--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচন যিমানে চমু চাপিছে, সিমানে বৃদ্ধি পাইছে প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ’ৰাত বঙহৰ যুঁজ৷ এগৰাকী সাংসদৰ বিৰুদ্ধে বাটৰ হেঙাৰ হৈ থিয় দিছে দুগৰাকী বিধায়ক! অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ লবীকেন্দ্ৰিক ৰাজনীতিয়ে শ’লঠেকত পেলাব পাৰে সাংসদ প্ৰদ্যুৎ বৰদলৈক৷ 

নিৰ্বাচনৰ পূৰ্বে বৰদলৈৰ প্ৰাৰ্থিত্বৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ ভিতৰতে সক্ৰিয় হৈ উঠিছে এটা শিবিৰ৷ কংগ্ৰেছৰ এটা মহলে নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰদ্যুৎ বৰদলৈক আঁতৰাই ৰকিবুল হুছেইনক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিবলৈ উঠিপৰি লাগিছে৷ সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পাছত নগাঁও লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে চামগুৰি আৰু ৰূপহী বিধানসভা সমষ্টি৷ সমষ্টি দুটা আছে কংগ্ৰেছৰ দখলত৷ এই দুটা সমষ্টিৰ উপৰি নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত লাহৰীঘাট সমষ্টিটো পূৰ্বৰে পৰা আছে কংগ্ৰেছৰ দখলত৷ এতিয়া লাহৰীঘাট আৰু ৰূপহী বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ বিধায়কদ্বয়ে ৰকিবুল হুছেইনক প্ৰাৰ্থিত্ব দিবলৈ হাইকমাণ্ডৰ ওচৰত দাবী উত্থাপন কৰিছে৷ 

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নগাঁও লোকসভা সমষ্টিত সংখ্যালঘু মুছলমানৰ ভোট বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত নগাঁও লোকসভা সমষ্টিত সংখ্যালঘু মুছলমানক প্ৰাৰ্থিত্ব দিয়াৰ দাবী তুলিছে সমষ্টি দুটাৰ বিধায়কদুগৰাকীয়ে৷ আৰু চৰ্চা চলা অনুসৰি নগাঁও লোকসভা সমষ্টিত ৰকিবুল হুছেইন প্ৰাৰ্থী হ’লে চামগুৰিত ৰকিবুল হুছেইনে তেওঁৰ পুত্ৰক সংস্থাপিত কৰাৰ স্বপ্ন দেখিছে৷ আৰু এই স্বপ্নক সাকাৰ ৰূপ দিয়াৰ বাবেই প্ৰদ্যুৎ বৰদলৈক আঁতৰাই ৰকিবুল হুছেইন নিষ্কণ্টক হ’বলৈ বিচৰাৰ অভিযোগ উত্থাপন হৈছে৷

কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনৰ সংঘাত সৰ্বজনবিদিত৷ বিশেষকৈ ২০১৯ৰ পাছৰ পৰা এই সংঘাত তীব্ৰ হোৱা বুলি ৰাজনৈতিক বিশ্লেষকসকলে ক’ব খোজে৷ আৰু সেয়ে এইবেলি লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰদ্যুৎ বৰদলৈক নগাঁওৰ পৰা বিতাড়িত কৰি নগাঁও কংগ্ৰেছত সৰ্বময় কৰ্তা হ’ব বিচাৰিছে ৰকিবুল হুছেইন৷ আৰু তাৰবাবেই বিধায়কগৰাকীয়ে তেওঁৰ অনুগত বিধায়কক লগত লৈ আৰম্ভ কৰি প্ৰদ্যুৎ-হাটাও অভিযান৷ 

একপ্ৰকাৰ প্ৰদ্যুৎ বৰদলৈৰ সন্মুখত চাপ সৃষ্টি কৰি চলে-বলে-কৌশলে নগাঁও লোকসভা সমষ্টিটো নিজৰ দখললৈ নিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে৷ আনকি, এনেকুৱা চৰ্চাও চলিছে যে যদিহে নগাঁৱত প্ৰদ্যুৎ বৰদলৈৰ সলনি গৌৰৱ গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰা হয়, তেন্তে ৰকিবুল হুছেইনৰ নাথাকিব কোনো আপত্তি৷ অৰ্থাৎ, ইয়াৰ পৰাই প্ৰতীয়মান হৈছে যে সামগ্ৰিকভাৱে ৰকিবুল হুছেইনৰ পলিটিকেল টাৰ্গেট হৈ পৰিছে নিজ দলৰেই সাংসদ প্ৰদ্যুৎ বৰদলৈ! এতিয়া প্ৰশ্ন হয়, প্ৰদ্যুৎ-ৰকিবুলৰ এই সংঘাতে পৰৱৰ্তী সময়ত ক্ষতি কৰিব নেকি কংগ্ৰেছৰ? অথবা এই সংঘাত দূৰ কৰিবলৈ প্ৰদেশ কংগ্ৰেছে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ