--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জম্মু-কাশ্মীৰ নিৰ্বাচন হৈ গ’ল চৰকাৰো গঠন কৰা হ’ল। কিন্তু এই পৰ্যন্ত লাভ কৰা নাই সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা। এতিয়াও কেন্দ্ৰীয় শাসিত অঞ্চল হৈয়েই আছে জম্মু-কাশ্মীৰ। এনে পৰিপ্ৰেক্ষিতত জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হয়।

জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনতো আঞ্চলিক দলসমূহে এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ক্ষমতালৈ আহিলে জম্মু-কাশ্মীৰৰ পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা পুনৰ ঘূৰাই অনা হ’ব। ১৬ অক্টোবৰত মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল ওমৰ আব্দুল্লাই। তাৰ পিছতো দুমাহ পাৰ হৈ গ’ল। এই দুমাহত তেওঁ দুবাৰকৈ অমিত শ্বাহৰ সৈতে সাক্ষাৎ কৰিও কোনো সুফল লাভ কৰা নাই। 

উল্লেখযোগ্য যে অক্টোবৰ মাহত মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰাৰ এসপ্তাহৰ পাছত ২৩ অক্টোবৰত ওমৰ আব্দুল্লাই প্ৰথমবাৰৰ বাবে শ্বাহৰ সৈতে বৈঠকত মিলিত হৈছিল। প্ৰথমতে ইয়াক দুয়োপক্ষই সৌজন্যমূলক আহ্বান বুলি ব্যাখ্যা কৰিছিল যদিও এই বৈঠকতো ওমৰে কাশ্মীৰৰ জনসাধাৰণৰ পূৰ্ণ ৰাজ্যৰ দাবী শ্বাহৰ দৰবাৰলৈ প্ৰেৰণ কৰিছিল।

ওমৰ আব্দুল্লাই কয় যে জম্মু-কাশ্মীৰ ৰাজ্যৰ মৰ্যাদা পুনৰ ঘূৰাই অনাৰ বাবে পদক্ষেপ ল’ব লাগে।সম্ভাৱ্য সময়সীমা নিৰ্ধাৰণৰ বিষয়েও অৱগত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই ক্ষেত্ৰত কেন্দ্ৰই পদক্ষেপ গ্ৰহণ কৰিব বুলি তেওঁ আশাবাদী আছিল। বৃহস্পতিবাৰে অমিত শ্বাহৰ সৈতে হোৱা বৈঠকত এই বিষয়সমূহ প্ৰতিফলিত হোৱা বুলি অনুমান কৰা হৈছে।

প্ৰসংগক্ৰমে ২০১৯ চনৰ সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ ফলত জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বিলুপ্ত কৰা হয়। একেসময়তে লাডাখক জম্মু-কাশ্মীৰৰ পৰা পৃথক কৰি দুখন কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। এইবাৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে জম্মুত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও আশ্বাস প্ৰদান কৰিছিল যে শীঘ্ৰে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু তাৰ পিছত ৰাজ্যখনৰ মৰ্যাদাও পুনৰ ঘূৰাই অনা হ’ব। 

জম্মু-কাশ্মীৰৰ বিধান সভা নিৰ্বাচন হৈ গ’ল চৰকাৰ গঠন হ’ল তাৰ পাছতো জম্মু-কাশ্মীৰক কেনন্দ্ৰই পুৰ্ণৰাজ্যৰ মৰ্যাদা প্ৰদান নকৰা বাবে অসন্তুষ্টি প্ৰকাশ কৰিছে৷ জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কেন্দ্ৰ ওপৰত হেঁচা প্ৰদান কৰিব বিচাৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু