--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ১০টা ওজন শাখাৰ প্ৰতিযোগিতাখনৰ সোণ, ৰূপ জয়ী খেলুৱৈয়ে পাটিয়ালাৰ এলিট ৰাষ্ট্ৰীয় শিবিৰলৈ যোগ্যতা অর্জন কৰিলে। অসম দলটোৰ প্ৰশিক্ষকৰ দায়িত্ব পালন কৰে প্রাক্তন আন্তর্জাতিক খেলুৱৈ তথা প্রশিক্ষক প্ৰণামিকা বৰা আৰু ত্রিদিব বৰাই

ডিজিটেল ডেস্ক : আত্মবিশ্বাসৰ তুংগত থকা অলিম্পিক ব্রঞ্জ জয়ী অসম কন্যা লাভলীনা বৰগোহাঁই আৰু পূৰ্বৰ বিশ্ব যুৱ চেম্পিয়ন অংকুশিতা বড়োৱে উজ্জীৱিত প্ৰদৰ্শনৰ জৰিয়তে ৰাষ্ট্ৰীয় এলিট মহিলা বক্সিং প্রতিযোগিতাত স্বর্ণ পদক অর্জনেৰে ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে।


তেওঁলোকৰ বিপৰীতে দেশীয় বক্সিং ক্ষেত্ৰৰ অন্যতম সম্ভাৱনা অসমৰে গীতিমণি গগৈয়ে প্রতিযোগিতাখনত ৰূপৰ পদক অর্জন কৰে। মঙলবাৰে তেলেংগানাৰ হায়দৰাবাদস্থিত ছাৰুনগৰ ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাখনৰ ফাইনেলত ৬৫ কেজি শাখাৰ প্ৰতিযোগী অংকুশিতাই ৰে'লৱেৰ শশীৰ বিৰুদ্ধে ৩-২ পইণ্টত জয়ী হোৱাৰ বিপৰীতে ৭৫ কেজি শাখাৰ প্রতিদ্বন্দ্বী লাভলীনাই ৰে'লৱেৰ এলা যাদৱৰ বিৰুদ্ধে ৱাক অ'ভাৰ লাভ কৰি সোণৰ পদক পায়। আনহাতে ৰূপজয়ী গীতিমণিয়ে ফাইনেলত দিল্লীৰ শিৱানীৰ হাতত ০-৫ পইণ্টত পৰাজয়বৰণ কৰে।


আগদিনাৰ ছেমি ফাইনেলত লাভলীনাই সৰ্বভাৰতীয় পুলিচ দলক প্রতিনিধিত্ব কৰা শশীক প্রথম ৰাউণ্ডতে ধৰাশায়ী কৰি (আৰ এছ চি), অংকুশিতাই সৰ্বভাৰতীয় পুলিচৰ অমিতা কুণ্ডুক ৫-০ আৰু গীতিমণিয়ে মহাৰাষ্ট্ৰৰ শিৱানী বিক ৫-০ পইণ্টৰ মসৃণ ব্যৱধানত ধৰাশায়ী কৰি ফাইনেলত প্ৰৱেশ কৰিছিল।


তেলেংগানা বক্সিং ফেডাৰেশ্যনে বক্সিং ফেডাৰেশ্যন অব ইণ্ডিয়া আৰু তেলেংগানা বক্সিং ক্রীড়া সঞ্চালকালয়ৰ তত্ত্বাৱধানত আয়োজন কৰা প্রতিযোগিতাখনত দুগৰাকী অসম কন্যা ভূপালী হাজৰিকা আৰু আৰতি দলেই ছেমি ফাইনেলত পৰাজিত হৈ ব্ৰঞ্জৰ পদকতে ক্ষান্ত থাকিবলগীয়া হয়। এই প্রতিযোগিতাত মুঠ ১৫টা দলে অংশগ্রহণ কৰে।


১০টা ওজন শাখাৰ প্ৰতিযোগিতাখনৰ সোণ, ৰূপ জয়ী খেলুৱৈয়ে পাটিয়ালাৰ এলিট ৰাষ্ট্ৰীয় শিবিৰলৈ যোগ্যতা অর্জন কৰিলে। অসম দলটোৰ প্ৰশিক্ষকৰ দায়িত্ব পালন কৰে প্রাক্তন আন্তর্জাতিক খেলুৱৈ তথা প্রশিক্ষক প্ৰণামিকা বৰা আৰু ত্রিদিব বৰাই।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ