--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • হিস্পানিঅ'লা দ্বীপৰ দেশখনৰ জাৰ্ছীত ইউৰোপৰ এখন দেশৰ প্রতীকে কিয় স্থান পাইছে। ইয়াৰ উত্তৰ লুকাই আছে দুই শতাব্দীৰ অধিক পুৰণি ইতিহাসৰ পাতত। ১৮০২ চনৰ সেই উত্তাল সময়। সেই সময়ত হাইটি আছিল ফৰাচী উপনিৱেশ।

ডিজিটেল ডেস্ক : সুদীর্ঘ ৫২ বছৰীয়া অপেক্ষাৰ অন্তত পুনৰ ফুটবল বিশ্বৰ সৰ্বোচ্চ মঞ্চলৈ উভতি আহিছে হাইটি। ১৯৭৪ চনৰ পাছত এই প্রথম তেওঁলোকে বিশ্বকাপত খেলিব। এইবাৰ হাইটিৰ জাৰ্ছীক লৈও চর্চা চলিছে। কাৰণ হাইটিৰ জাৰ্ছীত স্থান পাইছে পোলেণ্ডৰ ৰাষ্ট্ৰীয় পতাকাই। ইয়াকে লৈ ফুটবলপ্রেমী কৌতূহলী হৈ উঠিছে।


হিস্পানিঅ'লা দ্বীপৰ দেশখনৰ জাৰ্ছীত ইউৰোপৰ এখন দেশৰ প্রতীকে কিয় স্থান পাইছে। ইয়াৰ উত্তৰ লুকাই আছে দুই শতাব্দীৰ অধিক পুৰণি ইতিহাসৰ পাতত। ১৮০২ চনৰ সেই উত্তাল সময়। সেই সময়ত হাইটি আছিল ফৰাচী উপনিৱেশ। 


দেশখনৰ আকাশত তেতিয়া স্বাধীনতাৰ অগ্নিশিখা। সকলো দিশতে ক্রীতদাসৰ বিদ্ৰোহ। সেই বিদ্রোহ দমন কৰিবলৈ তৎকালীন ফৰাচী শাসক নেপোলিয়ন বোনাপাৰ্টৰ নিৰ্দেশত প্ৰেৰণ কৰা হৈছিল ৫০০০ সৈন্য। এই সৈন্য বাহিনীৰ এটা বৃহৎ অংশ আছিল তৎকালীন বিভক্ত আৰু পৰাধীন পোলেণ্ডৰ পৰা অহা। নিজৰ দেশে যেতিয়া স্বাধীনতাৰ সপোনত ছটফট কৰিছে, তেতিয়া তেওঁলোকে ফ্ৰান্সৰ হৈ যুদ্ধ কৰিবলৈ আহিলেও অনেকেই হৃদয়ত এটা আশা কঢ়িয়াই লৈ ফুৰিছিল। যদি ফ্রান্সক সহায় কৰিব পৰা যায় তেন্তে ভৱিষ্যতে তেওঁলোকে পোলেণ্ডৰ স্বাধীনতা আন্দোলনৰ সময়ত হাইটি থিয় দিব। কিন্তু হাইটিৰ মাটিত ভৰি দিয়াৰ পাছতেই সেই সেনাৰ অনেকেই বুজি উঠে যে এই যুদ্ধ আচলতে স্বাধীনতাৰ বাবে যুঁজ চলাই অহা ক্রীতদাসৰ বিৰুদ্ধেহে। সেয়ে, পোলেণ্ডৰ সেনাই ফৰাচী বাহিনীৰ বিৰুদ্ধে অস্ত্র তুলি লয়। যোগ দিয়ে বিদ্রোহীৰ দলত। মূৰকত দীর্ঘ সংগ্ৰামৰ অন্তত ১৮০৪ চনত হাইটিয়ে স্বাধীনতা অর্জন কৰে। 


হাইটিৰ স্বাধীনতা আন্দোলনৰ সংগ্ৰামত পোলেণ্ডৰ সেনাৰ অৱদানৰ স্বীকৃতি দিবলৈ নাপাহৰে হাইটিয়ে। সেই সময়ত হাইটিত থকা প্রায় ৫০০ পোলেণ্ডৰ সেনাক মাটি ক্রয় কৰিবলৈ সুযোগ দিয়া হয়। সেই অনুসৰি তেওঁলোকে পোলেণ্ডত স্থায়ীভাবে থাকিবলৈ আৰম্ভ কৰে। আজিও দুই জাতিৰ ইতিহাসত এক অটুট সেতুবন্ধনৰ কাম কৰে। দুই দেশৰ এই ঐতিহাসিক বন্ধুত্বৰ চিন হিচাপে বিশ্বকাপৰ মঞ্চত হাইটিৰ জাৰ্ছীত স্থান দিয়া হৈছে পোলেণ্ডৰ পতাকাক। উৎস: দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ