--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচন যিমানে চমু চাপিছে, সিমানে বৃদ্ধি পাইছে প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ’ৰাত বঙহৰ যুঁজ৷ এগৰাকী সাংসদৰ বিৰুদ্ধে বাটৰ হেঙাৰ হৈ থিয় দিছে দুগৰাকী বিধায়ক! অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ লবীকেন্দ্ৰিক ৰাজনীতিয়ে শ’লঠেকত পেলাব পাৰে সাংসদ প্ৰদ্যুৎ বৰদলৈক৷ 

নিৰ্বাচনৰ পূৰ্বে বৰদলৈৰ প্ৰাৰ্থিত্বৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ ভিতৰতে সক্ৰিয় হৈ উঠিছে এটা শিবিৰ৷ কংগ্ৰেছৰ এটা মহলে নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰদ্যুৎ বৰদলৈক আঁতৰাই ৰকিবুল হুছেইনক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিবলৈ উঠিপৰি লাগিছে৷ সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পাছত নগাঁও লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে চামগুৰি আৰু ৰূপহী বিধানসভা সমষ্টি৷ সমষ্টি দুটা আছে কংগ্ৰেছৰ দখলত৷ এই দুটা সমষ্টিৰ উপৰি নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত লাহৰীঘাট সমষ্টিটো পূৰ্বৰে পৰা আছে কংগ্ৰেছৰ দখলত৷ এতিয়া লাহৰীঘাট আৰু ৰূপহী বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ বিধায়কদ্বয়ে ৰকিবুল হুছেইনক প্ৰাৰ্থিত্ব দিবলৈ হাইকমাণ্ডৰ ওচৰত দাবী উত্থাপন কৰিছে৷ 

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নগাঁও লোকসভা সমষ্টিত সংখ্যালঘু মুছলমানৰ ভোট বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত নগাঁও লোকসভা সমষ্টিত সংখ্যালঘু মুছলমানক প্ৰাৰ্থিত্ব দিয়াৰ দাবী তুলিছে সমষ্টি দুটাৰ বিধায়কদুগৰাকীয়ে৷ আৰু চৰ্চা চলা অনুসৰি নগাঁও লোকসভা সমষ্টিত ৰকিবুল হুছেইন প্ৰাৰ্থী হ’লে চামগুৰিত ৰকিবুল হুছেইনে তেওঁৰ পুত্ৰক সংস্থাপিত কৰাৰ স্বপ্ন দেখিছে৷ আৰু এই স্বপ্নক সাকাৰ ৰূপ দিয়াৰ বাবেই প্ৰদ্যুৎ বৰদলৈক আঁতৰাই ৰকিবুল হুছেইন নিষ্কণ্টক হ’বলৈ বিচৰাৰ অভিযোগ উত্থাপন হৈছে৷

কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনৰ সংঘাত সৰ্বজনবিদিত৷ বিশেষকৈ ২০১৯ৰ পাছৰ পৰা এই সংঘাত তীব্ৰ হোৱা বুলি ৰাজনৈতিক বিশ্লেষকসকলে ক’ব খোজে৷ আৰু সেয়ে এইবেলি লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰদ্যুৎ বৰদলৈক নগাঁওৰ পৰা বিতাড়িত কৰি নগাঁও কংগ্ৰেছত সৰ্বময় কৰ্তা হ’ব বিচাৰিছে ৰকিবুল হুছেইন৷ আৰু তাৰবাবেই বিধায়কগৰাকীয়ে তেওঁৰ অনুগত বিধায়কক লগত লৈ আৰম্ভ কৰি প্ৰদ্যুৎ-হাটাও অভিযান৷ 

একপ্ৰকাৰ প্ৰদ্যুৎ বৰদলৈৰ সন্মুখত চাপ সৃষ্টি কৰি চলে-বলে-কৌশলে নগাঁও লোকসভা সমষ্টিটো নিজৰ দখললৈ নিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে৷ আনকি, এনেকুৱা চৰ্চাও চলিছে যে যদিহে নগাঁৱত প্ৰদ্যুৎ বৰদলৈৰ সলনি গৌৰৱ গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰা হয়, তেন্তে ৰকিবুল হুছেইনৰ নাথাকিব কোনো আপত্তি৷ অৰ্থাৎ, ইয়াৰ পৰাই প্ৰতীয়মান হৈছে যে সামগ্ৰিকভাৱে ৰকিবুল হুছেইনৰ পলিটিকেল টাৰ্গেট হৈ পৰিছে নিজ দলৰেই সাংসদ প্ৰদ্যুৎ বৰদলৈ! এতিয়া প্ৰশ্ন হয়, প্ৰদ্যুৎ-ৰকিবুলৰ এই সংঘাতে পৰৱৰ্তী সময়ত ক্ষতি কৰিব নেকি কংগ্ৰেছৰ? অথবা এই সংঘাত দূৰ কৰিবলৈ প্ৰদেশ কংগ্ৰেছে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক