--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ প্ৰেক্ষাপটত কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেত্ৰী সুপ্ৰিয়া শ্ৰীনেট৷ কিছু দিনৰ পূৰ্বে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে গংগাজলৰ ওপৰত GST আৰোপৰ অভিযোগ উত্থাপন কৰিছিল৷কিন্তু কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক ব’ৰ্ডে ১২ অক্টোবৰত স্পষ্ট কৰি দিয়ে যে ‘গংগাজল’ৰ ওপৰত কোনো ধৰণৰ জি এছ টি আৰোপ কৰা নহয়। জি এছ টিৰ অধীনত পূজা সামগ্ৰীৰ পৰা GST ৰেহাই দিয়া হৈছে।চিবিআইচিয়ে লগতে কয় যে দেশত জিএছটি কাৰ্যকৰী হোৱাৰ পাছৰে পৰা পূজা সামগ্ৰীৰ ওপৰত কোনো ধৰণৰ জিএছটি আৰোপ কৰা নহয়।

চিবিআইচিয়ে লগতে কয় যে, ২০১৭ চনৰ ১৮-১৯ মে’ত অনুষ্ঠিত জিএছটি পৰিষদৰ চতুৰ্দশ বৈঠকত আৰু ২০১৭ চনৰ ৩ জুনত অনুষ্ঠিত জিএছটি পৰিষদৰ ১৫ সংখ্যক বৈঠকত পূজা সামগ্ৰীৰ ওপৰত জিএছটিৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছিল জি এছ টিৰ বিষয়ে আলোচনা কৰা হয়৷

সেইসময়ত কংগ্ৰেছে গংগা পানীৰ ওপৰত ১৮ শতাংশ কৰ আৰোপ কৰাৰ অভিযোগ সন্দৰ্ভত স্পষ্টীকৰণ দি চিবিআইচিয়ে ১২ অক্টোবৰত স্পষ্টভাৱে কয় যে গংগা পানী আৰু পূজা সামগ্ৰীৰ ওপৰত জিএছটি আৰোপ কৰা নহয়।

কিন্তু এই স্পষ্টীকৰণৰ পাছত পুনৰ আক্ৰমণাত্মক ৰূপত দেখা গৈছে অন্য এগৰাকী কংগ্ৰেছ নেতা সুপ্ৰিয়া শ্ৰীনেট৷শ্ৰীনেটে শেহতীয়াকৈ অভিযোগ কৰিছে যে-"মোদী চৰকাৰে কৈছিল যে পূজাৰ সামগ্ৰীৰ ওপৰত জিএছটি আৰোপ কৰা হোৱা নাই, কিন্তু এইটো সম্পূৰ্ণ মিছা তথ্য।চিবিআইচিৰ যি অফিচয়েল ৱেবছাইট তাত জিএছটি অন্তৰ্ভুক্ত কৰা পূজা সামগ্ৰীসমূহৰ তালিকা উল্লেখ কৰা আছে৷তালিকাখনত- ৰুদ্ৰাক্ষৰ মালা, হাতত বন্ধা সূতা, বিভুতি, যজ্ঞপবীত, কলভা, আনব্ৰেণ্ডেড মৌ, কাঠৰ খাদুন, চৰণামৃত, চন্দন কাঠৰ গুৰি আৰু চাকিৰ শলিতা আদি উল্লেখযোগ্য।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক