--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয়মূলৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হেৰিছক পৰাস্ত কৰি দ্বিতীয় বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ পদত আধিস্থিত হ’ল ডনাল্ড ট্ৰাম্প৷ ট্ৰাম্প ৰাষ্ট্ৰপতি পদত অধিস্থিত হোৱাৰ লগে লগেই উত্থান পৰিলক্ষিত হ’ল আমেৰিকাৰ শ্বেয়াৰ বজাৰত৷একেই উত্থান পৰিলক্ষিত হ’ল ভাৰতৰ শ্বেয়াৰ বজাৰতো৷

আমেৰিকাৰ শ্বেয়াৰ বজাৰত উত্থানৰ মাজতে  টেছলাৰ শ্বেয়াৰ ১৫ শতাংশ ওপৰলৈ উঠে আৰু ইলন মাস্কে মাত্ৰ ২৪ ঘন্টাত তেওঁ ২ লাখ কোটিৰো অধিক টকা অৰ্জন কৰে। টেছলাৰ উপৰিও ট্ৰাম্পৰ নিজা মিডিয়া কোম্পানী ট্ৰাম্প মিডিয়া এণ্ড টেকন’লজি গ্ৰুপেৰো শ্বেয়াৰ ৩০% বৃদ্ধি পাইছিল৷ সম্ভাৱ্য ট্ৰাম্প প্ৰশাসনৰ অনুকূল নীতিৰ আশাৰ মাজতে ক্ষুদ্ৰ মূল্যৰ, ঘৰুৱা কেন্দ্ৰিক ষ্টকসমূহৰ বাবে এই উত্থান পৰিলক্ষিত হয়। 

ইফালে ড’নাল্ড ট্ৰাম্পৰ বিজয়ে ডাউ জ’নছৰো ১৫০৮ পইণ্ট বা ৩.৫৭ শতাংশ বৃদ্ধি পাই ৪৩,৭২৯ পইণ্টত উপনীত হয়। এছ এণ্ড পি ৫০০ ও ২.৫৩ শতাংশলৈ বৃদ্ধি পায় ইয়াৰ লগতে নাছডাক-ইও প্ৰায় ৩ শতাংশলৈ বৃদ্ধি। এইদৰে আমেৰিকাৰ বজাৰত বহু কোম্পানীৰ শ্বেয়াৰে অভিলেখ সৃষ্টি কৰিলে৷ যাৰ বাবে ইলন মাস্কৰ পৰা আৰম্ভ কৰি জেফ বেজোছলৈকে সকলোৰে সম্পত্তি যথেষ্ট বৃদ্ধি পায়।

ট্ৰাম্পৰ বিজয়ে সৰ্বাধিক লাভৱান হয় বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্ক৷ ব্লুমবাৰ্গ বিলিয়নাৰ সূচকাংক অনুসৰি ইলন মাস্কৰ নেট ৱৰ্থ ২৬.৫ বিলিয়ন ডলাৰতকৈ অধিক বৃদ্ধিৰে ইলন মাস্কৰ সম্পত্তি ২৯০ বিলিয়ন ডলাৰলৈ বৃদ্ধি পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ