--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজস্থানৰ ৰাজধানী জয়পুৰত ছ’চিয়েল মিডিয়াত চৰ্চিত আইআইটি বাবা ওৰফে অভয় সিঙৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ।

শিপৰা পাঠ আৰক্ষী থানাই তথ্য লাভ কৰিছিল যে বাবাই ৰিদ্ধি-সিদ্ধিৰ এখন হোটেলত থাকি তাত হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিছে।তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়, আৰু তালাচী কৰাত কোঠাৰ পৰা গাঁজা উদ্ধাৰ হয়। কিন্তু উদ্ধাৰ হোৱা গাঁজাৰ পৰিমাণ অতি কম আছিল, যাৰ বাবে ইয়াক নিম্নস্তৰৰ অপৰাধ বুলি গণ্য কৰা হয়। আৰক্ষীয়ে কঠোৰ নিৰ্দেশ দি বাবাক মুকলি কৰি দিয়ে।

আইআইটি বাবা অভয় সিঙে তেওঁৰ জন্মদিন উদযাপনৰ বাবে জয়পুৰত উপস্থিত হৈছিল আৰু এই সময়ছোৱাতে তেওঁ আত্মহত্যাৰ চেষ্টা কৰিছিল ৷ আত্মহত্যাৰ তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে জেৰা চলায় ৷ 

আৰক্ষীৰ এই কাৰ্যৰ বিষয়ে সোধাত অভয় সিঙে কয় যে কোনোবাদিনা সংবাদমেল পাতি গোটেই কাহিনীটো ক’ব।তেওঁ কয় ‘সকলো কথা এবাৰ ক’ম। একেটা কথা বাৰে বাৰে আওৰাই থকাটো উচিত নহয়।’

সংবাদ মাধ্যমৰ এক প্ৰশ্নৰ উত্তৰত আইআইটি বাবা অভয় সিঙে কয় যে আত্মহত্যা আৰু আটক কৰাৰ বাতৰি সম্পূৰ্ণ ভুৱা। ইয়াত সত্যটো হ’ল গাঞ্জা গোচৰত আৰক্ষীয়ে সেই অনুসৰি আইন প্ৰয়োগ কৰিছে। আৰক্ষী আহি জামিন মঞ্জুৰ কৰি গুচি গ’ল।

ছ’চিয়েল মিডিয়াত আত্মহত্যাৰ বিষয়ে লিখাৰ কথা সোধাত তেওঁ কয় যে মই লিখিছিলোঁ যে এতিয়া এই পৃথিৱীত কেৱল মহাদেৱেহে মোক ভাল পায়, আন কোনো নহয়।তেওঁ আগলৈ কয় যে তোমালোক সকলোৱে মোৰ পক্ষত নে মোৰ বিৰোধী, মই নাজানো। মই মাত্ৰ মহাদেৱৰ নিৰ্দেশ মানি চলিছো।

মহাকুম্ভৰ খ্যাতি অভয় সিং ওৰফে ‘আই আই টি বাবা’ক গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত শিপ্ৰা পাঠ আৰক্ষী থানাৰ চি অ’ ৰাজেন্দ্ৰ গোধাই কয় যে তেওঁ ৰিদ্ধি সিদ্ধি ছেক্সনত থাকি আত্মহত্যাৰ চেষ্টা চলাই থকাৰ তথ্য আমি লাভ কৰিছো। আমি তাত উপস্থিত হৈ তেওঁক লগ কৰি কথা পাতিলোঁ।

আৰক্ষী বিষয়াৰ মতে বাবাই কৈছিল যে মই গাঞ্জা খাওঁ আৰু তেওঁ গাঁজা খোৱাৰ পিছত নিশ্চয় এই কথা কৈছিল। তেওঁ নিজেই উলিয়াই আনি ক’লে যে তেওঁৰ হাতত গাঞ্জাৰ পেকেট এটা আছে। তেওঁলোকৰ হাতত গাঁজা ৰখাৰ কোনো অনুজ্ঞাপত্ৰ নাই ৷

শিপৰা পাঠ আৰক্ষী থানাৰ চি অ’ই কয় যে এন ডি পি এছ আইনৰ অধীনত এয়া অপৰাধ। গাঁজা জব্দ কৰি থিতাতে গ্ৰেপ্তাৰ কৰে দুয়োকে। লগতে তেওঁ কয় যে এইটো জামিনযোগ্য অপৰাধ কাৰণ তেওঁৰ হাতত গাঞ্জা আছিল অতি কম, গতিকে তেওঁক জামিনত মুকলি কৰি দিয়া হয়। যদি আদালতত চালান দাখিল কৰা হয় তেন্তে তেওঁলোকে হাজিৰ হ’ব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ