--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ মঞ্চত অভিলেখ গঢ়িবলৈ সক্ষম হোৱা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয় মুৰালী শ্ৰীশংকৰ। লং জাম্পাৰ মুৰালী শ্ৰীশংকৰে ফাইনেলৰ বাবে টিকট লাভ কৰিছে। ইফালে, আন এক শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে অবিনাশ ছেবলে।

২৩ বছৰীয়া লং জাম্পাৰ মুৰালীয়ে চলিত বৰ্ষত ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰি আহিছে। ছিজনৰ তালিকাৰ দ্বিতীয় স্থানত থকা মুৰালী এতিয়া ভাৰতৰ বাবে অন্যতম আশাৰ কিৰণ। প্ৰত্যাশা অনুসৰিয়েই প্ৰদৰ্শন অব্যাহত ৰাখিছে তেওঁ। বিশ্ব চেম্পিয়নশ্বিপতো ভাল প্ৰদৰ্শন অব্যাহত মুৰালীৰ। দ্বিতীয়টো দৌৰত মুৰালীয়ে পোনে পোনে ৮ মিটাৰ দূৰলৈ জপিয়াই ফাইনেলত প্ৰৱেশ কৰে। ভাৰতীয় লং জাম্পাৰসকলে গ্ৰুপ ‘বি’ত দ্বিতীয় আৰু যোগ্যতা অৰ্জনকাৰী ৰাউণ্ডত সামগ্ৰিকভাৱে সপ্তম স্থান দখল কৰে।

স্বাভাৱিকতে, মুৰালী আৰু অবিনাশৰ পৰাই বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ প্ৰথমটো পদক জয়ৰ স্বপ্ন দেখিছে ভাৰতে। ভাৰতীয় সময় অনুসৰি, মঙলবাৰে ফাইনেলত অৱতীৰ্ণ হ’ব অবিনাশে। স্মৰ্তব্য যে, ২৭বছৰীয়া অবিনাশে ৩বছৰ পূৰ্বে একেটা বিভাগৰে ফাইনেলত যোগ্যতা অৰ্জন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ