--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবাহৰ প্ৰথমটি নিশা সকলোৰে বাবে বিশেষ ৷ এই বিশেষ ক্ষণতে উত্তৰ প্ৰদেশৰ ছাহাৰনপুৰত এনে এটা গোচৰ পোহৰলৈ আহিছে , য’ত ফুলশয্যাৰ নিশা নৱবিবাহিত কইনাগৰাকীয়ে কৰা দাবীত দৰা স্তম্ভিত হৈ পৰে। কইনাৰ কথা শুনি দৰাজনে ভয় খাই পৰিয়ালৰ লোকক গোটেই কাহিনীটো ক’লে, তাৰ পিছতে হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ পিছতে পৰিয়ালৰ লোক থানাত উপস্থিত হয়। এই বিষয়টো সমগ্ৰ অঞ্চলটোত চৰ্চাৰ বিষয় হৈ পৰিছে।

তথ্য অনুসৰি, ছাহাৰনপুৰত বাস কৰা এজন যুৱকে লুধিয়ানাৰ এগৰাকী ছোৱালীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। এই সম্পৰ্ক এজন পণ্ডিতে ঠিক কৰি দিছিল। ইয়াৰ পৰিবৰ্তে দৰাৰ পৰিয়ালৰ পৰা তেওঁ ৮৫ হাজাৰ টকা লয়। দুয়োৰে বিয়া হ’ল বৰ আড়ম্বৰেৰে। কিন্তু, বিয়াৰ নিশা কইনাজনীয়ে দৰাৰ পৰা গাঞ্জা, ছাগলীৰ মাংস আৰু বিয়েৰৰ দাবী কৰিবলৈ ধৰিলে।

পৰিয়ালৰ লোকে এই কথা গম পোৱাত ঘৰখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ পিছতে দৰাৰ পৰিয়াল থানাত উপস্থিত হয়। দৰাজনৰ অভিযোগ যে কইনাজনী ছোৱালী নহয়, তেওঁ আছিল তৃতীয় লিংগৰ। মাংস, গাঞ্জা আৰু সুৰা সেৱন কৰা মহিলাৰ লগত থাকিব নিবিচাৰে বুলিও তেওঁ কয়। তেওঁ কয় যে তেওঁ কোনো কাৰনত তেওঁৰ লগত থাকিব নিবিচাৰে।

আৰক্ষীয়ে দুয়োপক্ষকে পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল যদিও কোনেও মানি ল’বলৈ সাজু নহয়। আৰক্ষীয়ে তেওঁলোকৰ মাজত মিলন ঘটাবলৈ চেষ্টা চলাইছে যদিও এতিয়ালৈকে কোনো একমত হোৱা নাই। এই বিষয়ত কোনো পক্ষই এতিয়াও কোনো এফআইআৰ দাখিল কৰা নাই। দৰা পক্ষই তেওঁক প্ৰতাৰণা কৰা বুলি অভিযোগ উত্থাপন কৰিছে। এই বিবাহ পণ্ডিতে আয়োজন কৰিছিল, যাৰ বাবে তেওঁ ৮৫ হাজাৰ টকাও লৈছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ