--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জম্মু-কাশ্মীৰ নিৰ্বাচন হৈ গ’ল চৰকাৰো গঠন কৰা হ’ল। কিন্তু এই পৰ্যন্ত লাভ কৰা নাই সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা। এতিয়াও কেন্দ্ৰীয় শাসিত অঞ্চল হৈয়েই আছে জম্মু-কাশ্মীৰ। এনে পৰিপ্ৰেক্ষিতত জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হয়।

জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনতো আঞ্চলিক দলসমূহে এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ক্ষমতালৈ আহিলে জম্মু-কাশ্মীৰৰ পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা পুনৰ ঘূৰাই অনা হ’ব। ১৬ অক্টোবৰত মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল ওমৰ আব্দুল্লাই। তাৰ পিছতো দুমাহ পাৰ হৈ গ’ল। এই দুমাহত তেওঁ দুবাৰকৈ অমিত শ্বাহৰ সৈতে সাক্ষাৎ কৰিও কোনো সুফল লাভ কৰা নাই। 

উল্লেখযোগ্য যে অক্টোবৰ মাহত মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰাৰ এসপ্তাহৰ পাছত ২৩ অক্টোবৰত ওমৰ আব্দুল্লাই প্ৰথমবাৰৰ বাবে শ্বাহৰ সৈতে বৈঠকত মিলিত হৈছিল। প্ৰথমতে ইয়াক দুয়োপক্ষই সৌজন্যমূলক আহ্বান বুলি ব্যাখ্যা কৰিছিল যদিও এই বৈঠকতো ওমৰে কাশ্মীৰৰ জনসাধাৰণৰ পূৰ্ণ ৰাজ্যৰ দাবী শ্বাহৰ দৰবাৰলৈ প্ৰেৰণ কৰিছিল।

ওমৰ আব্দুল্লাই কয় যে জম্মু-কাশ্মীৰ ৰাজ্যৰ মৰ্যাদা পুনৰ ঘূৰাই অনাৰ বাবে পদক্ষেপ ল’ব লাগে।সম্ভাৱ্য সময়সীমা নিৰ্ধাৰণৰ বিষয়েও অৱগত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই ক্ষেত্ৰত কেন্দ্ৰই পদক্ষেপ গ্ৰহণ কৰিব বুলি তেওঁ আশাবাদী আছিল। বৃহস্পতিবাৰে অমিত শ্বাহৰ সৈতে হোৱা বৈঠকত এই বিষয়সমূহ প্ৰতিফলিত হোৱা বুলি অনুমান কৰা হৈছে।

প্ৰসংগক্ৰমে ২০১৯ চনৰ সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ ফলত জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বিলুপ্ত কৰা হয়। একেসময়তে লাডাখক জম্মু-কাশ্মীৰৰ পৰা পৃথক কৰি দুখন কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। এইবাৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে জম্মুত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও আশ্বাস প্ৰদান কৰিছিল যে শীঘ্ৰে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু তাৰ পিছত ৰাজ্যখনৰ মৰ্যাদাও পুনৰ ঘূৰাই অনা হ’ব। 

জম্মু-কাশ্মীৰৰ বিধান সভা নিৰ্বাচন হৈ গ’ল চৰকাৰ গঠন হ’ল তাৰ পাছতো জম্মু-কাশ্মীৰক কেনন্দ্ৰই পুৰ্ণৰাজ্যৰ মৰ্যাদা প্ৰদান নকৰা বাবে অসন্তুষ্টি প্ৰকাশ কৰিছে৷ জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কেন্দ্ৰ ওপৰত হেঁচা প্ৰদান কৰিব বিচাৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ