--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ইউনিফৰ্ম পিন্ধি ৰীল বনোৱাৰ অভিযোগত এগৰাকী মহিলা আৰক্ষী বিষয়াক নিলম্বন কৰা হৈছে। 

 

বিহাৰ আৰক্ষীৰ উপ পৰিদৰ্শক প্ৰিয়ংকা গুপ্তাই নিৰ্মাণ কৰা ৰীল ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতেই তেওঁক নিলম্বন কৰা হৈছে।


নিলম্বিত SI  প্ৰিয়ংকা গুপ্তা পূব চম্পাৰাণৰ পাহাৰপুৰ আৰক্ষী থানাত কৰ্মৰত আছিল।   প্ৰিয়ংকা গুপ্তাই কৰ্তব্যৰ সময়ত ৰীল বনোৱাৰ অভিযোগ বহুদিনীয়া। তেওঁ আৰক্ষীৰ ইউনিফৰ্ম পিন্ধি কেতিয়াবা গাড়ীৰ ভিতৰত কেতিয়াবা বেংকৰ ভিতৰত ৰীল বনাইছিল।


প্ৰিয়ংকা গুপ্তাই আৰক্ষী বিভাগৰ নিৰ্দেশনা মানি চলা নাছিল। কৰ্তব্যৰত অৱস্থাত আৰু আৰক্ষীৰ পোছাক পৰিধান কৰি কোনো ধৰণৰ ৰীল, ভিডিঅ’ ইত্যাদি তৈয়াৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিবলৈ বিহাৰৰ ডিজিপিয়ে নিৰ্দেশ দিছিল।  ইয়াৰ পিছতো লেডী ইন্সপেক্টৰ প্ৰিয়ংকা গুপ্তাই এই সকলোবোৰ অৱজ্ঞা কৰি ৰীল বনাই পোষ্ট কৰি আছিল।  প্ৰিয়ংকা গুপ্তা সকলো ছ’চিয়েল মিডিয়া প্লেটফৰ্মতে অতি সক্ৰিয় আছিল।  তেওঁৰ ফেচবুক প্ৰফাইলত ১২ হাজাৰৰো অধিক ফ’ল’ৱাৰ আছে।  প্ৰিয়ংকাৰ ৰীল বনোৱাৰ খক দিনক দিনে বাঢ়ি আহিছিল।  তেওঁ অহৰহ নতুন নতুন ৰীল সৃষ্টি কৰি আছিল।


 

এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত পূৱ চম্পাৰাণৰ এছ পি স্বৰ্ণ প্ৰভাতে এক বিবৃতি দিছে।  তেওঁ কয় যে "প্ৰিয়ংকা গুপ্তাক নিলম্বন কৰা হৈছে।  আৰক্ষী মুখ্য কাৰ্যালয়ে কঠোৰ নিৰ্দেশনা দিছে যে কোনো আৰক্ষী কৰ্মচাৰী বা বিষয়াই ইউনিফৰ্ম পিন্ধি ভিডিঅ’ নিৰ্মাণ কৰিব নালাগে আৰু কৰ্মৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰাটোও কঠোৰভাৱে নিষিদ্ধ। যদি তেওঁলোকে এনে কামত লিপ্ত হয় তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ