--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চিম কাৰ্ড ৰিচাৰ্জ নকৰিলে কিমান দিনৰ পাছত নিষ্ক্ৰিয় হয় আপুনি জানেনে?

ডিজিটেল ডেস্কঃ প্ৰায়ে এনেকুৱা হয় যে কাৰোবাৰ হাতত দুখন চিম কাৰ্ড থাকে আৰু ফোন কৰিবৰ বাবে মাত্ৰ এখনহে ব্যৱহাৰ কৰে।


ইয়াৰ মাজতে তেওঁলোকে দ্বিতীয়খন চিম কাৰ্ড ৰিচাৰ্জ নকৰে,কিন্তু এটা নিৰ্দিষ্ট সময়ৰ পিছত এই চিম কাৰ্ডখন নিষ্ক্ৰিয় হৈ পৰে, নম্বৰটো আন কাৰোবালৈ সলনি হৈ যায়। কিন্তু চিম কাৰ্ড ৰিচাৰ্জ নকৰিলে চিম কাৰ্ড কিমান দিনৰ পাছত নিষ্ক্ৰিয় হয় আপুনি জানেনে?


TRAI ৰ নিয়ম


আচলতে ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটি (TRAI)ৰ নিয়মে আপোনাৰ চিম কাৰ্ড ৰিচাৰ্জ নকৰাকৈ নিৰ্দিষ্ট সময়ৰ বাবে সক্ৰিয় কৰি ৰাখে। জিঅ’, এয়াৰটেল, ভোডাফোন আইডিয়া আৰু বিএছএনএলৰ দৰে সকলো টেলিকম কোম্পানীয়ে এই নিয়ম মানি চলিব লাগিব।


জিঅ'ৰ চিম কিমান দিন সক্ৰিয় হৈ থাকে?


ৰিলায়েন্স জিঅ’ৰ চিম কাৰ্ড ৰিচাৰ্জ নকৰাকৈ ৯০ দিন সক্ৰিয় হৈ থাকে। আনহাতে ৰিচাৰ্জ প্লেনৰ ওপৰত নিৰ্ভৰ কৰি এমাহ বা কেইসপ্তাহমানৰ ভিতৰত ইনকামিং কল বন্ধ হৈ যায় । তথাপিও যদি ৰিচাৰ্জ নহয় তেন্তে চিমটো বন্ধ হৈ যায় আৰু আন এজন ব্যৱহাৰকাৰীক ব্যবহাৰ কৰিবলৈ দিয়া হয়।


এয়াৰটেলৰ চিম কিমান দিন সক্ৰিয় হৈ থাকে?


এয়াৰটেলৰ চিম কাৰ্ডো ৰিচাৰ্জ নোহোৱাকৈ প্ৰায় ৯০ দিন সক্ৰিয় হৈ থাকে। কিন্তু ব্যৱহাৰকাৰীক অতিৰিক্ত ১৫ দিনৰ ৰেহাই দিয়া হয়, যাতে ব্যৱহাৰকাৰীয়ে ৰিচাৰ্জ কৰিব পাৰে। যদি ৰিচাৰ্জ নহয় তেন্তে চিম বন্ধ হৈ যায় আৰু আন এজন ব্যৱহাৰকাৰীক দিয়া হয়।


ভোডাফোন-আইডিয়া চিম কিমান দিন সক্ৰিয় হৈ থাকে?


ভোডাফোন-আইডিয়াৰ চিমো ৯০ দিন সক্ৰিয় হৈ থাকে, ইয়াৰ পিছতো যদি ৰিচাৰ্জ কৰা নহয় তেন্তে ইয়াক আন এজন ব্যৱহাৰকাৰীক দিয়া হয়। চিম সক্ৰিয় কৰি ৰাখিবলৈ কমেও ৪৯ টকাৰ ৰিচাৰ্জ কৰিব লাগিব।


বিএচএনএল চিম কিমান দিন সক্ৰিয় হৈ থাকে?


ৰিচাৰ্জ নকৰাকৈ BSNL দীৰ্ঘদিন সক্ৰিয় কৰি ৰাখিব পাৰিব। প্ৰায় ১৮০ দিন BSNL চিম সক্ৰিয় হৈ থাকে। যিসকলে বাৰে বাৰে ৰিচাৰ্জ কৰিব নিবিচাৰে আৰু কেৱল চিম সক্ৰিয় কৰি ৰাখিব বিচাৰে তেওঁলোকক বিএছএনএলে এই সুবিধা প্ৰদান কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ