--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • মৃতদেহৰ পৰা নিৰ্গত হোৱা দুৰ্গন্ধ লুকুৱাবলৈ তেওঁ নিতৌ মৃতদেহটোত সুগন্ধি স্প্ৰে’ কৰিছিল বুলি আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে।

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মিৰাট জিলাত এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। এজন পিতৃয়ে নিজৰ ২১ বছৰীয়া মৃত কন্যাৰ মৃতদেহটো সৎকাৰ নকৰি প্ৰায় পাঁচ মাহ ধৰি নিজৰ বিচনাতে ৰাখি থৈছিল।


মৃতদেহৰ পৰা নিৰ্গত হোৱা দুৰ্গন্ধ লুকুৱাবলৈ তেওঁ নিতৌ মৃতদেহটোত সুগন্ধি স্প্ৰে’ কৰিছিল বুলি আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে।


ঘটনাটো মিৰাটৰ শাস্ত্ৰীনগৰ অঞ্চলত সংঘটিত হৈছে। অভিযুক্ত ব্যক্তিজনক কৈলাশ চন্দ্ৰ বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, যোৱা কেইবামাহো ধৰি তেওঁৰ কন্যাক ওচৰ-চুবুৰীয়াই দেখা পোৱা নাছিল। সন্দেহ ওপজিলত তেওঁৰ আন এগৰাকী কন্যাই ঘৰলৈ আহি এক ভয়ংকৰ দৃশ্য প্ৰত্যক্ষ কৰে আৰু লগে লগে আৰক্ষীক খবৰ দিয়ে।


আৰক্ষীয়ে জনোৱা মতে, কৈলাশ চন্দ্ৰই কাৰোবাক ঘৰৰ ভিতৰলৈ সোমাবলৈ বাধা দি আহিছিল। কিন্তু যেতিয়া তেওঁৰ আনগৰাকী কন্যাই ঘৰত প্ৰৱেশ কৰে, তেওঁ এটা কোঠাৰ পৰা অহা তীব্ৰ দুৰ্গন্ধৰ উমান পায়। কোঠাটোৰ ভিতৰত সোমাই তেওঁ দেখে যে তেওঁৰ ভগ্নীৰ মৃতদেহটো বিচনাৰ ওপৰত কম্বলৰে ঢাকি থোৱা আছে। মৃতদেহটো ইতিমধ্যে জঁকা সদৃশ হৈ পৰিছিল।


আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে যে মৃতদেহটো পচি যোৱাৰ ফলত সৃষ্টি হোৱা তীব্ৰ দুৰ্গন্ধ ওচৰ-চুবুৰীয়াই যাতে গম নাপায়, তাৰ বাবে কৈলাশে কেইবাটাও পাৰফিউমৰ বটল কিনি আনিছিল। তেওঁ নিতৌ মৃতদেহটোত আৰু কোঠাটোত স্প্ৰে কৰিছিল।


মানসিক অৱস্থা নে অন্ধবিশ্বাস?

আৰক্ষীয়ে সন্দেহ কৰিছে যে কৈলাশ চন্দ্ৰ হয়তো মানসিকভাৱে অসুস্থ আছিল অথবা তেওঁ কন্যাৰ বিয়োগ স্বীকাৰ কৰিব পৰা নাছিল। আনহাতে, ইয়াৰ আঁৰত কোনো অন্ধবিশ্বাস জড়িত আছে নেকি, সেই দিশটোও আৰক্ষীয়ে তন্ন তন্নকৈ পৰীক্ষা কৰিছে।


আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। কৈলাশ চন্দ্ৰক বৰ্তমান জিম্মাত লৈ সোধা-পোছা অব্যাহত ৰখা হৈছে। এই ঘটনাই সমগ্ৰ মিৰাট চহৰতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু