--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সমস্ত উৎকণ্ঠাৰ অৱসান ঘটাই মূৰকত ভাৰতীয় ফুটবল অনুৰাগীয়ে আসন্ন বিশ্ব কাপৰ মেচ উপভোগৰ সুযোগ লাভ কৰিছে।

ডিজিটেল ডেস্ক : অৱশেষত স্বস্তি লাভ কৰিলে ভাৰতীয় ফুটবলপ্রেমীয়ে। সমস্ত উৎকণ্ঠাৰ অৱসান ঘটাই মূৰকত ভাৰতীয় ফুটবল অনুৰাগীয়ে আসন্ন বিশ্ব কাপৰ মেচ উপভোগৰ সুযোগ লাভ কৰিছে। জি এণ্টাৰটেইনমেণ্ট এণ্টাৰপ্ৰাইজ লিমিটেডৰ সৈতে চুক্তি হৈছে বিশ্ব ফুটবলৰ নিয়ামক সংস্থা ফিফাৰ। সোমবাৰে এই কথা জনাইছে জি এণ্টাৰটেইনমেণ্টে। এই চুক্তি ৮ বছৰীয়া। 


মাথোঁ এইবাৰৰ বিশ্ব কাপ ফুটবলেই নহয় ২০২৭ আৰু ২০৩১ চনৰ মহিলা বিশ্ব কাপ, ২০৩০ আৰু ২০৩৪ চনৰ পুৰুষৰ ফুটবল বিশ্ব কাপসহ মুঠ ৩৯টা আন্তর্জাতিক প্রতিযোগিতা দেখুৱাব জি টিভিয়ে। জি এণ্টাৰটেইনমেন্টে জনাইছে যে সম্প্রতি তেওঁলোকে ৪টা চেনেল আৰম্ভ কৰিছে। সেয়া হ'ল ইউনাইট ৮ স্প'র্টছ ১, ইউনাইট ৮ স্প'র্টছ ১ এইচ ডি, ইউনাইট ৮ স্প'ৰ্টছ ২ আৰু ইউনাইট ৮ স্প'র্টছ ২ এইচ ডি। এই ৪টা চেনেলত দেখা যাব বিশ্ব কাপৰ খেল। ইয়াৰ লগতে জি ফাইভ এপতো খেল চাব পাৰিব দর্শকে। 


মুঠ কিমান টকাত চুক্তি হৈছে সেয়া এই পর্যন্ত ৰাজহুৱাকৈ জানিব পৰা হোৱা নাই। অৱশ্যে, সূত্ৰৰ খবৰ অনুসৰি ভাৰতীয় মূল্যত প্রায় ৩৩২ কোটি টকাত ফিফাৰ সৈতে ৮ বছৰীয়া চুক্তিত স্বাক্ষৰ কৰিছে জি টিভিয়ে। ইমান টকা ভাৰতৰ আন কোনো সম্প্ৰচাৰকাৰীয়ে দিব খোজা নাই। শেহতীয়াকৈ জি টিভিৰ সৈতেই কথা-বার্তা চলিছিল ফিফাৰ। অৱশেষত সেয়া চূড়ান্ত হ'ল।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ