--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সমস্ত উৎকণ্ঠাৰ অৱসান ঘটাই মূৰকত ভাৰতীয় ফুটবল অনুৰাগীয়ে আসন্ন বিশ্ব কাপৰ মেচ উপভোগৰ সুযোগ লাভ কৰিছে।

ডিজিটেল ডেস্ক : অৱশেষত স্বস্তি লাভ কৰিলে ভাৰতীয় ফুটবলপ্রেমীয়ে। সমস্ত উৎকণ্ঠাৰ অৱসান ঘটাই মূৰকত ভাৰতীয় ফুটবল অনুৰাগীয়ে আসন্ন বিশ্ব কাপৰ মেচ উপভোগৰ সুযোগ লাভ কৰিছে। জি এণ্টাৰটেইনমেণ্ট এণ্টাৰপ্ৰাইজ লিমিটেডৰ সৈতে চুক্তি হৈছে বিশ্ব ফুটবলৰ নিয়ামক সংস্থা ফিফাৰ। সোমবাৰে এই কথা জনাইছে জি এণ্টাৰটেইনমেণ্টে। এই চুক্তি ৮ বছৰীয়া। 


মাথোঁ এইবাৰৰ বিশ্ব কাপ ফুটবলেই নহয় ২০২৭ আৰু ২০৩১ চনৰ মহিলা বিশ্ব কাপ, ২০৩০ আৰু ২০৩৪ চনৰ পুৰুষৰ ফুটবল বিশ্ব কাপসহ মুঠ ৩৯টা আন্তর্জাতিক প্রতিযোগিতা দেখুৱাব জি টিভিয়ে। জি এণ্টাৰটেইনমেন্টে জনাইছে যে সম্প্রতি তেওঁলোকে ৪টা চেনেল আৰম্ভ কৰিছে। সেয়া হ'ল ইউনাইট ৮ স্প'র্টছ ১, ইউনাইট ৮ স্প'র্টছ ১ এইচ ডি, ইউনাইট ৮ স্প'ৰ্টছ ২ আৰু ইউনাইট ৮ স্প'র্টছ ২ এইচ ডি। এই ৪টা চেনেলত দেখা যাব বিশ্ব কাপৰ খেল। ইয়াৰ লগতে জি ফাইভ এপতো খেল চাব পাৰিব দর্শকে। 


মুঠ কিমান টকাত চুক্তি হৈছে সেয়া এই পর্যন্ত ৰাজহুৱাকৈ জানিব পৰা হোৱা নাই। অৱশ্যে, সূত্ৰৰ খবৰ অনুসৰি ভাৰতীয় মূল্যত প্রায় ৩৩২ কোটি টকাত ফিফাৰ সৈতে ৮ বছৰীয়া চুক্তিত স্বাক্ষৰ কৰিছে জি টিভিয়ে। ইমান টকা ভাৰতৰ আন কোনো সম্প্ৰচাৰকাৰীয়ে দিব খোজা নাই। শেহতীয়াকৈ জি টিভিৰ সৈতেই কথা-বার্তা চলিছিল ফিফাৰ। অৱশেষত সেয়া চূড়ান্ত হ'ল।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু