--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চিম কাৰ্ড ৰিচাৰ্জ নকৰিলে কিমান দিনৰ পাছত নিষ্ক্ৰিয় হয় আপুনি জানেনে?

ডিজিটেল ডেস্কঃ প্ৰায়ে এনেকুৱা হয় যে কাৰোবাৰ হাতত দুখন চিম কাৰ্ড থাকে আৰু ফোন কৰিবৰ বাবে মাত্ৰ এখনহে ব্যৱহাৰ কৰে।


ইয়াৰ মাজতে তেওঁলোকে দ্বিতীয়খন চিম কাৰ্ড ৰিচাৰ্জ নকৰে,কিন্তু এটা নিৰ্দিষ্ট সময়ৰ পিছত এই চিম কাৰ্ডখন নিষ্ক্ৰিয় হৈ পৰে, নম্বৰটো আন কাৰোবালৈ সলনি হৈ যায়। কিন্তু চিম কাৰ্ড ৰিচাৰ্জ নকৰিলে চিম কাৰ্ড কিমান দিনৰ পাছত নিষ্ক্ৰিয় হয় আপুনি জানেনে?


TRAI ৰ নিয়ম


আচলতে ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটি (TRAI)ৰ নিয়মে আপোনাৰ চিম কাৰ্ড ৰিচাৰ্জ নকৰাকৈ নিৰ্দিষ্ট সময়ৰ বাবে সক্ৰিয় কৰি ৰাখে। জিঅ’, এয়াৰটেল, ভোডাফোন আইডিয়া আৰু বিএছএনএলৰ দৰে সকলো টেলিকম কোম্পানীয়ে এই নিয়ম মানি চলিব লাগিব।


জিঅ'ৰ চিম কিমান দিন সক্ৰিয় হৈ থাকে?


ৰিলায়েন্স জিঅ’ৰ চিম কাৰ্ড ৰিচাৰ্জ নকৰাকৈ ৯০ দিন সক্ৰিয় হৈ থাকে। আনহাতে ৰিচাৰ্জ প্লেনৰ ওপৰত নিৰ্ভৰ কৰি এমাহ বা কেইসপ্তাহমানৰ ভিতৰত ইনকামিং কল বন্ধ হৈ যায় । তথাপিও যদি ৰিচাৰ্জ নহয় তেন্তে চিমটো বন্ধ হৈ যায় আৰু আন এজন ব্যৱহাৰকাৰীক ব্যবহাৰ কৰিবলৈ দিয়া হয়।


এয়াৰটেলৰ চিম কিমান দিন সক্ৰিয় হৈ থাকে?


এয়াৰটেলৰ চিম কাৰ্ডো ৰিচাৰ্জ নোহোৱাকৈ প্ৰায় ৯০ দিন সক্ৰিয় হৈ থাকে। কিন্তু ব্যৱহাৰকাৰীক অতিৰিক্ত ১৫ দিনৰ ৰেহাই দিয়া হয়, যাতে ব্যৱহাৰকাৰীয়ে ৰিচাৰ্জ কৰিব পাৰে। যদি ৰিচাৰ্জ নহয় তেন্তে চিম বন্ধ হৈ যায় আৰু আন এজন ব্যৱহাৰকাৰীক দিয়া হয়।


ভোডাফোন-আইডিয়া চিম কিমান দিন সক্ৰিয় হৈ থাকে?


ভোডাফোন-আইডিয়াৰ চিমো ৯০ দিন সক্ৰিয় হৈ থাকে, ইয়াৰ পিছতো যদি ৰিচাৰ্জ কৰা নহয় তেন্তে ইয়াক আন এজন ব্যৱহাৰকাৰীক দিয়া হয়। চিম সক্ৰিয় কৰি ৰাখিবলৈ কমেও ৪৯ টকাৰ ৰিচাৰ্জ কৰিব লাগিব।


বিএচএনএল চিম কিমান দিন সক্ৰিয় হৈ থাকে?


ৰিচাৰ্জ নকৰাকৈ BSNL দীৰ্ঘদিন সক্ৰিয় কৰি ৰাখিব পাৰিব। প্ৰায় ১৮০ দিন BSNL চিম সক্ৰিয় হৈ থাকে। যিসকলে বাৰে বাৰে ৰিচাৰ্জ কৰিব নিবিচাৰে আৰু কেৱল চিম সক্ৰিয় কৰি ৰাখিব বিচাৰে তেওঁলোকক বিএছএনএলে এই সুবিধা প্ৰদান কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু