--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১সংখ্যক জন্মদিন। শাসকীয় বিজেপি দলে মহা আড়ম্বেৰে পালন কৰিছে প্ৰধানমন্ত্ৰীৰ জন্মদিন। তিনি সপ্তাহজোৰা মেগা আয়োজনেৰে প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন পালন আৰম্ভ কৰিছে বিজেপিয়ে। ২০০১চনৰ ৭ অক্টোবৰত গুজৰাটক মুখ্যমন্ত্ৰীৰ আসনত বহাৰে পৰা এতিয়ালৈ মোদীৰ কুৰি বছৰজোৰা শাসকীয় জীৱনক চিহ্নিত কৰাৰ বাবেই এই কুৰিদিনীয়া আয়োজন কৰা হৈছে। দেশজুৰি চলোৱা হৈছে টিকাকৰণ অভিযান, পৰিৱেশ সজাগতা, চফাই অভিযান আদি অনেক কাৰ্যসূচী। শুভেচ্ছা আৰু কুশলবাৰ্তাৰে ওপচাই দিয়া হৈছে জনপ্ৰিয় নেতাগৰাকীক। পিছে এই মোদী বন্দনাৰ মাজতে দেশত আন এক অভিযানো চলিল মোদীৰ জন্মদিনটোত। বিজেপিৰ ‘সেৱা সম্পৰ্ক অভিযান’ৰ সমান্তৰালভাৱে বিৰোধী দল কংগ্ৰেছে এই দিনটোক ৰাষ্ট্ৰীয় নিবনুৱা দিৱসৰ ৰূপ দি পালন কৰিলে।

টুইটাৰত ট্ৰেণ্ড হৈ পৰিল #NationalUnemploymentDay. এই কথা কাৰো অবিদিত নহয় যে, দেশৰ বিস্ফোৰিত নিবনুৱা সমস্যাৰ বাবে বিৰোধী মোদী নেতৃত্বাধীন বিজেপি চৰকাৰকে দায়ী কৰি আহিছে। ক’ভিড পৰিস্থিতিয়ে এই সমস্যাক অধিক গাঢ় কৰি তুলিছে। এনে পৰিস্থিতিৰ মাজতে কুৰিদিনীয়া জন্মদিন পালনক সহজভাৱে লোৱা নাই বিৰোধী দলটোৱে। যুৱ কংগ্ৰেছৰ মুৰব্বী শ্ৰীনিবাস বিভি-এ এলানি টুইটৰ জৰিয়তে তীব্ৰ সমালোচনা কৰিছে প্ৰধানমন্ত্ৰী মোদীক। তেওঁ লিখিছে, ‘দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে কেনে এক লজ্জাজনক জন্মদিন এয়া। দেশবাসীয়ে তেওঁক ৰাষ্ট্ৰীয় নিবনুৱা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি আছে।‘ যুৱ কংগ্ৰেছৰ নেতাগৰাকীয়ে নিবনুৱা সমস্যাৰ বৰ্ধিত ৰূপ, ইন্ধনৰ দামবৃদ্ধি, বিকাশৰ স্থবিৰতৰ গতি আদিৰ প্ৰসংগ উত্থাপন কৰি মোদীক এলানি টুইটেৰে সমালোচনা কৰে।

উল্লেখ্য যে, কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়েও এনেবোৰ বিষয় লৈ মোদীক ধাৰাবাহিকভাৱে সমালোচনা কৰি আহিছে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শুকুৰবাৰে এশাৰীৰ এটা টুইটেৰে শুভেচ্ছা জ্ঞাপন কৰি যদিও ৰাষ্ট্ৰীয় বেৰোজগাৰ দিৱসৰ প্ৰসংগ উত্থাপনেৰে তেওঁ বিজেপিক সমালোচনা কৰিবলৈও পাহৰা নাই। ৰাহুলে আন এটা টুইটত লিখিছে, ‘যদি বিজেপিয়ে জনতাৰ কাৰণে কাম কৰিলেহেঁতেন, তেওঁলোকৰ বন্ধুবৰ্গৰ কাৰণে নহয়, তেতিয়াহ’লে ৰাষ্ট্ৰীয় বেৰোজগাৰ দিৱস পালনৰ প্ৰয়োজনেই নহ’লহেঁতেন।’ আনহাতে যুৱ কংগ্ৰেছৰ নেতাগৰাকীয়ে ৪৫বছৰৰ ভিতৰতে শোচনীয় নিয়োগৰ সুবিধা, ৪০ বছৰৰ ভিতৰতে সৰ্বনিম্ন জিডিপিৰ বিকাশ, বিগত ১৪ বছৰত কৃষি খণ্ডৰ আয় নিম্নতম হোৱা, ২০ লাখ কোটিৰ জুমলা পেকেজ, ১৫০ নিযুত নিয়োগ হ্ৰাস, ১১০টকীয়া পেট্ৰেল, ১০০টকাৰ অধিক দামৰ ডিজেল আদিৰ প্ৰসংগ উত্থাপন কৰি মোদী চৰকাৰৰ সমালোচনা কৰে।

এনেবোৰ ইছ্যু লৈয়েই দেশজুৰি যুৱ কংগ্ৰেছে ৰাষ্ট্ৰীয় নিবনুৱা দিৱসো পালন কৰে। মন কৰিবলগীয়া কথাটো হৈছে যুৱ কংগ্ৰেছৰ নেতাগৰাকীৰ মতে আজি মোদীৰ জন্মদিনৰ শুভেচ্ছা জনোৱা টুইটৰ সমানে সমানে ৰাষ্ট্ৰীয় নিবনুৱা দিৱসৰ শুভেচ্ছা জনোৱা টুইটেও শীৰ্ষ স্থান দখল কৰিছে। আজিৰ দিনটোত টুইটাৰত #ৰাষ্ট্ৰীয় বেৰোজগাৰ দিৱস আৰু #NationalUnemploymentDay দ্বিতীয় আৰু তৃতীয় স্থানত ট্ৰেণ্ডিং ইছ্যু হোৱা বুলিও তেওঁ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি প্ৰকাশ কৰিছে। মোদীৰ এই ৭১ সংখ্যক জন্মদিনত এফালে শাসকীয় দল তথা অনুৰাগীৰ মোদী বন্দনা আৰু বিপৰীতে বিৰোধী দলৰ মোদী ৰ্ভৎসনাৰ এই সমান্তৰাল ট্ৰেণ্ডে বিশেষ তাৎপৰ্য বহন কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান