--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আমেৰিকা, কানাডা আৰু মেক্সিকোৱে যুটীয়াভাৱে আয়োজন কৰা এইবাৰৰ বিশ্ব কাপত প্রচণ্ড গৰমে খেলুৱৈ আৰু খেলত তীব্র প্রত্যাহবানৰ সৃষ্টি কৰিব।

ডিজিটেল ডেস্ক: বিশ্বৰ সৰ্ববৃহৎ ক্রীড়া প্রতিযোগিতা ফিফা বিশ্ব কাপ এইবাৰ এক নতুন আৰু অদৃশ্য প্রতিদ্বন্দ্বীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। সেয়া হ'ল বিশ্বৰ উষ্ণতা বৃদ্ধি। ক্লাইমেট চেণ্ট্ৰেলে বিশ্ব কাপক লৈ শেহতীয়াকৈ এক আশ্চৰ্যকৰ প্ৰতিবেদন প্রকাশ কৰিছে। প্রতিবেদনখনত উল্লেখ কৰা মতে, আমেৰিকা, কানাডা আৰু মেক্সিকোৱে যুটীয়াভাৱে আয়োজন কৰা এইবাৰৰ বিশ্ব কাপত প্রচণ্ড গৰমে খেলুৱৈ আৰু খেলত তীব্র প্রত্যাহবানৰ সৃষ্টি কৰিব। 


প্রচণ্ড গৰমে খেলুৱৈৰ প্ৰদৰ্শনত গভীৰভাৱে প্ৰভাৱিত কৰিব বুলি কোৱা হৈছে। প্রতিবেদনখনত কৰা বিশ্লেষণৰ পৰা এই কথা জানিব পৰা গৈছে যে জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যক্ষ প্ৰভাৱ এইবাৰৰ বিশ্ব কাপত পৰিব। 


উল্লেখযোগ্য যে এইবাৰৰ বিশ্ব কাপ ইতিহাসৰ ভিতৰত সৰ্ববৃহৎ। প্রতিযোগিতাত ৪৮টা দলে মুঠ ১০৪খন মেচ খেলিব। ইয়াৰে ৯৭খন মেচত এনেকুৱা 'প্ৰদৰ্শনত প্ৰভাৱ পেলোৱা প্ৰচণ্ড গৰম পৰিব' যি খেলুৱৈৰ স্বাস্থ্যৰ লগতে তেওঁলোকৰ খেলক গভীৰভাৱে প্ৰভাৱিত কৰাৰ আশংকা কৰা হৈছে। প্রতিযোগিতাৰ ৪৯খন মেচত প্রচণ্ড গৰমে গভীৰ প্ৰভাৱ পেলোৱাৰ আশংকা ৫০ শতাংশতকৈ অধিক বুলি প্রতিবেদনখনত কোৱা হৈছে। 


আনহাতে, ২৬খন মেচত জলবায়ু পৰিৱৰ্তনৰ ফলত অত্যধিক গৰম পৰাৰ আশংকা ১০% বৃদ্ধি কৰা হৈছে। প্রচণ্ড গৰমে অতি গভীৰ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা থকা মেচখন হ'ল ২৬ জুনত মেক্সিকোৰ গুয়াডালাজাৰাত হ'বলগীয়া উৰুগুৱে আৰু স্পেইনৰ মেচখন। এই মেচখনত গৰমে খেলুৱৈ তথা দলৰ প্ৰদৰ্শনত গভীৰ প্ৰভাৱ পেলোৱাৰ ৭০% সম্ভাৱনা আছে। ইয়াত জলবায়ু পৰিৱৰ্তনৰ অৱদান হ'ল প্রায় ৩৭%। 


বিজ্ঞানী আৰু ক্রীড়া বিশেষজ্ঞসকলৰ মতে, ২৮ ডিগ্রী চেলছিয়াছতকৈ অধিক তাপমাত্রাই ফুটবল খেলুৱৈৰ গতি, শাৰীৰিক অৱসাদৰ পৰা নিৰাময় আৰু খেলপথাৰত তেওঁলোকৰ সক্ৰিয়তাক প্রত্যক্ষভাৱে প্রভাৱিত কৰে। এনে তাপমাত্ৰাত খেলুৱৈৰ দৌৰাৰ ক্ষমতা হ্রাস পায় আৰু কম দূৰত্বহে অতিক্ৰম কৰিব পাৰে। শৰীৰে পুনৰ শক্তি লাভ কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয়। ই খেলুৱৈৰ শৰীৰৰ লগতে খেলৰ ৰোমাঞ্চো বহুখিনি হ্রাস কৰে। খেলুৱৈ সোনকালেই ভাগৰি পৰিলে মেচৰ গতিও মন্থৰ হৈ পৰিব আৰু ইয়াৰ ফলত কৌশল সলনি কৰা হয়, যি স্বাভাৱিক খেলক প্ৰভাৱিত কৰে। ক্লাইমেট চেণ্ট্ৰেলৰ গৱেষকসকলে বিশ্ব কাপৰ সকলো মেচৰ তাৰিখ আৰু স্থান গভীৰভাৱে অধ্যয়ন কৰি এই মত আগবঢ়ায়।

উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ