--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • মৃতদেহৰ পৰা নিৰ্গত হোৱা দুৰ্গন্ধ লুকুৱাবলৈ তেওঁ নিতৌ মৃতদেহটোত সুগন্ধি স্প্ৰে’ কৰিছিল বুলি আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে।

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মিৰাট জিলাত এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। এজন পিতৃয়ে নিজৰ ২১ বছৰীয়া মৃত কন্যাৰ মৃতদেহটো সৎকাৰ নকৰি প্ৰায় পাঁচ মাহ ধৰি নিজৰ বিচনাতে ৰাখি থৈছিল।


মৃতদেহৰ পৰা নিৰ্গত হোৱা দুৰ্গন্ধ লুকুৱাবলৈ তেওঁ নিতৌ মৃতদেহটোত সুগন্ধি স্প্ৰে’ কৰিছিল বুলি আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে।


ঘটনাটো মিৰাটৰ শাস্ত্ৰীনগৰ অঞ্চলত সংঘটিত হৈছে। অভিযুক্ত ব্যক্তিজনক কৈলাশ চন্দ্ৰ বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, যোৱা কেইবামাহো ধৰি তেওঁৰ কন্যাক ওচৰ-চুবুৰীয়াই দেখা পোৱা নাছিল। সন্দেহ ওপজিলত তেওঁৰ আন এগৰাকী কন্যাই ঘৰলৈ আহি এক ভয়ংকৰ দৃশ্য প্ৰত্যক্ষ কৰে আৰু লগে লগে আৰক্ষীক খবৰ দিয়ে।


আৰক্ষীয়ে জনোৱা মতে, কৈলাশ চন্দ্ৰই কাৰোবাক ঘৰৰ ভিতৰলৈ সোমাবলৈ বাধা দি আহিছিল। কিন্তু যেতিয়া তেওঁৰ আনগৰাকী কন্যাই ঘৰত প্ৰৱেশ কৰে, তেওঁ এটা কোঠাৰ পৰা অহা তীব্ৰ দুৰ্গন্ধৰ উমান পায়। কোঠাটোৰ ভিতৰত সোমাই তেওঁ দেখে যে তেওঁৰ ভগ্নীৰ মৃতদেহটো বিচনাৰ ওপৰত কম্বলৰে ঢাকি থোৱা আছে। মৃতদেহটো ইতিমধ্যে জঁকা সদৃশ হৈ পৰিছিল।


আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে যে মৃতদেহটো পচি যোৱাৰ ফলত সৃষ্টি হোৱা তীব্ৰ দুৰ্গন্ধ ওচৰ-চুবুৰীয়াই যাতে গম নাপায়, তাৰ বাবে কৈলাশে কেইবাটাও পাৰফিউমৰ বটল কিনি আনিছিল। তেওঁ নিতৌ মৃতদেহটোত আৰু কোঠাটোত স্প্ৰে কৰিছিল।


মানসিক অৱস্থা নে অন্ধবিশ্বাস?

আৰক্ষীয়ে সন্দেহ কৰিছে যে কৈলাশ চন্দ্ৰ হয়তো মানসিকভাৱে অসুস্থ আছিল অথবা তেওঁ কন্যাৰ বিয়োগ স্বীকাৰ কৰিব পৰা নাছিল। আনহাতে, ইয়াৰ আঁৰত কোনো অন্ধবিশ্বাস জড়িত আছে নেকি, সেই দিশটোও আৰক্ষীয়ে তন্ন তন্নকৈ পৰীক্ষা কৰিছে।


আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। কৈলাশ চন্দ্ৰক বৰ্তমান জিম্মাত লৈ সোধা-পোছা অব্যাহত ৰখা হৈছে। এই ঘটনাই সমগ্ৰ মিৰাট চহৰতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ