--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১সংখ্যক জন্মদিন। শাসকীয় বিজেপি দলে মহা আড়ম্বেৰে পালন কৰিছে প্ৰধানমন্ত্ৰীৰ জন্মদিন। তিনি সপ্তাহজোৰা মেগা আয়োজনেৰে প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন পালন আৰম্ভ কৰিছে বিজেপিয়ে। ২০০১চনৰ ৭ অক্টোবৰত গুজৰাটক মুখ্যমন্ত্ৰীৰ আসনত বহাৰে পৰা এতিয়ালৈ মোদীৰ কুৰি বছৰজোৰা শাসকীয় জীৱনক চিহ্নিত কৰাৰ বাবেই এই কুৰিদিনীয়া আয়োজন কৰা হৈছে। দেশজুৰি চলোৱা হৈছে টিকাকৰণ অভিযান, পৰিৱেশ সজাগতা, চফাই অভিযান আদি অনেক কাৰ্যসূচী। শুভেচ্ছা আৰু কুশলবাৰ্তাৰে ওপচাই দিয়া হৈছে জনপ্ৰিয় নেতাগৰাকীক। পিছে এই মোদী বন্দনাৰ মাজতে দেশত আন এক অভিযানো চলিল মোদীৰ জন্মদিনটোত। বিজেপিৰ ‘সেৱা সম্পৰ্ক অভিযান’ৰ সমান্তৰালভাৱে বিৰোধী দল কংগ্ৰেছে এই দিনটোক ৰাষ্ট্ৰীয় নিবনুৱা দিৱসৰ ৰূপ দি পালন কৰিলে।

টুইটাৰত ট্ৰেণ্ড হৈ পৰিল #NationalUnemploymentDay. এই কথা কাৰো অবিদিত নহয় যে, দেশৰ বিস্ফোৰিত নিবনুৱা সমস্যাৰ বাবে বিৰোধী মোদী নেতৃত্বাধীন বিজেপি চৰকাৰকে দায়ী কৰি আহিছে। ক’ভিড পৰিস্থিতিয়ে এই সমস্যাক অধিক গাঢ় কৰি তুলিছে। এনে পৰিস্থিতিৰ মাজতে কুৰিদিনীয়া জন্মদিন পালনক সহজভাৱে লোৱা নাই বিৰোধী দলটোৱে। যুৱ কংগ্ৰেছৰ মুৰব্বী শ্ৰীনিবাস বিভি-এ এলানি টুইটৰ জৰিয়তে তীব্ৰ সমালোচনা কৰিছে প্ৰধানমন্ত্ৰী মোদীক। তেওঁ লিখিছে, ‘দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে কেনে এক লজ্জাজনক জন্মদিন এয়া। দেশবাসীয়ে তেওঁক ৰাষ্ট্ৰীয় নিবনুৱা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি আছে।‘ যুৱ কংগ্ৰেছৰ নেতাগৰাকীয়ে নিবনুৱা সমস্যাৰ বৰ্ধিত ৰূপ, ইন্ধনৰ দামবৃদ্ধি, বিকাশৰ স্থবিৰতৰ গতি আদিৰ প্ৰসংগ উত্থাপন কৰি মোদীক এলানি টুইটেৰে সমালোচনা কৰে।

উল্লেখ্য যে, কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়েও এনেবোৰ বিষয় লৈ মোদীক ধাৰাবাহিকভাৱে সমালোচনা কৰি আহিছে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শুকুৰবাৰে এশাৰীৰ এটা টুইটেৰে শুভেচ্ছা জ্ঞাপন কৰি যদিও ৰাষ্ট্ৰীয় বেৰোজগাৰ দিৱসৰ প্ৰসংগ উত্থাপনেৰে তেওঁ বিজেপিক সমালোচনা কৰিবলৈও পাহৰা নাই। ৰাহুলে আন এটা টুইটত লিখিছে, ‘যদি বিজেপিয়ে জনতাৰ কাৰণে কাম কৰিলেহেঁতেন, তেওঁলোকৰ বন্ধুবৰ্গৰ কাৰণে নহয়, তেতিয়াহ’লে ৰাষ্ট্ৰীয় বেৰোজগাৰ দিৱস পালনৰ প্ৰয়োজনেই নহ’লহেঁতেন।’ আনহাতে যুৱ কংগ্ৰেছৰ নেতাগৰাকীয়ে ৪৫বছৰৰ ভিতৰতে শোচনীয় নিয়োগৰ সুবিধা, ৪০ বছৰৰ ভিতৰতে সৰ্বনিম্ন জিডিপিৰ বিকাশ, বিগত ১৪ বছৰত কৃষি খণ্ডৰ আয় নিম্নতম হোৱা, ২০ লাখ কোটিৰ জুমলা পেকেজ, ১৫০ নিযুত নিয়োগ হ্ৰাস, ১১০টকীয়া পেট্ৰেল, ১০০টকাৰ অধিক দামৰ ডিজেল আদিৰ প্ৰসংগ উত্থাপন কৰি মোদী চৰকাৰৰ সমালোচনা কৰে।

এনেবোৰ ইছ্যু লৈয়েই দেশজুৰি যুৱ কংগ্ৰেছে ৰাষ্ট্ৰীয় নিবনুৱা দিৱসো পালন কৰে। মন কৰিবলগীয়া কথাটো হৈছে যুৱ কংগ্ৰেছৰ নেতাগৰাকীৰ মতে আজি মোদীৰ জন্মদিনৰ শুভেচ্ছা জনোৱা টুইটৰ সমানে সমানে ৰাষ্ট্ৰীয় নিবনুৱা দিৱসৰ শুভেচ্ছা জনোৱা টুইটেও শীৰ্ষ স্থান দখল কৰিছে। আজিৰ দিনটোত টুইটাৰত #ৰাষ্ট্ৰীয় বেৰোজগাৰ দিৱস আৰু #NationalUnemploymentDay দ্বিতীয় আৰু তৃতীয় স্থানত ট্ৰেণ্ডিং ইছ্যু হোৱা বুলিও তেওঁ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি প্ৰকাশ কৰিছে। মোদীৰ এই ৭১ সংখ্যক জন্মদিনত এফালে শাসকীয় দল তথা অনুৰাগীৰ মোদী বন্দনা আৰু বিপৰীতে বিৰোধী দলৰ মোদী ৰ্ভৎসনাৰ এই সমান্তৰাল ট্ৰেণ্ডে বিশেষ তাৎপৰ্য বহন কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক