--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰ!ফৰ্বছ আলোচনীয়ে ২০২৩ বৰ্ষৰ ২২ ছেপ্টেম্বৰত প্ৰকাশ কৰা তথ্য অনুসৰি দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ ফালৰ পৰা ৩৪.৭৯ লাখ কোটি টকাৰে দেশৰ সৰ্ববৃহৎ অৰ্থনীতিৰ ৰাজ্য মহাৰাষ্ট্ৰ৷দেশৰ চলচ্চিত্ৰ উদ্যোগৰ পৰা বাণিজ্যিক উদ্যোগৰ প্ৰতিজন ৰথী-মহাৰথীৰ সপোনৰ এই মহাৰাষ্ট্ৰ আৰু বিশেষকৈ মহাৰাষ্ট্ৰৰ অবিচ্ছেদ্য অংগ মুম্বাই৷শেহতীয়া পৰিবৰ্তিত ৰাজনৈতিক পৰিবেশৰ প্ৰভাৱত মহাৰাষ্ট্ৰ পুনৰ হৈ পৰিছে ৰাজনীতিৰ জগতখনত আলোচনাৰ 'হট টপিক'৷

মহাৰাষ্ট্ৰত বৰ্তমান সময়ত মূলতঃ তিনিটা ৰাজনৈতিক দলে মৰ্চা চৰকাৰ গঠন কৰিছে৷প্ৰথমে একনাথ সিন্দেৰ শিৱসেনা,দ্বিতীয়তে ভাৰতীয় জনতা পাৰ্টী আৰু তৃতীয়তে অজিত পাৱাৰ ফৈদৰ ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দল৷ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে মহাৰাষ্ট্ৰৰ এই ত্ৰি-দলীয় মৰ্চাক 'ত্ৰিপ'ল ইঞ্জিন' হিচাপে নামকৰণ কৰিছে৷কিন্তু শেহতীয়া সময়ত আহি পৰা কিছু প্ৰত্যাহ্বানে ত্ৰিপ'ল ইঞ্জিনক মোক্ষম আঘাত দিয়াৰ সন্দেহ দেশৰ সচেতন মহলৰ দৃষ্টিত তৈয়াৰ কৰিছে৷

শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি উচ্চতম ন্যায়ালয়ত শিৱসেনা দলৰ প্ৰতীক সন্দৰ্ভত দিবলগীয়া শুনানি পুনৰ স্থগিত ৰখা হৈছে। নিৰ্বাচন আয়োগৰ সিদ্ধান্তৰ বিৰুদ্ধে পুনৰ শুনানি স্থগিত ৰখা হৈছে।উদ্ধৱ থাকৰে ফৈদৰ শিৱসেনাই কয় যে নিৰ্বাচন আয়োগৰ সিদ্ধান্ত একপক্ষীয় আৰু সেয়েহে উচ্চতম ন্যায়ালয়ে এই সিদ্ধান্ত বাতিল কৰিব লাগে। দল আৰু নিৰ্বাচনী প্ৰতীক আৱেদনৰ শুনানি এতিয়া দীপাৱলীৰ পাছতহে গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।চলিত বৰ্ষৰ নৱেম্বৰ মাহত দল আৰু প্ৰতীকৰ ওপৰত শুনানি অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

শিৱসেনা দলৰ নাম আৰু নিৰ্বাচনী প্ৰতীক ব্যৱহাৰ কৰাৰ অধিকাৰ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে সিন্দে ফৈদক প্ৰদান কৰিছে। ইয়াৰ পাছতে নিৰ্বাচন আয়োগৰ সিদ্ধান্তৰ বিৰুদ্ধে থাকৰে গোটৰ হৈ উচ্চতম ন্যায়ালয়ত এখন আৱেদন দাখিল কৰা হয়। কিন্তু আজি এই শুনানি পিছুৱাই দিয়া হৈছে আৰু তিনি সপ্তাহৰ পাছতহে গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে একনাথ সিন্দে ৪০ জন বিধায়কৰ সৈতে শিৱসেনা এৰি যোৱাৰ সিদ্ধান্ত লৈছিল। ইয়াৰ পাছত একনাথে শিৱসেনা দল আৰু নিৰ্বাচনী প্ৰতীক দাবী কৰে। স্মৰ্তব্য যে, ২০১৮ চনত শিৱসেনাৰ সংবিধান পৰিৱৰ্তনৰ বিষয়ে নিৰ্বাচন আয়োগক অৱগত কৰা হোৱা নাছিল। ইয়াৰ দ্বাৰা ১৯৯৯ চনত শিৱসেনাৰ মুৰব্বী বালাচাহেব থাকৰে-এ প্ৰস্তুত কৰা দলীয় সংবিধানত সন্নিৱিষ্ট দলৰ আভ্যন্তৰীণ গণতান্ত্ৰিক নীতি-নিয়ম সলনি কৰা হয়।

সেই সময়ত বালাচাহেব থাকৰেক নিৰ্বাচন আয়োগৰ পৰা দলৰ সংবিধান সলনি কৰিবলৈ অনুমোদন জনোৱা হৈছিল। কিন্তু ২০১৮ চনত হোৱা পৰিৱৰ্তনৰ তথ্য নিৰ্বাচন আয়োগক দিয়া নহ’ল। নিৰ্বাচন আয়োগে ২০১৮ চনত শিৱসেনায়ে দলীয় সংবিধানত কৰা পৰিৱৰ্তন গণতন্ত্ৰৰ সৈতে সামঞ্জস্যপূৰ্ণ নহয় বুলি ধৰা পৰিছে। দলীয় নিৰ্বাচন অনুষ্ঠিত নকৰাকৈয়ে বিভিন্ন ব্যক্তিক দলৰ বিভিন্ন স্থানত নিযুক্তি দিয়া হৈছিল। ইয়াৰ বাবে উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনাই নিৰ্বাচন আয়োগৰ আস্থা হেৰুৱাই পেলায়।কিন্তু যদি আগন্তুক দিনৰ ন্যায়ালয়ে উদ্ধৱ থাকৰে ফৈদৰ পক্ষত শুনানি গ্ৰহণ কৰে তেন্তে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু বিজেপিৰ ত্ৰিপ'ল ইঞ্জিন চৰকাৰৰ বিপদ বৃদ্ধি পাব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক