--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছিংগাপুৰ অ’পেন ২০২২ৰ ফাইনেলত প্ৰৱেশ পিভি সিন্ধুৰ। ভাৰতৰ বেডমিণ্টন তাৰকাগৰাকীৰ গতিত মোলান পৰি ৰয় প্ৰতিপক্ষৰ ৰেকেট। ৩১ মিনিট ধৰি চলা খেলখনত পৰাস্ত হয় জাপানৰ ছায়েনা কাৱাকামীয়ে। অলিম্পিকৰ ডাবল মেডেল বিজয়ী শ্বাটলাৰগৰাকীয়ে মাত্ৰ দুটা ৰাউণ্ডতে সমাপ্ত কৰে খেলখন। ২১-১৫, ২১-৭ৰ ব্যৱধানত জয়ী হয় সিন্ধু।

মন কৰিবলগীয়া যে, শনিবাৰে আৰম্ভণিৰে পৰা আক্ৰমণাত্মক মেজাজত আছিল সিন্ধু। অৱশ্যে, প্ৰথমখন খেলত কাৱাকামীয়ে সংগ্ৰাম কৰিছিল। কেতিয়াবা সিন্ধুৱে আগবাঢ়িছিল আৰু কেতিয়াবা কাৱাকামীয়ে ক্ষমতা দেখুৱাই প্ৰত্যাৱৰ্তন কৰিছিল। কিন্তু, দ্বিতীয় ৰাউণ্ডত অসাৰ হৈ পৰে কাৱাকামী। 

টকিঅ’ অলিম্পিকৰ পিছৰে পৰা চিনাকী ছন্দত দেখিবলৈ পোৱা নাই সিন্ধুক। প্ৰতিখন প্ৰতিযোগিতাৰ আৰম্ভণি ভালদৰে হ’লেও কিন্তু নক আউটত ৰৈ যাবলগীয়া হৈছে। বিশেষকৈ টাইৱানৰ টাই ট্জু ইং যেন সিদ্ধুৰ বাবে বাটৰ কাঁইট হৈ পৰিছে। লক্ষ্যণীয়ভাৱে, টাই ট্জু ইঙৰ বিৰুদ্ধে এতিয়ালৈকে ১৭ খন মেচত পৰাস্ত হৈছে সিন্ধু। অৱশ্যে, টাই জু ইঙে ছিংগাপুৰ অ’পেনত খেলা নাই। এনে পৰিস্থিতিত সিন্ধুৱে চেম্পিয়ন হোৱাৰ আশা পুনৰ এবাৰ সজীৱ হৈ উঠিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ