--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্ণ সম্ভাৱনা ভাৰতীয় মূলৰ ঋষি সুনকৰ। ঋষি সুনকে শুকুৰবাৰে বিদায়ী প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ উত্তৰাধিকাৰী হিচাপে কনজাৰ্ভেটিভ পাৰ্টিৰ নতুন নেতা হিচাপে নিৰ্বাচিত হোৱাৰ প্ৰাৰ্থীত্ব দাখিল কৰে। বৃহস্পতিবাৰে ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে কনজাৰ্ভেটিভ পাৰ্টিৰ নেতা পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল। জনছনে কাৰ্যালয়ত থাকিব নে নাই সেয়া তাৎক্ষণিকভাৱে স্পষ্ট হোৱা নাছিল যদিও কনজাৰ্ভেটিভ পাৰ্টিয়ে এজন নতুন নেতা বাছনি কৰে, যি জনছনৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰীৰ আসনত বহিব পাৰিব। ঋষি সুনকৰ সৈতে মুঠ পাঁচজন প্ৰাৰ্থীৰ নাম প্ৰধানমন্ত্ৰী পদৰ দৌৰত উঠিছে। বৃহস্পতিবাৰে জনছনে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰাৰ পাছৰে পৰা এই পদৰ বাবে ছুয়েলা ব্ৰেভাৰমেন, কনজাৰ্ভেটিভ পাৰ্টিৰ সাংসদ ষ্টিভ বেকাৰ, মন্ত্ৰী গ্ৰাণ্ট চেপছ, টম আৰু এতিয়া ঋষি সুনককে ধৰি পাঁচজন প্ৰতিদ্বন্দ্বীৱে আত্মপ্ৰকাশ কৰিছে। 

ঋষি সুনাকে টুইটাৰত লিখিছে, "মই কনজাৰ্ভেটিভ পাৰ্টিৰ পৰৱৰ্তী নেতা হ'বলৈ আৰু আপোনালোকৰ প্ৰধানমন্ত্ৰী হ'বলৈ থিয় দিছো। আহক আমি আত্মবিশ্বাস পুনৰ গঢ়ি তুলো, অৰ্থনীতি পুনৰ নিৰ্মাণ কৰোঁ আৰু দেশক পুনৰ একত্ৰিত কৰোঁ।" ব্ৰিটেইনৰ বিত্তমন্ত্ৰী পদত অধিষ্ঠিত হোৱা ভাৰতীয় মূলৰ প্ৰথমজন ৰাজনীতিবিদ ঋষি সুনাক। শেহতীয়াকৈ তেওঁ বৰিছ চৰকাৰৰ পৰা পদত্যাগ কৰিছিল। টুইটাৰত নিজৰ প্ৰচাৰ অভিযানৰ ভিডিঅ’টো প্ৰকাশ কৰি তেওঁ কয় যে, "কোনোবাই সঠিক সিদ্ধান্ত ল'ব লাগিব। সেইবাবেই মই কনজাৰ্ভেটিভ পাৰ্টিৰ পৰৱৰ্তী নেতা হ'বলৈ আৰু আপোনাৰ প্ৰধানমন্ত্ৰী হ'বলৈ থিয় দিছো।" কৰ'না মহামাৰীৰ সময়ত ব্ৰিটেইনৰ জনসাধাৰণৰ পৰা ঋষি সুনাকে যথেষ্ট প্ৰশংসা লাভ কৰিছিল। কৰ’নাৰ ফলত সৃষ্টি হোৱা অৰ্থনৈতিক অস্থিৰতাৰ সময়ত ঋষি সুনক জনসাধাৰণৰ সৈতে অহৰহ সংযোগ স্থাপন কৰিছিল। 

উল্লেখ্য যে ঋষি সুনকৰ ককাক-আইতাক পঞ্জাৱৰ পৰা ব্ৰিটেইনলৈ আহিছিল। ইনফ’ছিছৰ প্ৰতিষ্ঠাপক এন আৰ নাৰায়ণ মূৰ্তিৰ কন্যা অক্ষতা মূৰ্তিৰ সৈতে তেওঁৰ বিবাহ হৈছে। তেওঁলোকৰ দুগৰাকী কন্যা সন্তান আছে। কেলিফৰ্ণিয়াত পঢ়ি থাকোঁতে দুয়োৰে লগ হৈছিল। প্ৰচাৰৰ ভিডিঅ'ত ঋষি সুনাকে আইতাকৰ কাহিনী শ্বেয়াৰ কৰিছে। তেওঁ ৰিপৰ্ট কৰিছিল যে আইতাই যুৱতী হৈ থাকোতে "উন্নত জীৱনৰ আশাত" বিমানত উঠি ইংলেণ্ডলৈ উৰা মাৰিছিল। তেওঁ সোনকালে চাকৰি পাবলৈ সক্ষম হৈছিল। কিন্তু স্বামীক ১০ বছৰ সময় লাগিছিল।" ঋষি সুনাকে লগতে কয় যে "মোৰ বাবে মোৰ পৰিয়ালটোৱেই সকলো।"

উল্লেখ্য যে ৰাজনৈতিক ক্ষেত্ৰত শেষ মূহুৰ্ততো সকলো উলট-পালট হৈ যায়। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ ক্ষেত্ৰতো যদি শেষ সমীকৰণ সলনি নহয় তেন্তে ভাৰতীয় মূলৰ ঋষি সুনকৱেই হ’ব ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী।




FOLLOW US F
POPULAR
FEATURE
TRENDY
কেৰালাত ছিগেল্লা ভাইৰাছৰ আতংক; ৬জনৰ মৃত্যু, দুই শতাধিক লোক আক্ৰান্ত
পুৱা খালী পেটত খাওক এই ৪ বিধ বস্তু; জিলিকি উঠিব মুখমণ্ডল
বিশ্বজুৰি হ্ৰাস খাৰুৱা তেলৰ দাম; ইৰান-আমেৰিকাৰ বুজাবুজি চুক্তিৰ প্ৰভাৱ
বৈভৱ সূৰ্যবংশীৰ পিতৃ-মাতৃক ইংলেণ্ড-আয়াৰলেণ্ড ভ্ৰমণৰ অনুমতি
দেশৰ ভিতৰত শীর্ষ শিক্ষা প্রতিষ্ঠান IIT দিল্লী, কিউ এছ ৱৰ্ল্ড ৰেংকিঙৰ শীৰ্ষত এম আই টি
৬ জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য