূহ প্ৰায়ে অস্বীকাৰ কৰি আহিছিল।

সৰ্বসন্মতিক্ৰমে দিয়া এই ৰায়দানত ন্যায়াধীশ হৃষিকেশ ৰয়ে উল্লেখ কৰে যে, দেশত বৰ্ধিত পথ দুৰ্ঘটনাৰ বাবে এল.এম.ভি ড্ৰাইভিং লাইচেন্সধাৰীসকল দায়ী বুলি কোনো তথ্য নাই। আৰু দীঘলীয়া সময় ধৰি ৰাস্তাত গাড়ী চলোৱাৰ অভিজ্ঞতা থকা এল.এম.ভি অনুজ্ঞাপত্ৰধাৰীসকলৰ অভিযোগ কাৰিকৰী কাৰণত খাৰিজ কৰিব নোৱাৰি বুলি উল্লেখ কৰে৷

এই প্ৰসংগত প্ৰাথমিক প্ৰশ্নটো আছিল এল এম ভি অনুজ্ঞাপত্ৰ থকা ব্যক্তিয়ে ৭৫০০ কিলোগ্ৰাম পৰ্যন্ত ওজনৰ বাহন চলাব পাৰিবনে? আৰু বীমা কোম্পানীসমূহে যুক্তি দৰ্শাইছিল যে কেৱল নিৰ্দিষ্ট অনুজ্ঞাপত্ৰই নিৰ্ধাৰিত বাহন চলোৱাৰ অনুমতিহে প্ৰদান কৰে। আৰু বীমাৰ ধন পৰিশোধৰ ক্ষেত্ৰত একাধিক বিবাদৰ সৃষ্টি হৈছিল৷ এতিয়া উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পাছত বীমা কোম্পানীয়ে মটৰ দুৰ্ঘটনাৰ বীমাৰ ধন পৰিশোধৰ ক্ষেত্ৰতো সালসলনি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

আদালতে কেন্দ্ৰক এমভি আইন, ১৯৮৮ৰ সংশোধনী ক্ষিপ্ৰতাৰে কৰিবলৈ আহ্বান জনাইছে। চৰকাৰে শীতকালীন অধিবেশনত এলএমভি আইনত এই সালসলনি কৰিব বুলি কয়। ইয়াৰ পাছত এল.এম.ভি অনুজ্ঞাপত্ৰধাৰীয়ে এনেধৰণৰ গোচৰত জৰিমনা বা গোচৰৰ পৰা সকাহ লাভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ