--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বুধবাৰে বাণিজ্যিক বাহন চালক সকলৰ পক্ষত এক গুৰুত্বপূৰ্ণ ৰায়দান দিছে উচ্চতম ন্যায়ালয়ে৷ এতিয়াৰ পৰা এল.এম.ভি ড্ৰাইভিং লাইচেন্স থকা ব্যক্তিয়েও ৭৫০০ কেজি পৰ্যন্ত ওজনৰ বাণিজ্যিক বাহন চলাব পাৰিব বুলি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে ৰায় দিছে। 
  
উল্লেখযোগ্য যে এল.এম.ভি ড্ৰাইভিং লাইচেন্সধাৰীয়ে চলোৱা বাহনৰ সৈতে জড়িত দুৰ্ঘটনাত বীমা কোম্পানীৰ পৰা ক্ষতিপূৰণৰ দাবীক লৈ এই বিবাদৰ সূত্ৰপাত হৈছিল৷ উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পাছত এনে ক্ষেত্ৰত বীমা কোম্পানীয়ে ক্ষতিপূৰণৰ দাবী অস্বীকাৰ কৰিব নোৱাৰে। ইয়াৰ পূৰ্বে বীমা কোম্পানীসমূহে আইনী নিষেধাজ্ঞাৰ অচিলাৰে, যদি চালকসকলৰ কেৱল এল এম ভি অনুজ্ঞাপত্ৰহে থাকে তেন্তে নিৰ্দিষ্ট ওজন পৰিবহণ কৰা বাহনৰ সৈতে জড়িত দাবীসমূহ প্ৰায়ে অস্বীকাৰ কৰি আহিছিল।

সৰ্বসন্মতিক্ৰমে দিয়া এই ৰায়দানত ন্যায়াধীশ হৃষিকেশ ৰয়ে উল্লেখ কৰে যে, দেশত বৰ্ধিত পথ দুৰ্ঘটনাৰ বাবে এল.এম.ভি ড্ৰাইভিং লাইচেন্সধাৰীসকল দায়ী বুলি কোনো তথ্য নাই। আৰু দীঘলীয়া সময় ধৰি ৰাস্তাত গাড়ী চলোৱাৰ অভিজ্ঞতা থকা এল.এম.ভি অনুজ্ঞাপত্ৰধাৰীসকলৰ অভিযোগ কাৰিকৰী কাৰণত খাৰিজ কৰিব নোৱাৰি বুলি উল্লেখ কৰে৷

এই প্ৰসংগত প্ৰাথমিক প্ৰশ্নটো আছিল এল এম ভি অনুজ্ঞাপত্ৰ থকা ব্যক্তিয়ে ৭৫০০ কিলোগ্ৰাম পৰ্যন্ত ওজনৰ বাহন চলাব পাৰিবনে? আৰু বীমা কোম্পানীসমূহে যুক্তি দৰ্শাইছিল যে কেৱল নিৰ্দিষ্ট অনুজ্ঞাপত্ৰই নিৰ্ধাৰিত বাহন চলোৱাৰ অনুমতিহে প্ৰদান কৰে। আৰু বীমাৰ ধন পৰিশোধৰ ক্ষেত্ৰত একাধিক বিবাদৰ সৃষ্টি হৈছিল৷ এতিয়া উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পাছত বীমা কোম্পানীয়ে মটৰ দুৰ্ঘটনাৰ বীমাৰ ধন পৰিশোধৰ ক্ষেত্ৰতো সালসলনি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

আদালতে কেন্দ্ৰক এমভি আইন, ১৯৮৮ৰ সংশোধনী ক্ষিপ্ৰতাৰে কৰিবলৈ আহ্বান জনাইছে। চৰকাৰে শীতকালীন অধিবেশনত এলএমভি আইনত এই সালসলনি কৰিব বুলি কয়। ইয়াৰ পাছত এল.এম.ভি অনুজ্ঞাপত্ৰধাৰীয়ে এনেধৰণৰ গোচৰত জৰিমনা বা গোচৰৰ পৰা সকাহ লাভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু