--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ১০টা ওজন শাখাৰ প্ৰতিযোগিতাখনৰ সোণ, ৰূপ জয়ী খেলুৱৈয়ে পাটিয়ালাৰ এলিট ৰাষ্ট্ৰীয় শিবিৰলৈ যোগ্যতা অর্জন কৰিলে। অসম দলটোৰ প্ৰশিক্ষকৰ দায়িত্ব পালন কৰে প্রাক্তন আন্তর্জাতিক খেলুৱৈ তথা প্রশিক্ষক প্ৰণামিকা বৰা আৰু ত্রিদিব বৰাই

ডিজিটেল ডেস্ক : আত্মবিশ্বাসৰ তুংগত থকা অলিম্পিক ব্রঞ্জ জয়ী অসম কন্যা লাভলীনা বৰগোহাঁই আৰু পূৰ্বৰ বিশ্ব যুৱ চেম্পিয়ন অংকুশিতা বড়োৱে উজ্জীৱিত প্ৰদৰ্শনৰ জৰিয়তে ৰাষ্ট্ৰীয় এলিট মহিলা বক্সিং প্রতিযোগিতাত স্বর্ণ পদক অর্জনেৰে ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে।


তেওঁলোকৰ বিপৰীতে দেশীয় বক্সিং ক্ষেত্ৰৰ অন্যতম সম্ভাৱনা অসমৰে গীতিমণি গগৈয়ে প্রতিযোগিতাখনত ৰূপৰ পদক অর্জন কৰে। মঙলবাৰে তেলেংগানাৰ হায়দৰাবাদস্থিত ছাৰুনগৰ ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাখনৰ ফাইনেলত ৬৫ কেজি শাখাৰ প্ৰতিযোগী অংকুশিতাই ৰে'লৱেৰ শশীৰ বিৰুদ্ধে ৩-২ পইণ্টত জয়ী হোৱাৰ বিপৰীতে ৭৫ কেজি শাখাৰ প্রতিদ্বন্দ্বী লাভলীনাই ৰে'লৱেৰ এলা যাদৱৰ বিৰুদ্ধে ৱাক অ'ভাৰ লাভ কৰি সোণৰ পদক পায়। আনহাতে ৰূপজয়ী গীতিমণিয়ে ফাইনেলত দিল্লীৰ শিৱানীৰ হাতত ০-৫ পইণ্টত পৰাজয়বৰণ কৰে।


আগদিনাৰ ছেমি ফাইনেলত লাভলীনাই সৰ্বভাৰতীয় পুলিচ দলক প্রতিনিধিত্ব কৰা শশীক প্রথম ৰাউণ্ডতে ধৰাশায়ী কৰি (আৰ এছ চি), অংকুশিতাই সৰ্বভাৰতীয় পুলিচৰ অমিতা কুণ্ডুক ৫-০ আৰু গীতিমণিয়ে মহাৰাষ্ট্ৰৰ শিৱানী বিক ৫-০ পইণ্টৰ মসৃণ ব্যৱধানত ধৰাশায়ী কৰি ফাইনেলত প্ৰৱেশ কৰিছিল।


তেলেংগানা বক্সিং ফেডাৰেশ্যনে বক্সিং ফেডাৰেশ্যন অব ইণ্ডিয়া আৰু তেলেংগানা বক্সিং ক্রীড়া সঞ্চালকালয়ৰ তত্ত্বাৱধানত আয়োজন কৰা প্রতিযোগিতাখনত দুগৰাকী অসম কন্যা ভূপালী হাজৰিকা আৰু আৰতি দলেই ছেমি ফাইনেলত পৰাজিত হৈ ব্ৰঞ্জৰ পদকতে ক্ষান্ত থাকিবলগীয়া হয়। এই প্রতিযোগিতাত মুঠ ১৫টা দলে অংশগ্রহণ কৰে।


১০টা ওজন শাখাৰ প্ৰতিযোগিতাখনৰ সোণ, ৰূপ জয়ী খেলুৱৈয়ে পাটিয়ালাৰ এলিট ৰাষ্ট্ৰীয় শিবিৰলৈ যোগ্যতা অর্জন কৰিলে। অসম দলটোৰ প্ৰশিক্ষকৰ দায়িত্ব পালন কৰে প্রাক্তন আন্তর্জাতিক খেলুৱৈ তথা প্রশিক্ষক প্ৰণামিকা বৰা আৰু ত্রিদিব বৰাই।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু