--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘যদি টকা পইচা নাছিলেই তলা কিয় লগাইছিল…?’ চোৰৰ অতপালিৰ ঘটনা আমাৰ কাৰণে নতুন কথা নহয়। কিন্তু এইবাৰ চোৰে চুৰি কৰাই নহয়, বিচৰাধৰণে টকা-পইচা নাপাই গৃহস্থকে গালি পাৰি চিঠি লিখি থৈ যোৱাৰ এটা চাঞ্চল্যকৰ ঘটনা ঘটিছে

চুৰি কৰিবলৈ তলা ভাঙি ঘৰত সোমোৱা চোৰে যেতিয়া বিচৰাধৰণে টকা-পইচা নাপালে তেতিয়া যোৱাৰ সময়ত দুৱাৰত লিখি থৈ গ’ল, ‘যদি টকা-পইচা নাছিলেই তেন্তে ঘৰত তলা লগাব নালাগিছিল নহয়, কালেক্টৰ…’ । এই অভিমানী চোৰে কালেক্টৰ বুলি সম্বোধন কৰিছে ঘৰৰ গৃহস্থ তথা এগৰাকী সহকাৰী উপায়ুক্তক।

আৰক্ষী অধীক্ষকৰ আবাসো এশ মিটাৰ আঁতৰত অৱস্থিত


ঘটনাটো ঘটিছে মধ্যপ্ৰদেশত। ৰাজ্যখনৰ দেৱাছৰ চিভিল লাইন এলেকাত থকা অসামৰিক সেৱাৰ বিষয়া ত্ৰিলোচন গৌৰৰ চৰকাৰী আবাসত প্ৰৱেশ কৰিছিল চোৰ। ৰাজ্যখনৰ ৰাজধানী ভূপালৰ পৰা কিছু দূৰৰ ঠাইখনত সংঘটিত এই ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। কিয়নো চোৰ সোমোৱা ঘৰটো এগৰাকী উচ্চ পদস্থ বিষয়াৰ ঘৰ। তেওঁৰ ঘৰৰ এফালে আছে উপায়ুক্তৰ আবাস, আনফালে এগৰাকী বিধায়কৰ আবাস। আনহাতে আৰক্ষী অধীক্ষকৰ আবাসো এশ মিটাৰ আঁতৰত অৱস্থিত। তাৰ পাছতো এই হাই প্ৰফাইল ঘৰৰ প্ৰৱেশ কৰিলে চোৰে। আৰু চুৰি কৰাৰ পাছত সহকাৰী আয়ুক্ত ত্ৰিলোচন গৌৰক ৰ্ভৎসনাসূচকভাৱে দি গ’ল ‘ফ্ৰী এডভাইছ’। খাটেগাঁৱৰ এছডিএম হিচাপে কৰ্মৰত গৌৰক উদ্দেশ্যি চোৰে লিখিলে, যদি টকা পইচা নাছিল তলা মাৰি থৈ যাব নালাগিছিল নহয়, কালেক্টৰ…। কথাটো নোহোৱাও নহয়, ব্যস্ত চোৰে তেতিয়া অন্য ক’ৰ’বাত নিজৰ অভিযান চলাব পাৰিলেহেঁতেন! মিছা মিছি সময় চোৰৰ সময় নষ্ট কৰাৰ বাবে কিয় কালেক্টৰৰ ওপৰত খং নুঠিব চোৰ মহাশয়ৰ!


ইফালে, গৌৰৰ ঘৰৰ পৰা নগদ ৩০হাজাৰ টকা আৰু কিছু আ-অলংকাৰ চুৰি হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। পিছে, এই ৩০হাজাৰ টকাই মন জুৰাব নোৱাৰিলে চোৰৰ। সেইবাবে এছডিএমগৰাকীলৈ উপদেশ দি গ’ল চোৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক