--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ 'মেৰা দেশ বদল ৰহা হ্যে, আগে বঢ় ৰহা হ্যে'… উন্নয়নশীল ভাৰতক কথাৰ ফুলজাৰিৰে উন্নতিৰ জখলাত ভাৰ্চুৱেলী শীৰ্ষাৰোহণ কৰাব চেষ্টা কৰি আছে চৰকাৰে। নদীৰ তলেৰে সুৰংগ বনোৱাৰ পৰা গুৱাহাটীত 'টুইন টাৱাৰ' বনোৱালৈকে কিমান যে অলৌকিক প্ৰতিশ্ৰুতি! অথচ মাটিৰ ওপৰেৰে খোজকাঢ়ি যাবলৈ ৰাস্তা নাই।

বিবাহ - এগৰাকী ছোৱালীৰ সপোন বিবাহ। আপোন ঘৰখন এৰি বিবাহিত হৈ অন্য এখন ঘৰ ধৰিবলৈ আকুল প্ৰতিগৰাকী নাৰী। কিন্তু কি পৰিস্থিতিত বিবাহৰ বাবে অমান্য হ'ব পাৰে এগৰাকী ছোৱালী! এয়া কোনো যৌতুকৰ চাপ নহয়, এয়া চলন-ফুৰণৰ সংগ্ৰাম। ধূলি-বালি, হাৱা-পানী খাই ডঙৰ হোৱা গাঁৱখনত নাই আহ-যাহৰ বাবে এটা পথ। সাহসী পথ ল'লে যুৱতীয়ে, ল'লে যুগান্তকাৰী সিদ্ধান্ত। কৰ্ণাটকৰ দেৱনাগিৰি জিলাৰ এগৰাকী ২৬ বছৰীয়া জুৱতীয়ে চিঠি লিখিলে মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাইলৈ। গাঁৱত পথ নিৰ্মাণ নোহোৱালৈ বিয়াত নবহাৰ সিদ্ধান্ত জনালে।

দেবনাগিৰি বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ স্নাতক যুৱতীগৰাকী পেছাত এগৰাকী শিক্ষয়িত্ৰী। তেওঁ জনোৱামতে তেওঁৰ গাঁৱত কোনো পথ বা বাছৰ সুবিধা নাই। বিদ্যালয়লৈ যাবলৈ দৈনিক ১৪ কিঃমিঃ খোজকাঢ়িব লাগে যাৰ বাবে যথেষ্ট সংখ্যক মহিলাই শিক্ষাত্যাগ কৰিবলগীয়া হয় বুলি বিন্দু নামৰ যুৱতীগৰাকীয়ে জনায়। যুৱতীগৰাকীৰ এই জনহিতৈসী সাহসী পদক্ষেপৰ পাছত জিলাখনৰ প্ৰশাসনিক বিষয়ববীয়াই গাঁৱখন পৰিদৰ্শন কৰে। পৰবৰ্তী সময়ত চৰকাৰে কি পদক্ষেপ লয় সেয়া লক্ষণীয় হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?