--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, এই ভয়ংকৰ দুৰ্ঘটনাটো কাটিহাৰৰ কুৰ্ছেলা থানাৰ অন্তৰ্গত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে।

ডিজিটেল ডেস্কঃ বিহাৰৰ কাটিহাৰ জিলাত আজি এক অত্যন্ত মৰ্মান্তিক পথ দুৰ্ঘটনা সংঘটিত হয়। এখন যাত্ৰীবাহী বাছ আৰু মালবাহী ট্ৰাকৰ মাজত হোৱা তীব্ৰ সংঘৰ্ষৰ ফলত অতি কমেও ১৩ জন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৩০ জন লোক গুৰুতৰভাৱে আহত হয়।


আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, এই ভয়ংকৰ দুৰ্ঘটনাটো কাটিহাৰৰ কুৰ্ছেলা থানাৰ অন্তৰ্গত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে। বাছখন তীব্ৰ গতিত আহি থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয়। সংঘৰ্ষটো ইমানেই শক্তিশালী আছিল যে বাছখনৰ সন্মুখৰ অংশ সম্পূৰ্ণৰূপে গুড়ি হৈ যায়।


দুৰ্ঘটনাৰ শব্দ শুনি স্থানীয় ৰাইজ তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ কৰে। পাছত আৰক্ষীৰ দল উপস্থিত হৈ গেছ কাটাৰৰ সহায়ত বাছখনৰ ধ্বংসাৱশেষ কাটি মৃতদেহ আৰু আহতসকলক উদ্ধাৰ কৰে।


ঘটনাটোত থিতাতে ১৩ জন লোকে প্ৰাণ হেৰুৱায়। আহত ৩০ জন লোকক লগে লগে ওচৰৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। ইয়াৰে কেইবাজনৰো অৱস্থা অতি সংকটজনক বুলি চিকিৎসকে জনাইছে।


জিলা প্ৰশাসনে দুৰ্ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে। প্ৰাথমিক তদন্তত ধাৰণা কৰা হৈছে যে তীব্ৰ গতি আৰু ঘন কুঁৱলী অথবা চালকৰ টোপনিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হ’ব পাৰে। বিহাৰ চৰকাৰে মৃতকৰ পৰিয়াললৈ এককালীন আৰ্থিক সাহায্য ঘোষণা কৰাৰ সম্ভাৱনা আছে।


এই খবৰটোৱে সমগ্ৰ ৰাজ্যখনতে শোকৰ ছাঁ পেলাইছে। পথ সুৰক্ষাৰ নীতি-নিয়ম উলংঘা কৰাৰ বাবে এনে ঘটনা পুনৰাবৃত্তি হোৱা বুলি স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ