--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘যদি টকা পইচা নাছিলেই তলা কিয় লগাইছিল…?’ চোৰৰ অতপালিৰ ঘটনা আমাৰ কাৰণে নতুন কথা নহয়। কিন্তু এইবাৰ চোৰে চুৰি কৰাই নহয়, বিচৰাধৰণে টকা-পইচা নাপাই গৃহস্থকে গালি পাৰি চিঠি লিখি থৈ যোৱাৰ এটা চাঞ্চল্যকৰ ঘটনা ঘটিছে

চুৰি কৰিবলৈ তলা ভাঙি ঘৰত সোমোৱা চোৰে যেতিয়া বিচৰাধৰণে টকা-পইচা নাপালে তেতিয়া যোৱাৰ সময়ত দুৱাৰত লিখি থৈ গ’ল, ‘যদি টকা-পইচা নাছিলেই তেন্তে ঘৰত তলা লগাব নালাগিছিল নহয়, কালেক্টৰ…’ । এই অভিমানী চোৰে কালেক্টৰ বুলি সম্বোধন কৰিছে ঘৰৰ গৃহস্থ তথা এগৰাকী সহকাৰী উপায়ুক্তক।

আৰক্ষী অধীক্ষকৰ আবাসো এশ মিটাৰ আঁতৰত অৱস্থিত


ঘটনাটো ঘটিছে মধ্যপ্ৰদেশত। ৰাজ্যখনৰ দেৱাছৰ চিভিল লাইন এলেকাত থকা অসামৰিক সেৱাৰ বিষয়া ত্ৰিলোচন গৌৰৰ চৰকাৰী আবাসত প্ৰৱেশ কৰিছিল চোৰ। ৰাজ্যখনৰ ৰাজধানী ভূপালৰ পৰা কিছু দূৰৰ ঠাইখনত সংঘটিত এই ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। কিয়নো চোৰ সোমোৱা ঘৰটো এগৰাকী উচ্চ পদস্থ বিষয়াৰ ঘৰ। তেওঁৰ ঘৰৰ এফালে আছে উপায়ুক্তৰ আবাস, আনফালে এগৰাকী বিধায়কৰ আবাস। আনহাতে আৰক্ষী অধীক্ষকৰ আবাসো এশ মিটাৰ আঁতৰত অৱস্থিত। তাৰ পাছতো এই হাই প্ৰফাইল ঘৰৰ প্ৰৱেশ কৰিলে চোৰে। আৰু চুৰি কৰাৰ পাছত সহকাৰী আয়ুক্ত ত্ৰিলোচন গৌৰক ৰ্ভৎসনাসূচকভাৱে দি গ’ল ‘ফ্ৰী এডভাইছ’। খাটেগাঁৱৰ এছডিএম হিচাপে কৰ্মৰত গৌৰক উদ্দেশ্যি চোৰে লিখিলে, যদি টকা পইচা নাছিল তলা মাৰি থৈ যাব নালাগিছিল নহয়, কালেক্টৰ…। কথাটো নোহোৱাও নহয়, ব্যস্ত চোৰে তেতিয়া অন্য ক’ৰ’বাত নিজৰ অভিযান চলাব পাৰিলেহেঁতেন! মিছা মিছি সময় চোৰৰ সময় নষ্ট কৰাৰ বাবে কিয় কালেক্টৰৰ ওপৰত খং নুঠিব চোৰ মহাশয়ৰ!


ইফালে, গৌৰৰ ঘৰৰ পৰা নগদ ৩০হাজাৰ টকা আৰু কিছু আ-অলংকাৰ চুৰি হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। পিছে, এই ৩০হাজাৰ টকাই মন জুৰাব নোৱাৰিলে চোৰৰ। সেইবাবে এছডিএমগৰাকীলৈ উপদেশ দি গ’ল চোৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক